ETV Bharat / international

2021 বৰ্ষত প্ৰতিমাহে 850 টন Covax প্ৰদান কৰিব UNICEFয়ে

UNICEFয়ে আগন্তুক বৰ্ষত প্ৰতিমাহে মুঠ 850 টন ক’ভিড-19ৰ প্ৰতিষেধক Covax প্ৰদান কৰাৰ সম্ভাৱনা ৷ এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ আখ্যা UNICEFৰ কাৰ্যবাহী নিৰ্দেশক হেনৰিটা ফ’ৰৰ ৷

author img

By

Published : Dec 20, 2020, 7:41 AM IST

UNICEF
UNICEF

ইণ্টাৰনেশ্যনেল ডেস্ক,20 ডিচেম্বৰ : 2021 বৰ্ষত ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি চমুকৈ UNICEFয়ে প্ৰতিমাহে মুঠ 850 টন ক’ভিড-19ৰ প্ৰতিষেধক Covax প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ শুকুৰবাৰে এক প্ৰতিবেদনযোগে এই কথা প্ৰকাশ পাইছে ৷

UNICEFয়ে লোৱা এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ বুলি কাৰ্যবাহী নিৰ্দেশক হেনৰিটা ফ’ৰে সদৰি কৰে ৷ লগতে তেওঁ কয় যে, এই পদক্ষেপ অতি বিপদজনক যদিও তেওঁলোকে ইয়াৰ মুখামুখি হ’বলৈ সাজু ৷

2021 বৰ্ষত ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰত্যাহ্বান ভালদৰে বুজাৰ ক্ষেত্ৰত UNICEFয়ে বিশ্বজুৰি আকাশ মাৰ্গেৰে বহন ক্ষমতা আৰু পৰিবহণৰ পথবোৰ চালি-জাৰি চাইছিল ৷ ইয়াৰ অন্তৰালত সংস্থাটোৱে দেখিলে যে, বাণিজ্যিক এয়াৰলাইনছে নিম্ন আৰু নিম্ন-মধ্য আয়ৰ 92 খন দেশত প্ৰতিষেধক প্ৰদান কৰিব পাৰিব ৷ এই দেশসমূহৰ আনুমানিক ব্যয় প্ৰায় 70 নিযুত ডলাৰ বুলি নিউজ এজেন্সীযোগে প্ৰকাশ পাইছে ৷

সম্প্ৰতি UNICEFয়ে এয়াৰলাইনছ আৰু লজিষ্টিক কোম্পানীৰ সৈতে কাম কৰি আছে, যিয়ে ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদানত প্ৰাথমিকভাৱে সহায় কৰিব ৷

আগন্তুক বৰ্ষত UNICEFয়ে প্ৰতিষেধক, চিকিৎসা আৰু ডায়’গনষ্টিক সঁজুলিৰ ক্ষেত্ৰত দেশসমূহৰ পৰা সহায় কৰিবলৈ 410 মিলিয়ন ডলাৰ বিচাৰিছে ৷ ইয়াৰোপৰি, UNICEFয়ে দৰিদ্ৰতম 92 খন দেশৰ বাবে প্ৰয়োজনীয় শীতল শৃংখল সঁজুলিৰ ক্ষেত্ৰত 133 নিযুত ডলাৰৰ পুঁজি ব্যয়ৰ অনুমান কৰিছে ৷

লগতে পঢ়ক : ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক বাইডেনৰ সহকাৰী প্ৰেচ উপদেষ্টা নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.