নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ COVID-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ এইবাৰ সহায়ৰ হাতত আমেৰিকাৰ । স্বাস্থ্য সাহাৰ্য হিচাপে ভাৰতক আমেৰিকাই প্ৰদান কৰিছে ৫৯ লাখ ডলাৰ । বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে বৈদেশিক মন্ত্ৰণালয়ে ।
ভাৰতত প্ৰভাৱিত হোৱা লোক সকলৰ চোৱা-চিতা,সম্প্ৰদায় সমূহত জনস্বাস্থ্যৰ প্ৰয়োজনীয় বাৰ্তা প্ৰচাৰ তথা তীক্ষ্ণ দৃষ্টি ৰাখি বীজাণুৰ সংক্ৰমণ প্ৰতিহত কৰিব বাবে ভাৰতৰ সহায় হোৱাকৈ এই ধন ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে বিদেশ মন্ত্ৰণালয়ে । লগতে জৰুৰীকালিন সময়ত প্ৰস্তুত আৰু এই মহামাৰী পৰা পৰিত্ৰাণ পাবলৈ নতুন বিত্তীয় পোষণতন্ত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে ।
ইয়াৰ লগতে কোৱা হৈছে আমেৰিকাই বিগত ২০টা বৰ্ষত ভাৰতক সহায় কৰাৰ বাবদ প্ৰদান কৰিছে মুঠ ২.৮ আৰৱ ডলাৰ । ইয়াৰে ১.৪ আৰৱ ডলাৰ হৈছে স্বাস্থ্য় সাহাৰ্য ।
আনহাতে দক্ষিণ এছিয়াৰ অন্যান্য দেশ সমূহক আমেৰিকাই COVID-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আফগানিস্তানক ১.৮ কোটি ডলাৰ,বাংলাদেশক ৯৬ লাখ ডলাৰ, ভূটানক ৫ লাখ ডলাৰ, নেপালক ১৮ লাখ ডলাৰ, পাকিস্তানক ৯৪ লাখ ডলাৰ আৰু শ্ৰীলংকাক ১৩ লাখ ডলাৰ সাহাৰ্য পূঁজি আগবঢ়াইছে ।
লগতে চাওকঃ ইতিহাসত প্ৰথমবাৰৰ বাবে যাত্ৰীবিহীন ভাৱে বৰ্ষপূৰ্তি পালন ভাৰতীয় ৰে'লৰ