ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

author img

By

Published : Oct 19, 2020, 3:45 PM IST

বিশ্বত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 4,02,81,080 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 অক্টোবৰ: বিশ্বজুৰি কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 4,02,81,080 গৰাকী লোকলৈ ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 11,18,326 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত 3,01,16,228 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

উল্লেখ্য যে, কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 83,87,799 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে, মত্যুক সাৱটি লৈছে 2,24,730 গৰাকী লোকে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে 18 চেপ্তেম্বৰত কৈছিল যে, মাৰ্কিন যুক্তৰাষ্ট্ৰই 2021 বৰ্ষৰ এপ্ৰিল মাহলৈ প্ৰতিগৰাকী আমেৰিকানৰ বাবে পৰ্যাপ্ত কৰ'ণাৰ প্ৰতিষেধক উৎপাদন কৰিব ৷

সম্প্ৰতি ইংলেণ্ডত কৰ'ণা আক্ৰান্ত লোকে নিজাববীয়াকৈ আইচ'লেশ্যনত থাকিব পাৰিব ৷ যদিহে কোনো লোকে COVID প্ৰট'কল উলংঘন কৰে তেন্তে তেওঁৰ 1000 পাউণ্ডৰ পৰা 10000 পাউণ্ড পৰ্যন্ত জৰিমণা হ'ব পাৰে ৷

লগতে পঢ়ক: হায়দৰাবাদ বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ আছাদউদ্দিন অৱেছিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.