ইণ্টাৰনেশ্যনেল ডেস্ক,4 এপ্ৰিল: ইণ্ডোনেছিয়াক দেওবাৰে পুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে ৫.৯ । দেওবাৰে স্থানীয় সময় অনুসৰি ১.৪২ বজাত ভূমিকম্পটোৱে জোকাৰি যায় ।
ইণ্ডোনেছিয়াৰ পূৱ প্ৰদেশ মালুকুত এক ভূমিকম্পৰ জোকাৰণি অনূভূত হয় । প্ৰদেশখনৰ ৰাজধানী আম্বনৰ পৰা ১৬৩ কিল’মিটাৰ দক্ষিণত আৰু সমুদ্ৰপৃষ্ঠৰ ৩২৯ কিল’মিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বুলি জানিব পৰা গৈছে । ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ হোৱা কোনো ক্ষয়-ক্ষতিৰ খবৰ পোহৰলৈ অহা নাই ।
লগতে পঢ়ক: আমেৰিকাত গুলীচালনাত নিহত আৰক্ষী বিষয়া