ETV Bharat / international

কুণ্ডুজত তালিবানীৰ আক্ৰমণত নিহত 14 আফগান সেনা জোৱান

author img

By

Published : Nov 13, 2020, 9:58 PM IST

তালিবানীৰ আক্ৰমণত নিহত 14 আফগান সেনা জোৱান ৷ ইমাম ছাহিব জিলাৰ কুণ্ডুজৰ বালা হিছাৰ সেনা ছাউনীত সংঘটিত হয় এই ঘটনা ৷

কুণ্ডুজৰ বালা হিছাৰ সেনা ছাউনী
কুণ্ডুজত তালিবানীৰ আক্ৰমণত নিহত 14 আফগান সেনা জোৱান

ইন্টাৰনেশ্যনেল ডেস্ক, 13 নৱেম্বৰ : বৃহস্পতিবাৰে ইমাম ছাহিব জিলাৰ কুণ্ডুজত তালিবানে বালা হিছাৰ সেনা ছাউনীত আক্ৰমণ কৰাৰ ফলত নিহত হয় 14 জনকৈ লোক ৷

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, তালিবানী আক্ৰমণৰ কিছু ঘন্টা পূৰ্বে আফগান সেনাই তালিবানী ছাউনীত আক্ৰমণ সংঘটিত কৰিছিল ৷

সেনা ছাউনীত থকা 12 জন সদস্যৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে আন দুজনে সেনা ছাউনীলৈ যোৱাৰ পথত এক বিস্ফোৰণত প্ৰাণ হেৰুৱায় ৷

দহজন তালিবানো এই ঘটনাত নিহত অথবা আঘাতপ্ৰাপ্ত হৈছে যদিও তালিবানী পক্ষৰ পৰা এই সম্পৰ্কত নিশ্চিতি প্ৰদান কৰা নায় ৷

পূৰ্বে কাবুলৰ পাঘমান জিলাত এক সেনা ছাউনীত কাৰ বোমাৰে আক্ৰমণ কৰা হৈছিল আৰু ইয়াৰ ফলত দুজন লোকৰ মৃত্যু হৈছিল ৷

দেশখনত শান্তি বৰ্তাই ৰখাৰ চেষ্টাৰে বিভিন্ন উচ্চস্তৰীয় আলোচনা চলি আছে যদিও হিংসাত্মক ঘটনা বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : এফ আই এৰ গোচৰক অবৈধ ঘোষণা পাকিস্তান আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.