ETV Bharat / international

পাকিস্তানত গ্ৰেপ্তাৰ 26/11ৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দ - Pakistan Police Counter Terrorism Department

মুম্বাইত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মুল হোতা তথা লস্কৰ-ই-তৈবাৰ প্ৰধান হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰিছে পাকিস্তান আৰক্ষীয়ে ৷ দেশখনৰ পঞ্জাৱ ৰাজ্যৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগ (Counter Terrorism Department)এ গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক ৷

হাফিজ ছৈয়দ
author img

By

Published : Jul 17, 2019, 5:39 PM IST

নিউজ ডেস্ক, 17 জুলাইঃ মুম্বাই আক্ৰমণৰ মুল হোতা হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰিছে পাকিস্তানৰ পঞ্জাৱ ৰাজ্যৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগ (Counter Terrorism Department)এ ৷ লস্কৰ-ই-তৈবা আৰু জামাত-উদ-দাৱাৰ মুৰব্বীগৰাকীক বুধবাৰে গ্ৰেপ্তাৰ কৰিছে দেশখনৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে ৷

পাকিস্তানৰ এক সন্ত্ৰাসবাদ প্ৰতিৰোধ আদালতত উপস্থিত হ'বলৈ গুজৰানৱালাৰ পৰা লাহোৰলৈ বুলি আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় হাফিজ ছৈয়দ ৷ গ্ৰেপ্তাৰৰ পিচতে ছৈয়দক এক অজ্ঞাত স্থানলৈ লৈ যায় পাকিস্তান আৰক্ষীয়ে ৷

উল্লেখ্য যে, 2008 চনৰ 26 নৱেম্বৰত মুম্বাইত হোৱা ভয়ংকৰ বিস্ফোৰণৰ আঁৰত আছিল এইগৰাকী সন্ত্ৰাসবাদী ৷ সমগ্ৰ বিশ্ব জোকাৰি যোৱা মুম্বাই বিস্ফোৰণত নিহত হৈছিল 166ৰো অধিক নিৰপৰাধী লোক ৷ পৰৱৰ্তী সময়ত আমেৰিকাই লস্কৰ-ই-তৈবাক নিষিদ্ধ ঘোষণা কৰি হাফিজ ছৈয়দক বিশ্বত্ৰাস সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ লগতে ছৈয়দৰ নামত 10 মিলিয়ন আমেৰিকান ডলাৰৰ পুৰস্কাৰ ঘোষনা কৰিছিল ৷

শেহতীয়াকৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানে সন্মুখীন হোৱা আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ পৰিপ্ৰেক্ষিততে হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰে দেশখনৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগে ৷

  HAFIZ SAEED ARRESTED IN PAKISTAN 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.