নিউজ ডেস্ক, ১ মে': বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ কৰ্মকাণ্ডৰ বাবে লজ্জিত হ'ব লাগে বুলি বৃহস্পতিবাৰে মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । চীনৰ য়ুহানত কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱাৰ পাচতো চীনৰ জনসম্পৰ্ক সংস্থাৰ প্ৰশংসা কৰাৰ বাবেই এনেদৰে মন্তব্য কৰে ট্ৰাম্পে ।
লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও আমেৰিকাই WHO লৈ আগবঢ়োৱা সাহাৰ্য অস্থায়ীৰূপে কৰ্তন কৰে বুলি সদৰী কৰে ।
বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰি কয়, "মই ভাবো বিশ্ব স্বাস্থ্য সংস্থা লজ্জিত হ'ব লাগে । কিয়নো বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানেও চীনৰ জনসম্পৰ্ক সংস্থাৰ প্ৰশংসা কৰে ।"