ETV Bharat / international

ক্ৰমাৎ সুস্থ হৈ উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প - ৰাষ্ট্ৰপতি

কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ক্ৰমাৎ সুস্থ হৈ উঠিছে । এক সাক্ষাৎকাৰত তেওঁ কয় যে, 'প্ৰতি দুদিনৰ মূৰত COVID-19ৰ পৰীক্ষা কৰা হৈছে আৰু বৰ্তমান তেওঁ নিজকে সুস্থ যেন অনুভৱ কৰিছে।' ৱাল্টাৰ ৰীড মেডিকেল চেণ্টাৰত বৰ্তমান চিকিৎসাধীন হৈ আছে ৰাষ্ট্ৰপতিগৰাকী।

ক্ৰমাত্ সুস্থ হৈ উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

author img

By

Published : Oct 10, 2020, 10:58 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০অক্টোবৰ: ক্ৰমাৎ সুস্থ হৈ উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ট্ৰাম্পে নিজৰ স্বাস্থ্যৰ অৱস্থাৰ আভাস দিছে। তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি আটাইতকৈই নিম্ন পৰ্যায়ত আছে, নতুবা তেওঁ মহামাৰীৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰকাশ কৰিছে । আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'ফক্স নিউজ'ত সম্প্ৰচাৰিত হোৱা 'টাকাৰ কাৰ্লছন টুনাইট' শীৰ্ষক অনুষ্ঠানত সংবাদদাতা ড০ মাৰ্ক ছেইগেলৰে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি প্ৰতি দুদিনৰ মূৰত COVID-19ৰ পৰীক্ষা কৰা হৈছে বুলি কৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে।

COVID-19ত আক্ৰান্ত হোৱাৰ পিছত যোৱা ২অক্টোবৰত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক ভৰ্তি কৰোৱা হৈছিল ৱাল্টাৰ ৰীড মেডিকেল চেণ্টাৰত। 'ফক্স নিউজ'ৰে হোৱা সাক্ষাৎকাৰটোত ট্ৰাম্পে প্ৰকাশ কৰিছে যে, তেওঁ বৰ্তমান যথেষ্ট সবল অনুভৱ কৰিছে আৰু শুক্ৰবাৰে কোনোধৰণৰ ঔষধো গ্ৰহণ কৰিবলগীয়া হোৱা নাই। ইয়াৰ পূৰ্বে ৱাল্টাৰ ৰীড মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা সময়ত তেওঁ দুৰ্বল অনুভৱ কৰিছিল যদিও স্বাস-প্ৰশ্বাসত কোনো অসুবিধা পোৱা নাছিল। হাস্পতালত পৰীক্ষণৰ সময়ত হাওঁফাওঁত জটিলতা দেখা পাইছিল চিকিৎসকে। সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত আন ৰোগীৰ সহায়ক হোৱাকৈ প্লাজমা দান কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে।

কম সময়ৰ ভিতৰত সুস্থ অনুভৱ কৰাৰ বাবে ৰিজ’নেৰিয়েল ফাৰ্মাচিউটিকেল আই এন চিৰ পৰীক্ষণমূলক এণ্টিবায়'টিক ঔষধে যথেষ্ট সহায় কৰিছে বুলি প্ৰকাশ কৰে । চিকিৎসা বিশেষজ্ঞৰ মতে, 'এই ঔষধটো কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক নহয়, কিন্তু এণ্টিবায়'টিক ঔষধৰ ৰূপত আশাব্যঞ্জক ফলাফল দেখুৱাইছে'। কৰ'ণা ভাইৰাছৰ সৈতে যুঁজিবলৈ ৰোগীৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাত এই ঔষধ লাভদায়ক হ'ব বুলি আশাবাদী চিকিৎসা বিশেষজ্ঞ। এই এণ্টিবায়'টিক ঔষধটো এতিয়াও পৰীক্ষণমূলকভাৱেহে ব্যৱহাৰ কৰি থকা হৈছে।

PLEASE CHECK MAPPING

লগতে পঢ়ক:হোৱাইট হাউচত COVID-19ৰ ভয়াৱহ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.