ETV Bharat / international

ধৰ্মান্তৰকৰণ প্ৰসংগ : ভুক্তভোগীক আশ্ৰয় গৃহলৈ প্ৰেৰণৰ নিৰ্দেশ পাক আদালতৰ

author img

By

Published : Nov 2, 2020, 9:18 PM IST

পাকিস্তানত আৰ্জু নামৰ এগৰাকী কিশোৰীক খ্ৰীষ্টানৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত কৰা ঘটনাৰ পাচতে ভুক্তভোগীগৰাকীক দেওবাৰে সিন্ধ উচ্চ ন্যায়ালয়ে আশ্ৰয় গৃহত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ এই তথ্য প্ৰদান কৰে পাকিস্তানৰ মানৱ অধিকাৰ মন্ত্ৰী শিৰিন মাজাৰীয়ে ৷

ভূক্তভোগীক আশ্ৰয় গৃহলৈ প্ৰেৰণৰ নিৰ্দেশ পাক আদালতৰ
ধৰ্মান্তৰকৰণ প্ৰসংগ

ইন্টাৰনেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : পাকিস্তানত আৰ্জু নামৰ এগৰাকী কিশোৰীক খ্ৰীষ্টানৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত কৰা ঘটনাৰ পাচতে ভুক্তভোগীগৰাকীক দেওবাৰে সিন্ধ উচ্চ ন্যায়ালয়ে আশ্ৰয় গৃহত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ এই তথ্য প্ৰদান কৰে পাকিস্তানৰ মানৱ অধিকাৰ মন্ত্ৰী শিৰিন মাজাৰীয়ে ৷

উল্লেখ্য যে, কৰাছীত 13 বৰ্ষীয় খ্ৰীষ্টিয়ান কিশোৰী আৰ্জু ৰাজাক বলপূৰ্বক ইছলামলৈ ধৰ্মান্তৰিত কৰি বিবাহপাশত আৱদ্ধ হৈছিল 44 বৰ্ষীয় আলী আজহাৰ ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে বহু মানৱ অধিকাৰ সংগঠনে ন্যায়ৰ দাবী জনাইছিল ৷

মাজাৰীয়ে টুইটাৰৰ জৰিয়তে কয়, "কিশোৰীগৰাকীক আৰক্ষী আৰু কিছু সংগঠনে উদ্ধাৰ কৰিছে আৰু আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰিছে বুলি ন্যায়ালয়ে জানিবলৈ দিয়ে ৷ বৃহস্পতিবাৰে পুৱা পুনৰ শুনানি গ্ৰহণ কৰা হ'ব ৷ মোৰ তৰফৰ পৰা এজন মধ্যস্থতাকাৰী উপস্থিত থাকিব বুলি মোৰ উকীলে ন্যায়ালয়ক জানিবলৈ দিছে ৷"

উল্লেখ্য যে, আৰ্জুক ইছলামলৈ ধৰ্মান্তৰিত কৰি বিবাহপাশত আৱদ্ধ কৰিছিল অপহৰণকাৰী আলি আজগৰে ৷ Human Rights Focus Pakistan (HRFP) ৰ অধ্যক্ষ নভিদ ৱাল্টাৰে কয়, "যুৱতীগৰাকীক একেদিনাই অপহৰণ, ধৰ্মান্তৰিত কৰি বিবাহ কৰাৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ আহিছে আৰু আৰ্জুৰ সৈতেও একে ঘটনা সংঘটিত হয় ৷"

সিন্ধ উচ্চ ন্যায়ালয়ত জমা কৰা প্ৰ-পত্ৰত আৰ্জুৰ বয়স সলনি কৰি 18 বছৰ কৰাৰ লগতে নিজ ইচ্ছাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰি বিবাহপাশত বহা বুলি উল্লেখ কৰা হৈছে ৷ আৰ্জুৰ মাতৃ ৰিতাই জানিবলৈ দিয়া অনুসৰি, প্ৰ-পত্ৰত আৰ্জুৰ ফটোখনো সলনি কৰি দিয়া হৈছে ৷

আৰ্জু বিবাহপাশত আৱদ্ধ হ'ব পৰা বয়স হোৱা বুলি মন্তব্য কৰা আদালতৰ বিচাৰকগৰাকীৰ কঠোৰ সমালোচনা কৰে লণ্ডনস্থিত অনিলা গুলজাৰ, পাকিস্তানৰ সংখ্যালঘুৰ ন্যায় (Justice for Minorities in Pakistan) নামৰ সংস্থাৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক : কাইলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন : কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.