ETV Bharat / international

সীমান্ত বিবাদ : ভাৰতৰে বৈঠকৰ বাবে অপেক্ষাৰত নেপাল - ভাৰত-নেপাল সীমান্ত বিবাদ

The Associated Press ৰ সৈতে এক সাক্ষাৎকাৰত প্ৰদীপ গ্যাৱালিয়ে কয় যে, যোৱা বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰত আৰু এই বছৰৰ মে' মাহত আলোচনাৰ বাবে অনুৰোধ জনোৱা হৈছিল ৷

সীমান্ত বিবাদ
ভাৰতৰে বৈঠকৰ বাবে অপেক্ষাৰত নেপাল
author img

By

Published : Jun 10, 2020, 8:33 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 10 জুন : নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গ্যাৱালিয়ে মঙলবাৰে মন্তব্য কৰে যে, দেশখনে ভাৰতৰ সৈতে আলোচনাত অংশগ্ৰহণৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ সীমান্তত সৃষ্টি হোৱা উদ্বিগ্নতাৰ ফলস্বৰূপে এই আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালে ৷

The Associated Press ৰ সৈতে এক সাক্ষাৎকাৰত প্ৰদীপ গ্যাৱালিয়ে কয় যে, যোৱা বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰত আৰু এই বছৰৰ মে' মাহত আলোচনাৰ বাবে অনুৰোধ জনোৱা হৈছিল ৷

ভাৰতৰে বৈঠকৰ বাবে অপেক্ষাৰত নেপাল

গ্যাৱালিয়ে কয়, "এই সমস্যাসমূহ সমাধানৰ বাবে নেপালে আলোচনাত বহিব বিচাৰে বুলি আমি পুনৰ ক'ব বিচাৰিম ৷"

তেওঁ কয়, "আমি আনুষ্ঠানিক বাৰ্তালাপৰ বাবে অপেক্ষা কৰি আছো যাতে এই দুই দেশে এনে এক প্ৰেৰণাদায়ক সম্বন্ধ সৃষ্টি কৰিব পাৰে যাৰ দ্বাৰা 21 শতিকাৰ সকলো প্ৰয়োজনীয়তা পূৰণ হয় ৷"

উল্লেখ্য যে, যোৱা মাহত হিমালয়ৰ সৈতে সংলগ্ন এক পথত ভাৰতে লিপু লেখ হিমালয়ান পাছৰ উদঘাটন কৰাৰ পাচতে দুই দেশৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল ৷

80 কিল'মিটাৰ দৈৰ্ঘৰ এই পথৰ নিৰ্মাণ উদঘাটন কৰিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ এই পথটো ভাৰত আৰু চীনৰ মাজৰ আটাইতকৈ চুটি পথ হিচাপে গণ্য কৰা হৈছে ৷ এই পাছৰ উদঘাটনৰ পাচতে ক্ষু্ণ্ণ হৈ পৰে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ৷

প্ৰধানমন্ত্ৰী খাদগা প্ৰসাদ শৰ্মা অলি নেতৃত্বাধীন চৰকাৰে নেপালৰ এখন নতুন ৰাজনৈতিক মেপ প্ৰকাশ কৰে আৰু বিবাদিত এলেকাতো নেপালৰ সীমান্তৰ ভিতৰত বুলি জনায় ৷

আনহাতে, সূত্ৰৰ পৰা প্ৰকাশ পোৱা অনুসৰি, কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস শাম নকটা পৰ্যন্ত ভাৰতে নেপালৰ সৈতে কোনো ধৰণৰ আলোচনা কৰিব নিবিচাৰে ৷

গ্যাৱালিয়ে কয়, "যদি কৰ'ণা ভাইৰাছৰ বাবে ভাৰতে আলোচনাত বহিব বিচৰা নাই তেন্তে সংলগ্ন পথ নিৰ্মাণতো কৰ'ণা ভাইৰাছৰ বাবে বাধাৰ সৃষ্টি হ'ব লাগিছিল ৷"

লগতে পঢ়ক : তিনি হাজাৰ অতিক্ৰম কৰিলে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.