ETV Bharat / international

শান্তি চুক্তিৰ অধীনত মুক্তি দিয়া হ'ল 20 আফগানী বন্দীক,তালিবানৰ দাবী - আৰক্ষী জোৱান আৰু অন্যান্য সশস্ত্ৰ বলৰ সৈন্যক মুক্তি প্ৰদান

আমেৰিকা-তালিবান শান্তি চুক্তিৰ অধীনত আফগান চৰকাৰ আৰু তালিবানে মুকলি কৰিছে পৰস্পৰৰ বহুসংখ্যক বন্দীক ৷ বৃহস্পতিবাৰেও তালিবানে 20 আফগানী বন্দীক মুক্তি প্ৰদান কৰে ৷

তালিবানৰ দাবী
20 আফগানী বন্দীক মুক্তি
author img

By

Published : Apr 17, 2020, 7:58 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 17 এপ্ৰিল : বৃহস্পতিবাৰে 20 আফগান আৰক্ষী জোৱান আৰু অন্যান্য সশস্ত্ৰ বলৰ সৈন্যক মুক্তি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে তালিবানী সংগঠনৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ৷ পূৱ লাঘমান অঞ্চলত এই বন্দীসকলক কেন্দ্ৰীয় চৰকাৰৰ হাতত মুক্তি দিয়াৰ কথা শুকুৰবাৰে প্ৰকাশ কৰে মুজাহিদে ৷

মুজাহিদে কয়, "আৰক্ষী জোৱান আৰু সশস্ত্ৰ বলৰ সৈন্যসকলক ৰাজধানী লাঘমানৰ মিতাৰলাম অঞ্চলৰ ছুলতান ঘাজী বাবা প্ৰৱেশদ্বাৰত মুক্তি দিয়া হয় ৷"

উল্লেখ্য যে, 12 এপ্ৰিলত তালিবানে আৰু 20 জন বন্দীক মুক্তি প্ৰদান কৰিছিল ৷ আনহাতে, আফগান চৰকাৰেও প্ৰায় 661 জন তালিবানীক বৰ্তমানলৈকে মুক্তি প্ৰদান কৰিছে ৷ আমেৰিকা-তালিবান শান্তি চুক্তিৰ অধীনত আফগান চৰকাৰে প্ৰায় 5000 জন তালিবানী বন্দীক মুক্তি প্ৰদান কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.