ETV Bharat / international

বিশ্ব স্বাস্থ্য সংস্থাক 'চীনৰ হাতৰ পুতলা' আখ্যা ট্ৰাম্পৰ - চীনৰ পৰা যাত্ৰা কৰাত প্ৰতিবন্ধকতা

বিশ্ব স্বাস্থ্য সংস্থাই জানুৱাৰীৰ শেষলৈ চীনৰ পৰা যাত্ৰা কৰাত প্ৰতিবন্ধকতা লগোৱাৰ বিৰুদ্ধে থিয় দিছিল : ড'নাল্ড ট্ৰাম্প

who-a-puppet-of-china-trump
বিশ্ব স্বাস্থ্য সংস্থাক চীনৰ হাতৰ পুতলা আখ্যা ট্ৰাম্পৰ
author img

By

Published : May 19, 2020, 12:31 PM IST

নিউজ ডেস্ক, 19 মে': আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সোমবাৰে পুনৰ বিশ্ব স্বাস্থ্য সংস্থা(WHO) ক আক্ৰমণৰ লক্ষ্য কৰি লৈ সংযুক্ত ৰাষ্ট্ৰৰ স্বাস্থ্য সংগঠনটো চীনৰ হাতৰ পুতলা হৈ পৰিছে বুলি মন্তব্য কৰে ৷

ট্ৰাম্পে কয় যে, দেশত কৰ'ণা ভাইৰাছৰ ফলত আৰু অধিক লোকৰ মৃত্যু হ‘লহেতেন যদিহে তেওঁ চীনৰ পৰা যাত্ৰা কৰাত প্ৰতিবন্ধকতা জাৰি নকৰিলেহেঁতেন, যিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল স্বাস্থ্য সংস্থাই ৷

who-a-puppet-of-china-trump
বিশ্ব স্বাস্থ্য সংস্থাক চীনৰ হাতৰ পুতলা আখ্যা ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হোৱাইট হাউচত এক সংবাদমেল সম্বোধন কৰি কয়, "তেওঁলোক (বিশ্ব স্বাস্থ্য সংস্থা) চীনৰ হাতৰ পুতলা হৈ পৰিছে ৷ তেওঁলোক চীনকেন্দ্ৰীক তথা চীনক সন্তুষ্ট কৰাৰ বাবে বাৰাম্বাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷ মই ভাবো তেওঁলোকে এয়া অতি দুখজনক কাম কৰিছে ৷ আমেৰিকাই তেওঁলোকক প্ৰতিবছৰে 450 মিলিয়ন ডলাৰৰ অৰ্থ প্ৰদান কৰে তথা চীনে তেওঁলোকক বছৰি 38 মিলিয়ন আমেৰিকাৰ ডলাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ "

তদুপৰি ট্ৰাম্পে এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কয় যে, বিশ্ব স্বাস্থ্য সংস্থাই জানুৱাৰীৰ শেষলৈ চীনৰ পৰা যাত্ৰা কৰাত প্ৰতিবন্ধকতা লগোৱাৰ বিৰুদ্ধে থিয় দিছিল ৷

লগতে পঢ়ক : কোভিড-19 মুক্ত প্ৰথম দেশ বুলি দাবী শ্লোভেনিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.