নিউজ ডেস্ক, 20 জানুৱাৰী : স্তব্ধ আৰু ওলোটা, পুনৰুত্থাপন আৰু বৃদ্ধি; এইকেইটা নীতি আমেৰিকাৰ নতুন প্ৰশাসনত পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে ৷ জ’ বাইডেন, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে আজি শপতগ্ৰহণ কৰিব আৰু তেওঁ এনেকুৱা এটা সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰিব যিটো সময়ত সমগ্ৰ বিশ্বই কোভিড মহামাৰীৰ লগতে আমেৰিকাই পৰিৱেশ আৰু শিক্ষাখণ্ডত বহুটো সমস্যাৰ সন্মুখীন হৈছে ৷ যি সময়ত ট্ৰাম্পে Affordable Care Act ধ্বংস কৰিব বিচাৰিছে, সেই সময়ত বাইডেনে অধিক পৰিমানে ৰাইজৰ ওচৰলৈ গৈ “Obamacare” নীতি বহল কৰিব বিচাৰিছে ৷
বাইডেনৰ ৰাষ্ট্ৰপতি কালত কেতবোৰ বিশেষ দিশৰ ওপৰত সকলোৰে দৃষ্টি থাকিব ৷
অৰ্থনীতি, কৰ আৰু ধাৰ
14 জানুৱাৰীত আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে 1.9 ট্ৰিলিয়ন ডলাৰৰ এক বিশেষ অৰ্থনৈতিক পূঁজিৰ ঘোষণা কৰিছিল যাৰ দ্বাৰা আমেৰিকাৰ অৰ্থনীতি আৰু কোভিড দুয়োটাৰ সৈতে মোকাবিলা কৰা হ’ব ৷ "American Rescue Plan" হিচাপে ঘোষণা কৰা এই পূঁজিৰ দ্বাৰা মহামাৰী, প্ৰতিষেধক আৰু ব্যক্তিসকলৰ লগতে ব্যৱসায়, ৰাজ্যিক আৰু স্থানীয় প্ৰশাসনক অৰ্থনৈতিকৰূপে সকাহ প্ৰদান কৰা হ’ব ৷
![বাইডেনৰ ৰাষ্ট্ৰপতি কাল কেনেকুৱা হ’ব?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10302873_biden-info.jpg)
2017ৰ GOP কৰৰ সময়ত দেখা দিয়া বহুখিনি বীমাকৰণ নীতি বাইডেনে পুনৰ গ্ৰহণ কৰিব ৷ বাইডেনে কৰ্পৰেট কৰৰ হাৰ 28 শতাংশলৈ বৃদ্ধি কৰিব আৰু 400,000 ডলাৰৰ অধিক আয়যুক্ত সকলোকে কৰৰ অধীনলৈ আনিব ৷ যিয়ে আগন্তুক 10 বছৰৰ ভিতৰত আমেৰিকাক 4 ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঢ়ি তোলাত সহায় কৰিব ৷
বাইডেনে অনুপ্ৰৱেশৰ দিশটো অধিক গুৰুত্ব প্ৰদান কৰিব ৷ তেওঁ ন্যায়িক অনুপ্ৰৱেশক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগতে 11 মিলিয়ন অবৈধ নাগৰিক যিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াইছে তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ প্ৰদান কৰিব ৷
আমেৰিকাৰ বাজেট কমিটীৰ পৰীক্ষণ অনুসৰি, 10 বছৰৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰীয় ধাৰ 5.6 ট্ৰিলিয়ন ডলাৰ হ’ব; যিটো বৰ্তমানে 20 ট্ৰিলিয়ন ডলাৰ ৷
কোভিড মহামাৰী
ট্ৰাম্পৰ বিপৰীতে বাইডেনে কোভিড মহামাৰীক লৈ অধিক সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে ৷ তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ লগতে যুক্তৰাষ্ট্ৰীয় চৰকাৰক এই সমস্যাৰ পৰা মুক্ত হ’বলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিব ৷ ৰাজ্যিক চৰকাৰসমূহে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সহযোগিতাত এই মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ট্ৰাম্পে অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷
![বাইডেনৰ ৰাষ্ট্ৰপতি কাল কেনেকুৱা হ’ব?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10302873_aadasd.jpg)
ইয়াৰ উপৰিও ব্যক্তিসমূহ আৰু ব্যৱসায়সমূহক যুক্তৰাষ্ট্ৰীয়ভাৱে সহায় প্ৰদান কৰাৰো ইংগিত প্ৰদান কৰিছে বাইডেনে ৷ মহামাৰীৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ বাইডেনে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ এইক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰাৰ ইংগিত প্ৰদান কৰিছে ৷
ইয়াৰ উপৰিও কাৰ্যালয়ৰ বাহিৰৰ সময়খিনিত বাইডেনে প্ৰতিগৰাকী গৱৰ্নৰৰ সৈতে পাৰ কৰি তেওঁলোকৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিসমূহৰ লগতে মাস্ক পৰিধান কৰা আদি বিষয়ত আলোচনা কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে ৷
স্বাস্থ্যখণ্ড
স্বাস্থ্যখণ্ডৰ পৰিচৰ্যা যি “Obamacare” হিচাপে জনাজাত এয়া অবামাৰ চৰকাৰৰ এক উল্লেখনীয় নীতি আছিল ৷ বাইডেনে এই নীতি পুনৰ গঢ়ি তুলি সকলোকে ৰাজহুৱা স্বাস্থ্যখণ্ডৰ অধীনত সামৰি লোৱাৰ লগতে ব্যক্তিগত বীমাখণ্ডৰ সমান্তৰালকৈ স্বাস্থ্যসেৱা সকলোৰে বাবে সমপৰ্যায়ৰ কৰি তোলাত গুৰুত্ব প্ৰদান কৰিব ৷
বাইডেনৰ এই নীতিত 10 বছৰৰ ভিতৰত 750 বিলিয়ন ডলাৰ খৰচ হ’ব ৷ এয়া ট্ৰাম্পৰ বিপৰীতে বাইডেনৰ এক অভিলাসী আঁচনি যাৰ দ্বাৰা ব্যক্তিগত বীমাকৰণ খণ্ডসমূহক একাষৰীয়া কৰি চৰকাৰী স্বাস্থ্যনীতিৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷
আনহাতে ঔষধৰ ক্ষেত্ৰটো বাইডেনে অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে আৰু চৰকাৰৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডৰ সহায়ত ঔষধৰ মূল্যবৃদ্ধিৰ ওপৰত বাধা আৰোপ কৰাৰ দিশে আগবাঢ়িছে বাইডেন ৷
অনুপ্ৰৱেশ
