ETV Bharat / international

কৰ'ণাৰ বিভীষিকা: বিশ্বজুৰি মৃত্যুৰ সংখ্যা 2 লাখ 3 হাজাৰৰ অধিক - কৰণা ভাইৰাচৰ উপস্থিতি

আমেৰিকাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে Covid 19 আক্ৰান্ত ব্যক্তিৰ সংখ্যা৷ বৰ্তমানলৈকে 9 লাখ 60 হাজাৰৰ অধিক ব্যক্তিৰ দেহত এই ভাইৰাছৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে প্ৰায় 54 হাজাৰ লোকৰ ৷ আনহাতে,ভাৰততো প্ৰতিদিনে শ শ লোকৰ দেহত সংক্ৰমিত হৈছে কৰ'ণাৰ বীজাণু ৷ এতিয়ালৈকে দেশখনত 26 হাজাৰৰো অধিক লোক Covid 19 ত আক্ৰান্ত হৈছে ৷

Worldwide coronavirus death toll passes 2 lakhs
বিশ্বজুৰি মৃত্যুৰ সংখ্যা 2 লাখ 3 হাজাৰৰ অধিক
author img

By

Published : Apr 26, 2020, 11:15 AM IST

ইণ্টাৰনেশ্যনেল ডেক্স, 26 এপ্ৰিলঃ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে মহামাৰী কৰ'ণাই ৷ প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে Covid-19 আক্ৰান্ত লোকৰ সংখ্যা ৷ বিশ্বৰ প্ৰায় 210 খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এই মহামাৰীৰ কবলত পৰিছে ৷ এইপৰ্যন্ত বিশ্বজুৰি 29 লাখ 21 হাজাৰলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে, এই মহামাৰীত মৃত্যু মুখত পৰা লোকৰ সংখ্যা 2 লাখ 3 হাজাৰ অতিক্ৰম কৰিছে ৷ তদুপৰি এই ৰোগত আক্ৰান্ত প্ৰায় 8,36,978 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহৰ ভিতৰত আমেৰিকাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে Covid 19 আক্ৰান্ত ব্যক্তিৰ সংখ্যা৷ একপ্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত হৈছে আমেৰিকা ৷ বৰ্তমানলৈকে 9 লাখ 60 হাজাৰৰ অধিক ব্যক্তিৰ দেহত এই ভাইৰাছৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে প্ৰায় 54 হাজাৰ লোকৰ ৷

ইয়াৰ উপৰি,স্পেইন,ইটালী,ফ্ৰান্স আৰু ইংলেণ্ডতো কৰ'ণাৰ বিভীষিকা ৷ আমেৰিকাৰ সমান্তৰালকৈ এই চাৰিখন ৰাষ্ট্ৰতো Covid 19 ত আক্ৰান্ত বহুসংখ্যক লোকৰ মৃত্যু হৈছে ৷ এইপৰ্যন্ত স্পেইন আৰু ফ্ৰান্সত 22 হাজাৰৰ অধিক,ইটালীত 26 হাজাৰৰ অধিক আৰু ইংলেণ্ডত 20 হাজাৰৰ অধিক লোকৰ মৃত্যু হৈছে ৷

সমান্তৰালভাৱে, ভাৰততো প্ৰতিদিনে শ শ লোকৰ দেহত সংক্ৰমিত হৈছে কৰ'ণাৰ বীজাণু ৷ এতিয়ালৈকে দেশখনত 26 হাজাৰৰো অধিক লোক Covid 19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত প্ৰায় 5 হাজাৰ 900 গৰাকী লোকে আৰোগ্য লাভ কৰিছে যদিও এই মহামাৰীত মৃত্যু হৈছে 825 গৰাকী লোকৰ ৷

দেশৰ ভিতৰত মহাৰাষ্ট্ৰ,গুজৰাট,দিল্লী,ৰাজস্থান,মধ্যপ্ৰদেশ,তামিলনাডু, উত্তৰ প্ৰদেশ আদি ৰাজ্যত অধিক সংখ্যক লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি ৷ দেওবাৰে পুৱাৰ ভাগলৈকে মহাৰাষ্ট্ৰত 7,628 গৰাকী,গুজৰাটত 3,071 গৰাকী,দিল্লীত 2,625 গৰাকী,ৰাজস্থানত,2084 গৰাকী,মধ্যপ্ৰদেশত 1,945 গৰাকী,তামিলনাডুত 18,21 গৰাকী আৰু উত্তৰ প্ৰদেশত 1,793 গৰাকী লোক আক্ৰান্ত হৈছে Covid 19ত ৷ ছিকিমৰ বাহিৰে দেশৰ আন আন ৰাজ্যসমূহতো দেখা গৈছে এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৷

ইফালে,ভাৰতত আন আন ৰাজ্যসমূহৰ তুলনাত অসমত কিছু নিয়ন্ত্ৰণত আছে পৰিস্থিতি ৷ বৰ্তমানলৈকে ৰাজ্যখনত 35 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল যদিও ইতিমধ্যে আৰোগ্য লাভ কৰিছে 19 জন ৰোগীয়ে ৷ ইয়াৰ বিপৰীতে,হাইলাকান্দি জিলাত 1 ৰোগী মৃত্যুমুখত পৰিছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি দেওবাৰে পুনৰ 3-4 জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈদিয়াৰ সম্ভাৱনা আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.