ETV Bharat / international

বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহে জৈৱ বৈচিত্ৰলৈ ভাবুকি আনিবঃ UNODC

author img

By

Published : Jul 14, 2020, 8:05 PM IST

জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ৰোগসমূহ "Zoonotic"ৰোগ বুলি কোৱা হয় ৷ সংক্ৰামক ৰোগসমূহৰ ভিতৰত 75 শতাংশ ৰোগ Zoonotic বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত SARS-CoV-2 অন্তৰ্ভুক্ত,যিয়ে ক'ভিড 19 মহামাৰীৰ ৰূপ লৈছে

UNODC
UNODC

নিউজ ডেস্ক, 14 জুলাইঃ সংযুক্ত ৰাষ্ট্ৰৰ কাৰ্যালয়ে (UNODC) ডাগ্ৰছ আৰু অপৰাধৰ ওপৰত জাৰি কৰা The World Wildlife Crime Report 2020 ত উল্লেখ কৰা অনুসৰি, বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহে প্ৰকৃতি আৰু জৈৱবৈচিত্ৰলৈ ভাবুকি আনিব পাৰে ৷ প্ৰতিবেদনখনত কিছু বন্য প্ৰজাতিৰ জীৱ-জন্তু, পেংগুলিন,পক্ষী,কাছ,বাঘ,ভালুকৰ চোৰাং সৰবৰাহৰ বিষয়ে প্ৰকাশ কৰিছে ৷ এই প্ৰতিবেদনখনত উল্লেখ কৰিছে যে,জীৱ-জন্তুৰ ৰোগসমূহ সংক্ৰমণ হোৱাৰ প্ৰৱণতা তেতিয়া বৃদ্ধি পায় যেতিয়া বন্য জীৱ-জন্তুসমূহক সিহতৰ প্ৰাকৃতিক আৱাসৰ পৰা উলিয়াই মাৰি পেলোৱা হয় ৷

জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ৰোগসমূহ "Zoonotic"ৰোগ বুলি কোৱা হয় ৷ সংক্ৰামক ৰোগসমূহৰ ভিতৰত 75 শতাংশ ৰোগ Zoonotic বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত SARS-CoV-2 অন্তৰ্ভুক্ত,যিয়ে ক'ভিড 19 মহামাৰীৰ ৰূপ লৈছে ৷

যিসমূহ বন্য জীৱ-জন্তুৰ চোৰাং সৰবৰাহ কৰা হয় সেইসমূহক স্থানান্তৰ কৰা সময়ত কোনো ধৰণৰ সাৱধনতা অৱলম্বন কৰা নহয় ৷ মানুহে এনে ধৰণৰ জীৱ-জন্তুৰ মঙহ সেৱন কৰিলে ভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে,পেংগুলিনক কৰ'ণা ভাইৰাছৰ উৎস হিচাপে চিনাক্ত কৰা হৈছে ৷ বিশ্বত সবাতোতকৈ বেছি পেংগুলিনৰ চোৰাং সৰবৰাহ কৰা হয় ৷ 2014ৰ পৰা 2018 ৰ ভিতৰত পেংগুলিনৰ চোৰাং সৰবৰাহ 10 গুণ অদিক বৃদ্ধি পাইছিল ৷

লগতে পঢ়কঃ পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে সংৰক্ষণ কৰা হ'বঃ মুখ্যমন্ত্ৰী

UNODCৰ প্ৰতিবেদনখনত সমগ্ৰ বিশ্বজুৰি তথ্য প্ৰকাশ কৰা হৈছে,য'ত 149 খন দেশৰ আৰু সমষ্টিৰ পৰা প্ৰায় 180,000 বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে ৷ তথ্য অনুসৰি, 1999-2019ৰ ভিতৰত প্ৰায় 6000 প্ৰজাতিৰ স্তন্যপায়ী,সৰীসৃপ,পক্ষী আৰু মাছ অন্তৰ্ভুক্ত হৈ আছে ৷