অনুপ্ৰৱেশৰ ক্ষেত্ৰত ট্ৰাম্পৰ নীতিক আমেৰিকান সকলৰ ওপৰত “unrelenting assault” আখ্যা দিছে বাইডেনে ৷ ইয়াৰ বিপৰীতে বাইডেনে “undo the damage” নীতিৰে সীমান্তৰ সমস্যাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ আমেৰিকাৰ Deferred Action for Childhood Arrivals নীতিৰ ক্ষেত্ৰত ট্ৰাম্পে গ্ৰহণ কৰা নীতিক ওফৰাই অনুপ্ৰৱেশৰ নীতিসমূহ শিথিল কৰাৰ দিশত আগবাঢ়িছে বাইডেন ৷ ৰাজহুৱা সেৱা গ্ৰহণ কৰা লোকসমূহৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনে জাৰি কৰা “public charge rule” নীতিৰো অৱসান ঘটাবলৈ আগবাঢ়িছে বাইডেন ৷
বৈদেশিক নীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা
বহিঃদেশত মৌলবাদী বিদ্ৰোহীৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আমেৰিকান বাহিনীৰ সাধাৰণ সেনাৰ বিপৰীতে বাইডেনে বিশেষ বাহিনী আৰু বায়ুসেনাৰ আক্ৰমণক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰিব ৷ গুৱান্টানামো বে’ত গঢ়ি তোলা শৰনাৰ্থী শিৱিৰত চকু থাকিব বাইডেনৰ ৷ 2003ৰ ইৰাক আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত আমোলা আৰু বিশ্ব সংস্থাসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৷
ইয়াৰ লগতে বাইডেন নাটো বাহিনীৰ এক সক্ৰিয় সমৰ্থক ৷ নাটোত ৰাছিয়াৰ আগমনে এই সংস্থাক অধিক দুৰ্বল কৰি তুলিব বুলি প্ৰকাশ কৰিছে বাইডেনে ৷ ইয়াৰ লগতে এছিয়া-পেচিফিকত জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়াৰ সহযোগত আমেৰিকান নৌ-সেনাক মোতায়েনৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ প্ৰদান কৰিছে বাইডেনে ৷ মধ্য-প্ৰাচ্যৰ লগতে আফগানিস্তানৰ পৰা আমেৰিকান বাহিনী প্ৰত্যাৱৰ্তন কৰাৰ বিপৰীতে সন্ত্ৰাসবাদৰ ওপৰতো তেওঁ দৃষ্টি থাকিব আৰু তাত আমেৰিকান বাহিনীৰ সৰু-সৰু গোট মোতায়েন কৰি ৰাখিব ৷
ইৰান পাৰমানৱিক চুক্তিৰ লগতে পেৰিছ পৰিৱেশ চুক্তিৰ পৰা আমেৰিকাৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত ট্ৰাম্পে গ্ৰহণ কৰা নীতিৰ বিৰোধী বাইডেন ৷ ইয়াৰ বাবে তেওঁ বিশ্বৰ গণতান্ত্ৰিক দেশসমূহৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান তথা দুৰ্নীতি আৰু মানৱ অধিকাৰৰ ওপৰত কাম কৰাৰ ইংগিত প্ৰদান কৰিছে বাইডেনে ৷ ইজৰাইল আৰু পেলেষ্টাইনৰ সম্পৰ্কৰ দিশটোতো নজৰ থাকিব বাইডেনৰ ৷ ইয়াৰ লগতে কিম জং উনৰ পাৰমানৱিক অস্ত্ৰ নীতিৰ ওপৰত নজৰ থাকিব বাইডেনৰ ৷
জৈৱ বৈচিত্ৰ তথা পৰিৱেশতন্ত্ৰ
জৈৱিক ইন্ধন জ্বলোৱাৰ পক্ষপাতী নহয় বাইডেন ৷ ইয়াৰ বিপৰীতে আমেৰিকাৰ শক্তিখণ্ড, মটৰ পৰিবহন, ৰাজহুৱা পৰিবহনখণ্ডক অধিক ইন্ধন-সুচল তথা তেল, গেছ আৰু কয়লাৰ পৰা মুক্ত কৰিব বিচাৰিছে বাইডেনে ৷ যাৰ বাবে বাইডেনে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ 2 ট্ৰিলিয়ন ডলাৰৰ এক পূঁজিৰ কথা উল্লেখ কৰিছে ৷
