ETV Bharat / international

ইৰাকস্থিত আমেৰিকাৰ তৈল কোম্পানীৰ কাষত উদ্ধাৰ 5 টাকৈ ৰকেট - অল জুবেইৰ এলেকাৰ হেলিবাৰ্টন তৈল ফাৰ্ম

ইৰাকৰ আমেৰিকান তৈল কোম্পানীৰ কাষত 5 টাকৈ ৰকেট উদ্ধাৰ ৷ কোনো লোক হতাহত হোৱা নাই বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

5 টা ৰকেট উদ্ধাৰ
ইৰাকস্থিত আমেৰিকাৰ তৈল কোম্পানীৰ কাষত উদ্ধাৰ 5 টাকৈ ৰকেট
author img

By

Published : Apr 6, 2020, 6:28 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 6 এপ্ৰিল : প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ইৰাকৰ বাছৰা অঞ্চলত থকা আমেৰিকাৰ এক তৈল কোম্পানীৰ কাষত পাঁচটাকৈ ৰকেটে অৱতৰণ কৰে ৷ অৱশ্য এই ঘটনাৰ ফলত কোনো হতাহত হোৱা নাই বুলিও সূত্ৰই প্ৰকাশ কৰে ৷

জিনহুৱা নিউজ এজেন্সীয়ে জানিবলৈ দিয়া অনুসৰি, অল জুবেইৰ এলেকাৰ হেলিবাৰ্টন তৈল ফাৰ্মৰ ওচৰত এই ৰকেট কেইটাই অৱতৰণ কৰে ৷

ইৰাকৰ প্ৰতিৰক্ষা বিভাগে ওচৰৰ অঞ্চলসমূহত অনুসন্ধান চলোৱাৰ সময়তে এই ৰকেট কেইটাৰ সম্ভেদ লাভ কৰে ৷

এই আক্ৰমণ সম্পৰ্কত বৰ্তমানলৈকে কোনো সংগঠনে দ্বায়িত্ব স্বীকাৰ কৰা নাই ৷ উল্লেখ্য যে, ইৰাকস্থিত আমেৰিকাৰ মিলিটেৰী ফৰ্চক প্ৰায়ে ৰকেট আৰু মৰ্টাৰৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় ৷

5 জানুৱাৰীত ইৰাক সংসদে দেশখনত বিদেশী সৈন্যৰ উপস্থিতি নাইকীয়া কৰিবৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰিছিল ৷ আমেৰিকান সৈন্যই ড্ৰণৰ জৰিয়তে কাছিম ছোলেইমানীৰ হত্যা কৰাৰ 2 দিন পাচতে এই প্ৰস্তাৱ গৃহীত কৰা হৈছিল ৷

উল্লেখ্য যে, ইছলামিক সংগঠনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে প্ৰায় 5,000 আমেৰিকান টোপ ইৰাকত নিয়োজিত কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.