ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : আফগানিস্তানৰ ৰাজধানী কাবুলত দুটা আই ই ডি বিস্ফোৰণৰ পিছতে ৰকেটেৰে আক্ৰমণ। ১৪টা ৰকেটেৰে কৰা এই আক্ৰমণত ৬ জন লোক নিহত হোৱাৰ লগতে ২৫ জনৰো অধিক লোক আহত হয়। মৃত্যু হোৱা ৬ জন লোকৰ ভিতৰত ৫ জন ৰকেট আক্ৰমণত আৰু এজন আই ই ডি বিস্ফোৰণত মৃত্যু হয় । ছিন্হুৱা নিউজৰ মতে, স্বাস্থ্য মন্ত্ৰালয়ৰ সংবাদ কাৰ্যালয়ে জনাইছে যে, আৰক্ষী জিলা ৭ আৰু আৰক্ষী জিলা ১৭ৰ দুটা পৃথক স্থানৰ পৰা দুখন ট্ৰাকৰ পৰা ১৪টা ৰকেটেৰে আক্ৰমণ কৰে । ৰকেটকেইটাৰে পুলিচ জিলা ১০, ৪ আৰু ২ত আক্ৰমণ কৰে বুলি ছিন্হুৱা নিউজক জনাইছে আভ্যন্তৰীণ পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ টাৰিক আৰিয়ানে ।
আভ্যন্তৰীণ পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে যে, ডাউনটাউন কাবুলৰ ৱজীৰ আকবৰ খান আৰু চহৰ-ই-নাও অঞ্চলঃচহৰ কালা, পুলিচ জিলা ৪ ত দ্য গুল-ই-চুৰ্খ, ছেডাৰট ৰাউণ্ডাবাউটঃ দ্য স্পিঞ্জাৰ ৰোড, পুলিচ জিলা ৪ত নেশ্যনেল আৰ্কাইভ ৰোডৰ সমীপত, লাইছি মেৰীয়াম মাৰ্কেট আৰু পনঞ্জৰ ফেমিলি অঞ্চলত ৰকেটেৰে আক্ৰমণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ট'ল' নিউজে । আনহাতে, চহৰখনৰ চেহেল চুতোন আৰু আৰ্জান কীমট অঞ্চলত দুটা আই ই ডি বিস্ফোৰিত হয়। তালিবানীয়ে এই ঘটনা সংঘটিত কৰাৰ কথা অস্বীকাৰ কৰিছে। বিগত ৫ মাহত কাবুলকে ধৰি মুখ্য আফগানী চহৰসমূহে সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে।