নিউজ ডেস্ক, 3 এপ্ৰিলঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সৰ্ব সন্মতিৰে এক প্ৰস্তাৱ গ্ৰহণ কৰে । মহামাৰী কোভিড-19 ক পৰাস্ত কৰিবলৈ ভাৰত সহিতে 188 খন সহযোগী ৰাষ্ট্ৰ একগোট হৈ আন্ত:ৰষ্ট্ৰীয় সহযোগিতাৰ আহ্বান কৰিছে ।
কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবলৈ 'বৈশ্বিক সহযোগিতা' শীৰ্ষক সংকল্প গ্ৰহণ কৰে । কোনো আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা মহামৰীৰ বিৰুদ্ধে লোৱা এইটোৱে হৈছে এনে ধৰণৰ প্ৰথম সংকল্প ।
ইপিনে ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদে এতিয়ালৈকে কোভিড-19 সম্পৰ্কে এবাৰো আলোচনাত মিলিত হোৱা নাই ।
সমূহ ৰাষ্ট্ৰই উমৈহতীয়াভাৱে কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰস্তাৱত কোৱা হৈছে যে, কোভিড-19 ৰ প্ৰভাৱ পৰা 193 খন সদস্য ৰাষ্ট্ৰৰ স্বাস্থ্য, সেৱা, কল্যাণ সম্পৰ্কে চোৱাচিতা কৰা হ'ব ।
সাধাৰণ সভাই মানি লয় যে, কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবলৈ একতা, সহযোগিতা, বহুপক্ষীয় সহযোগিতাৰ প্ৰয়োজন আছে । দেশ সমূহৰ মাজত সহযোগিতা বৰ্তাই ৰখাত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
সাধাৰণ সভাই মানৱ অধিকাৰক সন্মান কৰাৰ লগতে শ্ৰেণী বৈষম্য, ভেদ-ভাৱ আদিক বৰ্জন কৰিবলৈ আহ্বান জনাইছে ।
সংকল্পৰ এই প্ৰস্তাৱ আগবঢ়াইছিল ঘানা, ইণ্ডোনেচিয়া, লিছটেনটেইন, নৰ'ৱে, ছিংগাপুৰ আৰু চুইজাৰলেণ্ডে ।
মহামাৰীৰ বাবে সংকল্পৰ লোৱা সময়ত সভা অনুষ্ঠিত কৰা নহ'ল ,সেয়ে গোপনীয়তাৰেই এই সংকল্প গ্ৰহণ কৰা হ'ল ।
সংকল্পৰ ড্ৰাফট 2 এপ্ৰিলৰ সন্ধিয়া 6 বজালৈ গোপনীয় পদ্ধতিতে আছে, যদি কোনো দেশৰে আপত্তি নাথাকে, তেন্তে তাৰ নিশ্চিত হোৱা পত্ৰ সদস্য় ৰাষ্ট্ৰ সমূহলৈ সাধাৰণ সভাৰ সভাপতিয়ে প্ৰেৰণ কৰিব ।