ETV Bharat / international

পাকিস্তানক মাছুদ আজহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আমেৰিকাৰ - দক্ষিণ আৰু মধ্য এছিয়াৰ আমেৰিকান কাৰ্যবাহী সচিব এলিচ ৱেলছ

উল্লেখ্য যে, জইছ-ই-মহম্মদে (JeM) ভাৰতত কেইবাটাও কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিছে ৷ এই নিষিদ্ধ ঘোষিত সংগঠনে 2001 চনত জম্মু - কাশ্মীৰৰ বিধানমণ্ডল আক্ৰমণ কৰি 8 জন লোকৰ হত্যা কৰাৰ লগতে ভাৰতীয় সংসদ আক্ৰমণ কৰি 9 জন লোকক হত্যা কৰিছিল ৷ 2016 চনত পাঠানকোট আক্ৰমণ, 2019 বৰ্ষৰ ফেব্ৰুৱাৰীত পুলৱামা আক্ৰমণৰ জৰিয়তে 40 জনকৈ ভাৰতীয় সেনাৰ প্ৰাণ কাঢ়ি নিছিল জইছ-ই-মহম্মদে ৷

এলিচ ৱেলছ
author img

By

Published : Sep 27, 2019, 3:46 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 27 ছেপ্টেম্বৰ : জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক নিৰ্দেশ প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ আজহাৰৰ উপৰি যিসকল সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাসবাদ চলাই আহিছে সেই সকলোকে অতি সোনকালে আটক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

দক্ষিণ আৰু মধ্য এছিয়াৰ আমেৰিকান কাৰ্যবাহী সচিব এলিচ ৱেলছে মন্তব্য কৰে যে, ভাৰত আৰু পাকিস্তানৰ দৰে দুই পাৰমাণৱিক শক্তিয়ে গঠনমূলক আলোচনাৰ জৰিয়তে তেওঁলোকৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি সাধন কৰিব পাৰিব ৷ হাফিজ ছৈয়দৰ দৰেই জইছ-ই-মহম্মদৰ নেতা আৰু পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাস বিয়পোৱা সকলো সন্ত্ৰাসবাদীকে আটক কৰিবলৈ আমেৰিকাই দাবী কৰোৱা বুলি মন্তব্য কৰে এলিচ ৱেলছে ৷

নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 74 সংখ্যক অধিৱেশনৰ সময়ত সংবাদমেলৰ আগত এই মন্তব্য কৰে এলিচ ৱেলছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.