ETV Bharat / international

মনোনয়নৰ পিছত প্ৰথমবাৰৰ বাবে আয়'ৱাত জ' বিদেনৰ প্ৰচাৰ অভিযান

আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শীঘ্ৰেই আয়'ৱালৈ যাত্ৰা কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ' বিদেনে। আমেৰিকাৰ নাগৰিকসকলক একত্ৰিত কৰি দেশখনে সন্মুখীন হোৱা সমস্যা আৰু ৰাষ্ট্ৰৰ আত্মাৰ বাবে এই যুঁজত জয়ী হ'বলৈ আলোচনা কৰিব।

author img

By

Published : Oct 27, 2020, 5:52 PM IST

মনোনয়নৰ পিছত প্ৰথম বাৰৰ বাবে আয়'বাত জ' বিদেনৰ প্ৰচাৰ অভিযান

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ বাবে মনোনয়ন লাভৰ পিছতে প্ৰথমবাৰৰ বাবে চলিত সপ্তাহতে আয়'ৱাত প্ৰচাৰ অভিযান চলাবলৈ সাজু হৈছে জ' বিদেন। ২০১৬ চনত ড'নাল্ড ট্ৰাম্পে আয়'ৱাত নিজৰ দখল প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল। ২০১৬ চনত ট্ৰাম্পৰ জয়ৰ পূৰ্বে ২০০৮ আৰু ২০১২ চনত অ'বামা-বিদেন ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিদেন ৰাজ্যখনলৈ আহিছিল।

ট্ৰাম্পে ২০১৬ চনৰ নিৰ্বাচনত ৫১.১৫ শতাংশ ভোট লাভ কৰিছিল। তৎকালীন ডেম'ক্ৰেটিক দলৰ প্ৰতিদ্বন্দীগৰাকীয়ে ৪১.৭৪ শতাংশ ভোট লাভ কৰিছিল। শেহতীয়া সমীক্ষাত পোহৰলৈ আহিছে যে, আয়'ৱাত ট্ৰাম্প আৰু বিদেনৰ ভোটৰ সংখ্যাৰ মাজত বৃহত্ পাৰ্থক্য নথাকিব। যোৱা ২১ অক্টোবৰত জাৰি কৰা নিউয়ৰ্ক টাইমছ চিয়েনা কলেজৰ সমীক্ষাত বিদেনে ট্ৰাম্পতকৈ ৩ পইণ্ট অধিক ভোট অথবা ৪২-৪৬ শতাংশ ভোট লাভেৰে আগবাঢ়ি আছিল।

লগতে পঢ়ক: ভিয়েটনামৰ দক্ষিণ-মধ্য উপকূলীয় অঞ্চলত প্ৰচণ্ড ঘূৰ্ণী বতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.