ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য

পৃথিৱীৰ ভিন্ন দেশত কৰ'ণা মহামাৰী সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

কৰ'ণা মহামাৰী
কৰ'ণা মহামাৰী
author img

By

Published : Jul 13, 2020, 12:59 PM IST

নিউজ ডেস্ক, 13 জুলাইঃ চীন দেশত উদ্ভৱ হোৱা কৰ'ণা মহামাৰীৰ সম্প্ৰসাৰণে সমগ্ৰ দেশৰে আৰ্থ-সামাজিক পটভূমিলৈ কঢ়িয়াই আনিছে মন্দাৱস্থা । এই মহামাৰীৰ ফলত নিম্নগামী হৈছে পৃথিৱীৰ প্ৰায় সকলো দেশৰে অৰ্থনৈতিক অৱস্থা । নিবনুৱা হৈছে ভিন ভিন কৰ্মত নিয়োজিত হৈ থকা লক্ষ লক্ষ লোক । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত চীন দেশত সম্প্ৰসাৰণ হোৱা এই মহামাৰীৰ সংখ্যাই সম্প্ৰতি সমগ্ৰ পৃথিৱীতে অতিক্ৰম কৰিলে 1,30,27,844 লৈ ।

পৃথিৱীৰ ভিন্ন দেশত কৰ'ণা মহামাৰী সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি

আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ 13 জুলাইলৈ মৃত্যুক সাৱটি লৈছে মুঠ 5,71,076 গৰাকী লোকে । সোমবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে মুঠ 3,502 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক । এই পৰ্যন্ত কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ হাৰ আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত । তাৰ পিচতেই এই মহামাৰী সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ভাৰত । সমান্তৰালকৈ পেৰু, ৰাছিয়া আদি দেশতো বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য

লগতে পঢ়কঃ ৰাজ্যত পুনৰ 735গৰাকীৰ দেহত ধৰা পৰিল কোভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.