পৰিৱেশিক ন্যায়ৰ ওপৰত বাইডেনে অধিক সক্ৰিয় হিচাপে কাম কৰাৰ ইংগিত প্ৰদান কৰিছে ৷ ইয়াৰ বাবে প্ৰদূষণ সৃষ্টি কৰা উৎসসমূহৰ ওপৰত কাঢ়া নজৰ ৰাখিব বাইডেনৰ প্ৰশাসনে ৷ বাইডেনে ন্যায়িক বিভাগৰ অধীনত জৈৱ বৈচিত্ৰ আৰু পৰিৱেশতন্ত্ৰ ন্যায়িক শাখা স্থাপনৰ দিশে আগবাঢ়িছে বাইডেন ৷
শিক্ষাখণ্ড
শিক্ষা বাইডেনৰ জীৱনৰ সৈতে সংযুক্ত হৈ আছে ৷ বাইডেনৰ পত্নীয়ে হাইস্কুল আৰু সমূহীয়া মহাবিদ্যালয়ত শিক্ষকতা কৰে আৰু 2020ৰ ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰীয় সন্মিলনত তেওঁৰ ভাষণ পুৰনি শ্ৰেণীকোঠাৰ পৰাই আগবঢ়াইছিল ৷
বাইডেনে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ Title I আঁচনিৰ অধীনত শিক্ষক আৰু মধ্য আয়ৰ বিদ্যালয়সমূহলৈ বিশেষ ঘোষণা কৰিছে ৷ বাইডেনে চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষাৰ্থীক শিক্ষাপ্ৰদানৰ লগতে এইক্ষেত্ৰত আৰ্থিক সাহাৰ্য প্ৰদানৰ বিষয়ে মন্তব্য কৰিছে ৷ ইয়াৰ ওপৰি ৰাজহুৱা অৰ্থব্যৱস্থাৰ ডলাৰেৰে তেওঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰদান কৰি অহা পূঁজিৰো বন্ধ কৰিবলৈ আগবাঢ়িছে ৷
বাইডেনে অবামাৰ দিনত গ্ৰহণ কৰা সকলো নীতিয়ে শিক্ষাখণ্ডত পুনৰবাৰ প্ৰয়োগ কৰিবলৈ আগবাঢ়িছে ৷ বাইডেনে সামূহিক মহাবিদ্যালয়সমূহত দুবছৰলৈ বিনামূলীয়া শিক্ষা প্ৰদান আৰু ৰাজহুৱা মহাবিদ্যালয়সমূহত বাৰ্ষিক 125,000 ডলাৰৰ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে ঋণ প্ৰদানৰ দিশটো ইংগিত প্ৰদান কৰিছে ৷
কৃষ্ণাংগ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে বাইডেনে 70 বিলিয়ন ডলাৰ পূঁজি বৃদ্ধি কৰাৰ পোষকতা কৰিছে ৷
গৰ্ভপাত নীতি
বাইডেন গৰ্ভপাত অধিকাৰৰ পক্ষপাতী আৰু ইয়াৰ বাবে ৰয়ে ভি ৱাডেক যুক্তৰাষ্ট্ৰীয় ন্যায়াধীশ নিযুক্ত কৰিবলৈ আগবাঢ়িছে ৷ জন্ম নিয়ন্ত্ৰণৰ যুক্তৰাষ্ট্ৰীয় Title X প্ৰকল্পৰ দ্বাৰা ট্ৰাম্পে চৰকাৰে খেদি পঠিওৱা বহুসংখ্যক ক্লিনিক পুনৰ সংস্থাপনৰ দিশে আগবাঢ়িছে বাইডেন ৷ বাইডেনে গৰ্ভপাতৰ বাবে স্বাস্থ্যগত পৰিশোধ নীতিৰ Hyde Amendmentক পুনৰ সক্ৰিয় কৰি তোলাৰ দিশে আগবাঢ়িছে ৷
সামাজিক সুৰক্ষা
উচ্চ আয়যুক্তসকলৰ বাবে কৰ বৃদ্ধিৰে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বাইডেন প্ৰশাসনে ৷ ইয়াৰ বাবে কৰ প্ৰদানৰ সময়সীমা বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে বাইডেন ৷
