ETV Bharat / international

পাকিস্তানত হিন্দু মন্দিৰত অগ্নিসংযোগ - হিন্দু মন্দিৰত অগ্নিসংযোগ

পাকিস্তানত সংঘটিত হৈছে এক ধৰ্মীয় সংঘাতৰ ঘটনা ৷ এজন হিন্দু ধৰ্মৰ সাধকক আক্ৰমণ কৰি মন্দিৰ ভাঙি লণ্ড-ভণ্ড কৰিলে এটি বিশেষ ধৰ্মৰ প্ৰায় এহেজাৰ স্থানীয় লোকে ৷ ঘটনাৰ সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভিডিঅ' বিয়পি পৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

angry mob vandalizes hindu saints shrine in pakistan
পাকিস্তানত হিন্দু মন্দিৰত অগ্নিসংযোগ
author img

By

Published : Dec 31, 2020, 12:55 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ: পাকিস্তানৰ খেৱাৰ পাখতুংখা প্ৰদেশৰ কাৰাক জিলাত সংঘটিত হৈছে এক ধৰ্মীয় সংঘাতৰ ঘটনা ৷ এজন হিন্দু ধৰ্মৰ সাধকক আক্ৰমণ কৰি মন্দিৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ ঘটনা সংঘটিত হৈছে ৷ এটি বিশেষ ধৰ্মৰ প্ৰায় এহেজাৰ স্থানীয় লোকে মন্দিৰটো সেই স্থানৰ পৰা আতৰাবলৈ দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল বুলি স্থানীয় লোকে জনাই ৷

1920 চনৰ আগতে স্থাপন হোৱা ঐতিহাসিক মন্দিৰটো পৰিচালনা কৰি আহিছিল গাঁওখনৰে এটি হিন্দু পৰিয়ালে ৷ সেই পৰিয়ালটিকো বাৰে বাৰে বিশেষ ধৰ্মৰ লোক সকলে মন্দিৰটো তাৰ পৰা আতৰাবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ অৱশেষত একাংশ লোকে মন্দিৰটোত অগ্নি সংযোগ কৰাৰ লগতে পৰিয়ালটোৰ ঘৰতো অগ্নি সংযোগ কৰে ৷ কিন্তু সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব দিয়া নাছিল ৷

লগতে পঢ়ক: উধমপুৰ-বাৰামুলা ৰে’ল সংযোগী প্ৰকল্পৰ বাবে 2022 বৰ্ষৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ

কেইদিন পাচত বিভিন্ন সামাজিক মাধ্যমত ভিডিঅ' বিয়পি পৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ হিন্দু ধৰ্মৰ ধৰ্মীয় স্থানত অগ্নি সংযোগ কৰা দৃশ্য দেখি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে যদিও কোনো এজন অভিযুক্তক আটক কৰিব সক্ষম হোৱা নাই ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও 1997 চনতো পাকিস্তানত মন্দিৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷ তাৰ পাচত চুপ্ৰিম ক'ৰ্টৰ নিৰ্দেশ অনুসৰি 2015 চনত পুনৰ মন্দিৰ স্থাপন কৰা হৈছিল ৷ পুনৰ এই ঘটনাৰ সৈতে এতিয়ালৈকে এনে ঘটনা দুবাৰ সংঘটিত হ'ল পাকিস্তানত ৷

পাকিস্তানৰ কেন্দ্ৰীয় মানৱ অধিকাৰ মন্ত্ৰী শ্ৰেৰিন মাজাৰিয়ে এই ঘটনাৰ গৰিহনা দি দোষীক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰ হিচাপে আমাৰ সকলো নাগৰিকক আৰু তেওঁলোকৰ ধৰ্মক সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব আছে,সেয়েহে এই ঘটনাৰ লগত জৰিত লোকক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব লাগে ৷

লগতে পঢ়ক: এডেন বিমানবন্দৰৰ বিস্ফোৰণত নিহত 25,আহত 110

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.