ETV Bharat / international

আফগানিস্তানত পৰৱৰ্তী চৰকাৰ গঠনৰ পৰিকল্পনা তালিবানৰ - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ

আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত এতিয়া সমগ্ৰ দেশ শাসনৰ যো-জা চলাইছে তালিবানে । ভৱিষ্যতৰ চৰকাৰ গঠনৰ বাবে কাটাৰৰ ডোহাত চলিছে তালিবানৰ আলোচনা ।

Afghan crisis
আফগানিস্তানত পৰৱৰ্তী চৰকাৰ গঠনৰ পৰিকল্পনা তালিবানৰ
author img

By

Published : Aug 17, 2021, 10:29 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক ,১৭ আগষ্ট : আফগানিস্তানৰ ভয়ংকৰ ছবি এতিয়া সকলোৱে দেখিছে । তালিবানে (Taliban) ৰাজধানী চহৰ কাবুল দখল কৰাৰ লগে লগে এতিয়া দেশখনত অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে । ৰাষ্ট্ৰপতি ভৱন (presidential palace) দখল কৰাৰ লগে লগে দেশখন তালিবানে পৰিচালনা কৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ভৱিষ্যতৰ চৰকাৰী কাৰ্য-কলাপ নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা সন্দৰ্ভত কাটাৰৰ ৰাজধানী ডোহাত আলোচনা কৰি আছে তালিবানে । বাতৰি অনুসৰি ভৱিষ্যতৰ চৰকাৰ, ইয়াৰ আন্তঃগাঁথনি, প্ৰক্ৰিয়া সন্দৰ্ভত তালিবানে প্ৰতিবেদন প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে । সন্ত্ৰাসবাদী দলটোৱে আফগানিস্তানত চৰকাৰ গঠনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু আন্তঃআফগান দলসমূহৰ সৈতে যোগাযোগ কৰি আছে ।

বিশেষ বাতৰিটোত প্ৰকাশ পোৱা মতে তালিবানৰ উপনেতা মোল্লা আব্দুল গণি বাৰাদাৰে উল্লেখ কৰিছে যে, তালিবানে এই সময়ত এক পৰীক্ষাৰ সন্মুখীন হৈছে কাৰণ এতিয়া জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব তেওঁলোকৰ হাতত আছে । উল্লেখ্য যে, দেওবাৰে তালিবানে কাবুলত প্ৰৱেশ কৰে আৰু ৰাষ্ট্ৰপতি ভৱন দখল কৰে । কেৱল এয়াই নহয়, ৰাজধানীৰ প্ৰতিটো অঞ্চলতে এতিয়া তালিবানৰ সদস্যসকল আছে আৰু কাবুলৰ ৰাজপথত তালিবানে মুক্ত বিচৰণ কৰি আছে ।

ইফালে আফগানিস্তানৰ পৰিস্থিতিকলৈ সমগ্ৰ বিশ্ব চিন্তিত । এই সময়ত ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰাও বিশেষ আহ্বান জনোৱা হৈছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (United Nations Security Council) সোমবাৰে সকলো শত্ৰুতা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু ঐক্যবদ্ধ, সামগ্ৰিক আৰু প্ৰতিনিধিত্বমূলক এখন নতুন চৰকাৰ স্থাপনৰ আহ্বান জনায় ।

আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত এক প্ৰেছ বিবৃতিযোগে ইউএনএছচিৰ (UNSC) সভাপতি টি এছ তিৰুমূৰ্তিয়ে কয় যে নিৰাপত্তা পৰিষদৰ সদস্যসকলে আফগানিস্তানত সংঘটিত হিংসা, নিৰাপত্তা, অসামৰিক আৰু সাংবিধানিক ব্যৱস্থা পুনৰুদ্ধাৰৰ তাৎক্ষণিক সমাপ্তিৰ আহ্বান জনাইছে ।

লগতে পঢ়ক: এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.