ETV Bharat / international

নিৰ্বাচনী ফলাফলৰ বিলম্বক লৈ ট্ৰাম্পৰ সকীয়নি

author img

By

Published : Nov 1, 2020, 10:59 PM IST

হোৱাইট হাউচৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলৰ বাবে ৰাইজে বহুদিন অপেক্ষা কৰিব লাগিব বুলি মন্তব্য ট্ৰাম্পৰ ৷ ৰাজ্যসমূহত বেলট গণনাৰ সময়ত বহুত বেয়া ঘটনা সংঘটিত হোৱাৰো আশংকা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি গৰাকীৰ ৷

নিৰ্বাচনী ফলাফলৰ বিলম্বনক লৈ ট্ৰাম্পৰ সকীয়নি

ৱাশ্চিংটন, 1 নৱেম্বৰ : হোৱাইট হাউচৰ বাবে ট্ৰাম্প আৰু বিডেনৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচনী দৌৰৰ ফলাফলক কৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক মন্তব্য কৰি কৈছে যে নৱেম্বৰ 3 তাৰিখৰ নিৰ্বাচনৰ পাছত ৰাইজে ফলাফলৰ বাবে মাহ ধৰি অপেক্ষা কৰিব লাগিব ৷

পেনচিলভেনিয়াৰ নিৰ্বাচনী ৰণথলীত প্ৰচাৰ অভিযানত অংশ লৈ থকাৰ মাজতে শনিবাৰে নিউটনত নিজৰ সমৰ্থক সকলক ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে তেওঁলোকে নিৰ্বাচনৰ ফলাফলৰ বাবে সপ্তাহজুৰি অপেক্ষা কৰিব লাগিব ৷ মঙলবাৰৰ নিৰ্বাচনৰ পাছত ৰাজ্যসমূহত বেলট গণনাৰ সময়ত বহুত বেয়া ঘটনা সংঘটিত হোৱাৰো আশংকা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

পেনচিলভেনিয়াৰ নিৰ্বাচনী বিষয়া সকলে অনুপস্থিত বেলটসমূহ তিনিদিন পাছত সংগ্ৰহ কৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে কৰা ঘোষণাৰ পাছতে ট্ৰাম্পে এই মন্তব্য কৰে ৷ ট্ৰাম্পে যুক্তৰাষ্ট্ৰীয় উচ্চতম ন্যায়ালয়ৰ এই ঘোষণাক ৰাষ্ট্ৰখনৰ প্ৰতি অতি ভয়ংকৰ বুলিও আখ্যা দিয়ে ৷

নিউটনৰ প্ৰচাৰ অভিযান আছিল পেনচিলভেনিয়াত চলোৱা তেওঁৰ চাৰিটা প্ৰচাৰ অভিযানৰ ভিতৰত প্ৰথমটো প্ৰচাৰ অভিযান ৷ সমীক্ষা অনুসৰি তেওঁৰ গণতান্ত্ৰিক প্ৰতিদ্বন্দী ট্ৰাম্পতকৈ জ' বিডেন 51 শতাংশত আগুৱাই আছে ৷ সংবাদ মাধ্যমৰ এক সমীক্ষা অনুসৰি হোৱাইট হাউচৰ বাবে অনুষ্ঠিত হ'ব লগা দৈৰৰ বাবে মাত্ৰ দুটা দিন বাকী থকাৰ সময়ত বিডেন ট্ৰাম্পতকৈ 8 পইন্টত আগবাঢ়ি আছে ৷
লগতে পঢ়ক: JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.