ইন্টাৰনেশ্যনেল ডেস্ক, 6 জানুৱাৰী : চীনা সৈন্যই দেওবাৰে ভাৰত সীমান্তৰ তিব্বতত সামৰিক অনুশীলন চলায় ৷ এই সামৰিক অনুশীলনত চীনা সৈন্যৰ অত্যাধুনিক যুদ্ধ সা-সৰঞ্জামৰ প্ৰদৰ্শন কৰা হয়৷ '15 লাইট বেটল টেংক' আৰু 'নিউ 155-MM ভেহিকল মাউন্টেড' টোপৰ দৰে অত্যাধুনিক সা-সৰঞ্জামৰ ব্যৱহাৰ কৰা হয় ৷
দা পিপলছ লিবাৰেছন আৰ্মী (The People's Liberation Army) তিব্বত মিলিটাৰী কমাণ্ডে নতুন বছৰৰ আৰম্ভণিতে অনুষ্ঠিত কৰা এই অনুশীলনত হেলিকপ্টাৰ,অস্ত্ৰ-শস্ত্ৰসহ বৃহৎ বাহন,টোপ আৰু এন্টি এয়াৰক্ৰাফ্ট মিছাইল ব্যৱহাৰ কৰে ৷ তিব্বতৰ ৰাজধানী লাছা অঞ্চলত এই অনুশীলনৰ সফল সম্পাদন কৰা হয় ৷
উল্লেখ্য যে, ভাৰত-চীন সীমান্ত ৰেখা(LAC) 3,488 কি.মি. ব্যাপী অৰুণাচল প্ৰদেশ আৰু ছিক্কিম সীমান্তৰ মাজেৰে গৈছে ৷ আনহাতে,চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ এটা অংশ হিচাপে দাবী কৰি আহিছে ৷ তথ্য অনুসৰি,যোৱা বছৰৰ 1 অক্টোবৰত ৰাষ্ট্ৰীয় দিৱসৰ মিলিটাৰী পেৰেডৰ দিনা যিসমূহ টেংকাৰ আৰু টোপ প্ৰদৰ্শন কৰা হৈছিল সেই সকলোবোৰ পাহাৰীয়া অঞ্চলৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছে আৰু সীমান্ত অঞ্চলৰ সুৰক্ষাত এই সা-সৰঞ্জামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
অনুশীলনত চীনে ব্যৱহাৰ কৰা 15 টেংক হৈছে বৰ্তমানেও কাৰ্যক্ষম হৈ থকা বিশ্বৰ সকলোতকৈ কম ওজনৰ আধুনিক টেংক আৰু ইয়াৰ সৈতে সংলগ্ন হৈ আছে 105 মিলিমিটাৰৰ টোপ আৰু উন্নত প্ৰযুক্তিসম্পন্ন ছেন্সৰ ৷ আনহাতে,ছয় চকীয়া 155 মিলিমিটাৰৰ ভেহিকেল মাউন্টেড টোপ হৈছে উচ্চ ক্ষমতাসম্পন্ন আৰু তীব্ৰ বেগী তথা সহজে মোতায়েন কৰিব পৰা অস্ত্ৰ ৷
আৰু পঢ়ক : দিল্লী নিৰ্বাচনৰ দিন ধাৰ্য নিৰ্বাচনী আয়োগৰ