ETV Bharat / international

ইলেক্টৰেল কলেজে বাইডেনৰ বিজয় ঘোষণা কৰিলে মই হোৱাইট হাউচ ত্যাগ কৰিম : ট্ৰাম্প

author img

By

Published : Nov 27, 2020, 1:55 PM IST

ইলেক্টৰেল কলেজে ৰাষ্ট্ৰপতি পদৰ বাবে বাইডেনৰ বিজয় ঘোষণা কৰিলে হোৱাইট হাউচ এৰিব ড'নাল্ড ট্ৰাম্পে ৷ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ব্যাপক জালিয়াতিৰ সংঘটিত হোৱাৰ অভিযোগ ড'নাল্ড ট্ৰাম্পৰ ৷

ইলেক্টৰেল কলেজে বাইডেনৰ বিজয় ঘোষণা কৰিলে মই হোৱাইট হাউচ ত্যাগ কৰিম : ট্ৰাম্প
ইলেক্টৰেল কলেজে বাইডেনৰ বিজয় ঘোষণা কৰিলে মই হোৱাইট হাউচ ত্যাগ কৰিম : ট্ৰাম্প

ৱাশ্চিংটন, 27 নৱেম্বৰ: হোৱাইট হাউচ ত্যাগ কৰাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি ট্ৰাম্পে কয় যে ইলেক্টৰেল কলেজে যেতিয়া সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত বাইডেনক বিজয়ী বুলি ঘোষণা কৰিব তেতিয়া তেওঁ হোৱাইট হাউচ ত্যাগ কৰিব ৷

ইলেক্টৰেল কলেজে যদিহে বাইডেনক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে তেন্তে তেওঁ হোৱাইট হাউচ ত্যাগ কৰিব নে নকৰে বুলি ট্ৰাম্পক এগৰাকী সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে যদিহে সেইয়ে হয় তেন্তে তেওঁ নিশ্চয়কৈ হোৱাউট হাউচ ত্যাগ কৰিব, কিন্তু 20 জানুৱাৰীলৈকে বহু সময় আছে আৰু এই সময়খিনিৰ ভিতৰত যিকোনো ঘটিব পাৰে ৷

ব্যাপক নিৰ্বাচনী জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ট্ৰাম্পে এইবুলি কয় যে , "আমি তৃতীয় বিশ্বৰ দেশ সমূহৰ নিচিনা , আমি এনে কম্পিউটাৰ চিষ্টেম ব্যৱহাৰ কৰি আছো যিবিলাক হেক কৰিব পৰা যায় ৷"

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনৰ হাতত পৰাস্ত হৈ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ ইলেক্টৰেল কলেজে বাইডেনক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাটো এটা ভূল হ'ব বুলিও ট্ৰাম্পে মন্তব্য কৰে ৷ লগতে এই কথা মানি লোৱাটো যথেষ্ট কঠিন হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

20 জানুৱাৰী তাৰিখে বাইডেনৰ আদৰণি অনুষ্ঠানত উপস্থিত তেওঁ থাকিব নে নাথাকিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে তেওঁ নিজৰ উত্তৰটো জানে কিন্তু তেওঁ এতিয়াই এই উত্তৰ দিব নুখুজে ৷

তেওঁৰ ক্ষেত্ৰত নিৰপেক্ষ নোহোৱাৰ অভিযোগ উত্থাপন কৰি সংযুক্ত ৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ লগতে ডাঙৰ কোম্পানীসমূহৰ ওপৰতো খঙত একোনাই হৈ পৰে ৷ তেওঁ দাবী কৰে যে তেওঁ নিশ্চিতভাৱে বুজন সংখ্যক ভোট লাভ কৰি জয়লাভ কৰিলে হেতেন আৰু তেওঁ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ অভিযোগ কৰে যে এই কথা প্ৰকাশ কৰা হোৱা নাই , কিন্তু জনসাধাৰণে কি হৈছে আৰু কি হৈছিল সেই কথা বুজি পাইছে ৷

লগতে পঢ়ক:তুৰ্কী সমাৰোহত অংশগ্ৰহণ কৰি কি ক‘লে ডনাল্ড ট্ৰাম্পে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.