ইন্টাৰনেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ দিনটোত 91,000 লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা দিনত দ্বিতীয় সৰ্বাধিক কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ মতে, আমেৰিকাত বৰ্তমান পৰ্যন্ত 9.4 মিলিয়ন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 232,000 লোকৰ ৷
যোৱা কিছু সপ্তাহত দেশখনত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে যিহেতু শীতকাল নামি অহাৰ বাবে বহু লোক ভ্ৰমণৰ বাবে বিভিন্ন ঠাইলৈ ঢাপলি মেলিছে ৷ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই (CDC) জানিবলৈ দিয়া অনুসৰি, ক'ভিড-19 নিৰ্দেশনা উলংঘা আৰু ইনদ’ৰ ইভেন্ট বৃদ্ধি পোৱাৰ বাবে এইদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷
লগতে পঢ়ক : বিদেনৰ জয়ৰ 90 শতাংশ সুযোগ আছে: কমলা হাৰিছৰ আত্মীয়