UNODCৰ কাৰ্যকাৰী নিৰ্দেশক Ghada Waly য়ে কয় যে, ট্ৰান্সনেশনেল সংগঠন অপৰাধ নেটৱৰ্কে বন্যপ্ৰাণী অপৰাধৰ জৰিয়তে বহু টকা উপাৰ্জন কৰিছে ৷ কৰ'ণাৰ পাছত বিশ্বখনক অধিক উন্নত কৰিবলৈ আমি বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ বিষয়টো উপেক্ষা কৰিলে নহ'ব ৷ বন্যপ্ৰাণী অপৰাধক বন্ধ কৰাৰ ক্ষেত্ৰত 2020ৰ এই World Wildlife Crime Report য়ে বহুখিনি সহায় কৰিব ৷ এই প্ৰতিবেদনখনৰ জৰিয়তে এই সমস্যাটোক আমি আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ বিষয় বনাব লাগিব ৷ চৰকাৰে আৱশ্যকীয় আইন গ্ৰহণৰ ক্ষেত্ৰত সমৰ্থন কৰিব লাগিব ৷ মুঠতে এই বন্যপ্ৰাণী অপৰাধক শেষ কৰিবলৈ আন্ত সংস্থা গঠন কৰিব লাগিব ৷

বন্যপ্ৰাণী আৰু উদ্ভিদৰ লুপ্তপ্ৰায়ী প্ৰজাতিসমূহৰ আন্তৰাষ্ট্ৰীয় বাণিজ্য সন্মীলনৰ মহাসচিব Ivonne Higuero য়ে কয় যে, সঠিক তথ্য আৰু নীতি নিৰ্ধাৰণৰ ওপৰত ভিত্তি কৰে ৷ World Wildlife Crime Report 2020 ও ইয়াত অন্তৰ্ভুক্ত ৷ এই প্ৰতিবেদনখনে চৰকাৰক এই চোৰাং সৰবৰাহৰ স্পষ্ট আভাষ দিব ৷

লগতে পঢ়কঃ নাগালেণ্ড আৰক্ষী আৰু আসম ৰাইফলছৰ যৌথ অভিযানত 3 গৰাকী লোকক গ্ৰেপ্তাৰ

ইয়াৰোপৰি, প্ৰতিবেদনখনে বিশ্বব্যাপী চলি থকা বন্যপ্ৰাণী অপৰাধৰ বিষয়টো হাইলাইট কৰিব লগতে অবৈধ কাঠ,হাতীৰ দাঁত,গড়ঁৰ খৰ্গ,পেংগুলিনৰ চামৰা, জীৱিত সৰীসৃপ,ডাঙৰ মেকুৰি,ইউৰোপিয়ান ইৰ্লৰ চোৰাং ব্যৱসায়ৰ ওপৰত বিশ্লেষণ কৰিব ৷ আফ্ৰিকাৰ হাতীৰ দাঁত আৰু গড়ঁৰ খৰ্গৰ চাহিদা কমাৰ লগতে অবৈধ বজাৰ আগৰ তুলনাত ক্ষুদ্ৰ হৈ গৈছে ৷

প্ৰতিবেদন অনুসৰি, অবৈধ বন্যপ্ৰাণীৰ বেহা ডিজিটেল মিডিয়াত বৃদ্ধি পাইছে ৷ বন্যপ্ৰাণীৰ মঙহৰ বিক্ৰী অনলাইন প্লেটফৰ্ম আৰু encrypted messaging এপত ৰমৰমীয়া হৈ পৰিছে ৷ কাৰণ চোৰাং সৰবৰাহৰ সম্ভাব্য বিক্ৰেতাৰ সৈতে সংযোগ স্থাপনৰ নতুন উপায় হৈছে অনলাইন এপ ৷ যি নহওঁক এটি শক্তিশালী ন্যায় প্ৰণালীয়ে আইনী-মেৰপাচৰ সংস্কৰণ কৰি এই অবৈধ বেহা ৰোধ কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.