ETV Bharat / international

পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি ল'লে আমেৰিকাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়তে পেৰিছ জৈৱবৈচিত্ৰ্য চুক্তিৰ পৰা দেশখনে আঁতৰি আহিব বুলি মন্তব্য কৰিছিল ৷ আমেৰিকাৰ অৰ্থনীতিৰ বাবে এই চুক্তি এক শংকা বুলি কোৱাৰ লগতে বাৰাক অবামাই গ্ৰহণ কৰাৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ নিয়মসমূহৰো অৱসান কৰিছিল ৷

author img

By

Published : Nov 5, 2020, 1:09 PM IST

পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি ল'লে আমেৰিকাই
পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি ল'লে আমেৰিকাই

নিউজ ডেস্ক, 5 নৱেম্বৰ : পেৰিচ চুক্তিৰ পৰা অৱশেষত স্থায়ীভাৱে অব্যাহতি ল'লে আমেৰিকাই ৷ আমেৰিকাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিনটোতে 200 স্বাক্ষৰকাৰী থকা পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি লয় ৷ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে পেৰিছ চুক্তি স্বাক্ষৰিত হৈছিল ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 2017ৰ জুনত এই চুক্তিৰ পৰা আমেৰিকাই অব্যাহতি ল'ব বুলি ঘোষণা কৰিছিল ৷ এই চুক্তিয়ে আমেৰিকাৰ অৰ্থনৈতিক দিশটোক অধিক পৰিমানে ক্ষতিগ্ৰস্থ কৰিব বুলি মন্তব্য কৰিছিল ট্ৰাম্পে ৷

এই চুক্তিত 2016ত স্বাক্ষৰ কৰিছিল আমেৰিকাই ৷ কিন্তু চুক্তিমতে ইয়াৰ পৰা আঁতৰি আহিব লাগিলে তিনিবছৰ সময় ল'ব লাগে আৰু সেইফালৰ পৰা 2019ৰ 4 নৱেম্বৰত আমেৰিকাই এই কথা ঘোষণা কৰিছিল ৷ কিন্তু ঘোষণাৰ এবছৰ পিচতহে এই চুক্তিৰ পৰা স্থায়ীভাৱে অব্যাহতি প্ৰদান কৰা হয় সংশ্লিষ্ট দেশখনক ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.