নিউজ ডেস্ক, ২২ এপ্ৰিলঃ কোভিড-১৯ৰ সময়তে শতিকাৰ বৃহত্তম ক্ষতিৰ সন্মুখীন হৈছে তৈলখণ্ড । ইতিমধ্যে বজাৰত ক্ৰুড অইলৰ মূল্য একেবাৰে হ্ৰাস হোৱাৰ লগতে ইয়াৰ যোগান শৃংখলটো পৰিছে বিৰূপ প্ৰভাৱ । ইয়াৰ পিচতে সমগ্ৰ বিশ্বতে তেলৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ।
এই ঘটনাৰ পিচতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই সমস্যাৰ বিৰুদ্ধে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে । সেই অনুসৰিয়ে হোৱাইট হাউচ প্ৰশাসনক প্ৰদান কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।
ট্ৰাম্পে নিজৰ দেশৰ তৈলখণ্ডৰ সৈতে জড়িত কোম্পানীসমূহক কিদৰে পূঁজিৰ যোগান ধৰিব তাক লৈ বিভিন্ন পৰিকল্পনা গঠন কৰিবলৈ আমেৰিকান প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰিছে । বিশ্বত একেবাৰে হ্ৰাস পোৱা ক্ৰুড অইলৰ মূল্য আৰু যতি পৰা যোগান শৃংখলক উদ্ধাৰ কৰিব পৰাকৈ আমেৰিকাৰ তৈল কোম্পানীসমূহক পূঁজিৰ লগতে অন্যান্য যাৱতীয় সমাধান প্ৰদান কৰিবলৈ কয় বিশ্বৰ শক্তিশালী নেতাগৰাকীয়ে ।
-
We will never let the great U.S. Oil & Gas Industry down. I have instructed the Secretary of Energy and Secretary of the Treasury to formulate a plan which will make funds available so that these very important companies and jobs will be secured long into the future!
— Donald J. Trump (@realDonaldTrump) April 21, 2020 " class="align-text-top noRightClick twitterSection" data="
">We will never let the great U.S. Oil & Gas Industry down. I have instructed the Secretary of Energy and Secretary of the Treasury to formulate a plan which will make funds available so that these very important companies and jobs will be secured long into the future!
— Donald J. Trump (@realDonaldTrump) April 21, 2020We will never let the great U.S. Oil & Gas Industry down. I have instructed the Secretary of Energy and Secretary of the Treasury to formulate a plan which will make funds available so that these very important companies and jobs will be secured long into the future!
— Donald J. Trump (@realDonaldTrump) April 21, 2020
ট্ৰাম্পে টুইটযোগে কয় যে, "আমেৰিকাৰ বিখ্যাত তেল আৰু গেছ উদ্যোগক আমি কেতিয়াও পিছ পৰি যাবলৈ নিদিও । মই ইতিমধ্যে শক্তি আৰু ৰাজহ বিভাগৰ সচিবক এই কোম্পানীসমূহক পূঁজিৰ যোগান ধৰিব পৰাকৈ পৰিকল্পনা তৈয়াৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো, যাতে এই গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ নিয়োগণ্ডৰ লগতে ইয়াৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকে ।"