ETV Bharat / international

চীনক দণ্ডিত কৰিবৰ বাবে আমেৰিকাৰ ছিনেটৰৰ 3 খন বিল উত্থাপন

author img

By

Published : May 22, 2020, 5:56 PM IST

প্ৰাৰম্ভিক পৰ্যায়তে কৰ'ণা ভাইৰাছ প্ৰতিৰোধ নকৰি ইয়াৰ অপব্যৱহাৰ কৰা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযোগ ৷ সেয়েহে ছিনেটৰ তেড ক্ৰুজে চীনৰ অভিসন্ধিৰ বিৰুদ্ধে যুঁজিবৰ বাবে তিনিখন বিলৰ কথা ঘোষণা কৰিছে ৷

কৰ'ণা ভাইৰাছ
চীনক দণ্ডিত কৰিবৰ বাবে আমেৰিকাৰ ছিনেটৰৰ 3 খন বিল উত্থাপন

ইন্টাৰনেশ্যনেল ডেস্ক, 22 মে': আমেৰিকাৰ ছিনেটৰ তেড ক্ৰুজে ঘোষণা কৰে যে, চীনৰ অভিসন্ধিৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে তিনিখন বিল উত্থাপন কৰা হৈছে ৷ কৰ'ণা ভাইৰাছ মহামাৰী বৃদ্ধিত ইন্ধন যুগুৱাত চীন জগৰীয়া বুলিও ক্ৰুজে মন্তব্য কৰে ৷

বৃহস্পতিবাৰে ছিনেটত ক্ৰুজে কয়, "চীনক মহামাৰীৰ বাবে জগৰীয়া কৰাৰ লগতে দণ্ডিত কৰিবৰ বাবে তিনিখন নতুন বিল উত্থাপন কৰিছো ৷ আমেৰিকাৰ প্ৰতিৰক্ষাৰ দিশটো আৰু আমেৰিকাবাসীৰ জীৱন সুৰক্ষিত ৰাখিবলৈ দেশৰ শাসনৰ মুৰব্বীসকলে শক্তিশালী ভাৱে থিয় দিব লাগিব ৷"

*প্ৰথম বিল অনুসৰি, স্বাস্থ্য বিশেষজ্ঞ, সাংবাদিক আৰু ৰাজনৈতিক বিসম্বাদী সকলক দমন কৰি ৰখা চীনৰ বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৷

*চীনত কোনো হলীউদৰ চিনেমাৰ প্ৰদৰ্শনী অনুষ্ঠিত হ'লে ফেডাৰেল চৰকাৰৰ সহযোগিতাত এনে ষ্টুডিঅ' সমূহ বন্ধ কৰা হ'ব ৷

*তৃতীয় বিল অনুসৰি, মেক্সিকো আৰু কানাডাস্থিত ৰেডিঅ' ষ্টেছনসমূহৰ জৰিয়তে চীনৰ কমিউনিষ্ট পাৰ্টীয়ে আমেৰিকাৰ বিৰুদ্ধে অভিসন্ধি কৰাত বাধা ৷

প্ৰাৰম্ভিক পৰ্যায়তে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ইয়াৰ অপব্যৱহাৰ কৰাৰ বাবে সমগ্ৰ বিশ্বতে ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছিল ৷ কিন্তু ইয়াৰ প্ৰত্যুত্তৰত বেইজিঙে কৈ আহিছে যে, দেশখনে সময়ত তথ্য প্ৰদান কৰিছিল আৰু অভিসন্ধি কৰাৰ সকলো অভিযোগ খণ্ডন কৰে চীনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.