ETV Bharat / international

আফগানিস্তানত আল-কায়দা বা ISIS ৰ পুনৰ গঠনৰ সম্ভাৱনা - প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন

পৰৱৰ্তী ৩ বছৰৰ ভিতৰত আফগানিস্তানত আল-কায়দা বা ISIS ৰ পুনৰ গঠনৰ সম্ভাৱনা আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া মুখ্য সচিব মাৰ্ক মিলিয়ে জনাইছে এই কথা । শেহতীয়াকৈ কাবুলক নিজৰ দখললৈ নিছে তালিবানে আৰু এতিয়াও আফগানিস্তানৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই ।

Al Qaeda or ISIS could reconstitute in Afghanistan
আফগানিস্তানত আল কায়দা বা ISISৰ পুনৰ গঠনৰ সম্ভাৱনা
author img

By

Published : Sep 30, 2021, 1:50 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ : আফগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাৰ পিছৰে পৰা বিশ্বৰ বহু দেশে আফগানিস্তানক নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে । আফগানিস্তানক সন্ত্ৰাসৰ মূল ঘাটি হিচাপে ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী সংগঠনে সন্ত্ৰাস বিয়পাব বুলি আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব ।

এনে পৰিস্থিতিৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া মুখ্য সচিব মাৰ্ক মিলিয়ে কয় যে, পৰৱৰ্তী ৬-৩৬ মাহৰ ভিতৰত আফগানিস্তানত আল-কায়দা বা ISIS ৰ পুনৰ গঠনৰ সম্ভাৱনা আছে । বুধবাৰে হাউচ আৰ্মড চাৰ্ভিচেছ কমিটিৰ শুনানিত মিলিয়ে কয় যে, এই মূহুৰ্তত আফগানিস্তানৰ পৰা সন্ত্ৰাসবাদীৰ যি ভাবুকি আহিছে, সেয়া ৯/১১ তকৈ কম প্ৰভাৱী । কিন্তু আল-কায়দা অথবা আই এছ আই এছৰ পুনৰ্গঠনৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

মিলিয়ে কৈছিল যে, আফগানিস্তানত সন্ত্ৰাসবাদী সংগঠনবোৰ পুনৰ গঠন হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে তেওঁ ৩ বছৰৰ সময়সীমাৰ কথা উল্লেখ কৰে । তেওঁ লগতে কয় যে, আফগানিস্তানৰ পৰা হোৱা আক্ৰমণৰ বিৰুদ্ধে মাৰ্কিন নাগৰিকসকলক সুৰক্ষা দিয়াটো আমেৰিকাৰ চৰকাৰৰ কাম ।

মিলিৰ মূল্যায়নৰ সৈতে একমত হৈ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কয় যে, সময়ৰ লগে লগে আল-কায়দা দুৰ্বল হৈ আহিছে । সেয়ে এতিয়া সন্ত্ৰাসবাদী সংগঠনবোৰে তেওঁলোকৰ নিয়ন্ত্ৰণত থকা স্থান বিচাৰে ৷ যাতে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰাত আৰু যিকোনো পৰিকল্পনাৰ বাবে সাজু হোৱাত অসুবিধা নহয় ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় বিমান কাৰ্যক্ষম কৰাৰ অনুৰোধেৰে ভাৰতলৈ তালিবানৰ পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.