বাৰ্ষিক আয়-জীৱন নিৰ্বাহ খৰচৰ দিশত সামাজিক সুৰক্ষাৰ বিষয়টোৱে বাইডেনৰ প্ৰশাসনত অগ্ৰাধিকাৰ পাব ৷ ইয়াৰ বাবে বাইডেনে সামাজিক সুৰক্ষা কৰৰ পৰা বাৰ্ষিক 400,000 ডলাৰ সংগ্ৰহ কৰিবলৈ আগবাঢ়িছে ৷ বৰ্তমানে এগৰাকী ব্যক্তিৰ ব্যক্তিগত আয়ৰ প্ৰথম 137,700 ডলাৰত 12.4 শতাংশ কৰ কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ মাজত বিতৰণ কৰা হৈছে ৷
বন্দুক
অনুজ্ঞাপত্ৰ বিক্ৰেতাৰ পৰা বন্দুক ক্ৰয় কৰাৰ ক্ষেত্ৰত ছিনেটৰ হৈ থকা অৱস্থাতে বাইডেনে বিশেষ সংস্কাৰ সাধন কৰিছিল ৷ ক্লিন্টনৰ ৰাষ্ট্ৰপতিত্ব কালতেই জাৰী কৰা এক নিষেধাজ্ঞাও বলৱৎ কৰিছিল বাইডেনে ৷ ছেমি-অট’মেটিক বন্দুক অথবা আক্ৰমণকাৰী অস্ত্ৰৰ ওপৰত আৰোপ কৰা হৈছিল এই নিষেধাজ্ঞা ৷ ইয়াৰ উপৰিও আক্ৰমণকাৰী অস্ত্ৰ আৰু উচ্চ-ক্ষমতাসম্পন্ন মেগজিনৰ উৎপাদন আৰু বিক্ৰীটো নিষেধাজ্ঞা জাৰী কৰাৰ ইংগিত প্ৰদান কৰিছে বাইডেনে ৷ বাইডেনে সকলো ধৰণৰ অস্ত্ৰৰ অনলাইন বিক্ৰীৰ ওপৰতো নিষেধাজ্ঞা জাৰী কৰিব বুলি প্ৰকাশ কৰিছে ৷
প্ৰাক্তন সৈনিক
বাইডেনে কংগ্ৰেছৰ সৈতে একেলগে সামৰিক বাহিনীৰ অন্তৰ্গত মহিলা সৈনিকসকলৰ স্বাস্থ্যগত দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ এইক্ষেত্ৰত প্ৰাক্তন সৈনিক পৰিক্ৰমা স্বাস্থ্য কেন্দ্ৰসমূহত এগৰাকী পূৰ্ণকালীন মহিলা প্ৰাথমিক স্বাস্থ্য কৰ্মী নিযুক্ত কৰাৰ পৰিকল্পনা হৈছে বাইডেনে ৷ ইয়াৰ উপৰিও বাইডেনে প্ৰাক্তন সৈনিকৰ স্বাস্থ্যখণ্ডৰ বাবে 300 মিলিয়ন ডলাৰ পূঁজিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷
ব্যৱসায়-বাণিজ্য
ট্ৰাম্পৰ দৰে বাইডেনেও এইক্ষেত্ৰত চীনৰ বিৰোধী হিচাপে কাম কৰিছে ৷ বাইডেনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নীতি, কোম্পানীসমূহক কৰ ৰেহাই দিয়া আৰু আমেৰিকাৰ বৌদ্ধিক কোষৰ সম্পত্তি চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে চীনৰ বিৰুদ্ধে ৷ “free trade”ৰ বিপৰীতে “fair trade” নীতিৰ পোষকতা কৰিছে বাইডেনে ৷ আমেৰিকাৰ ব্যৱসায় খণ্ডটোৰ বাবে ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ পৰা 400 বিলিয়ন ডলাৰৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সামগ্ৰী ক্ৰয় কৰিব বিছাৰিছে বাইডেনে ৷ আমেৰিকাৰ প্ৰযুক্তিগত খণ্ডসমূহ বিকাশ আৰু গৱেষণাৰ বাবে বাইডেনে 300 বিলিয়ন ডলাৰৰ সাহাৰ্য ঘোষণা কৰিছে ৷