ETV Bharat / international

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সম্পৰ্ক ছেদ আমেৰিকাৰ - ড'নাল্ড ট্ৰাম্প

মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ পৰা সম্পৰ্ক ছেদ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই । মহামাৰী COVID-19ৰ ভয়াৱহতাৰ বিষয়ে বিশ্ববাসীক পলমকৈ অৱগত কৰা তথা বিশ্ব স্বাস্থ্য সংস্থা চীন চৰকাৰ নিয়ন্ত্ৰণত চলে বুলি অভিযোগ উত্থাপন কৰিয়ে সম্পৰ্কছেদ কৰে আমেৰিকাই ।

বিশ্ব স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থা
author img

By

Published : Jul 8, 2020, 12:07 PM IST

নিউজ ডেস্ক, ৮ জুলাইঃ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ পৰা সম্পৰ্কছেদ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই । মঙলবাৰে ট্ৰাম্প প্ৰশাসনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা । বিগত মে' মাহতে ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাৰ সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছিল । বিশ্ব স্বাস্থ্য সংস্থা চীন চৰকাৰৰ নিয়ন্ত্ৰণত চলে আৰু মহামাৰী COVID-19ৰ ভয়াৱহতাৰ সন্দৰ্ভত বিশ্ববাসীক বহু পলকৈ অৱগত কৰা বুলি অভিযোগ উত্থাপন কৰিয়ে সম্পৰ্ক ছেদ কৰে আমেৰিকাই ।

তাৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ এই ভুলৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ অধিক ক্ষতিগ্ৰস্ত হয় বুলিও মত প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । বিগত বৰ্ষৰ শেষৰ ভাগতে চীনত মহামাৰীৰ COVID-19ৰ উৎপত্তি হোৱাৰ পাচতো চীন সহিতে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী COVID-19 ভয়াৱহতা সন্দৰ্ভত বিশ্ববাসীক অৱগত নকৰে বুলি অভিযোগ উত্থাপন কৰে ড'নাল্ড ট্ৰাম্পে ।

উল্লেখ্য যে,বিশ্বজুৰি মহামাৰী COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১.১৭ কোটিলৈ বৃদ্ধি পায়। আনহাতে,এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫.৪০ লাখৰো অধিক লোক । এই ভাইৰাছৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ।

লগতে চাওকঃ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত শিশুৰ মৃত্যুৰ হাৰ অধিক : এন এইছ এম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.