ETV Bharat / international

জিনপিঙক আমেৰিকালৈ আমন্ত্ৰণ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

author img

By

Published : Nov 6, 2019, 1:04 AM IST

চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নত কৰাত তৎপৰ আমেৰিকা ৷ চীনৰ ৰাষ্ট্ৰপতি জিন পিঙক বাণিজ্যিক আলোচনাৰ বাবে আমেৰিকালৈ আমন্ত্ৰণ ৰাষ্ট্ৰপতি ডনাল্ড টাম্পৰ ৷

বাণিজ্যিক চুক্তিৰ প্ৰথম পৰ্যায়ৰ স্বাক্ষৰৰ বাবে জিনপিঙক আমেৰিকালৈ আমন্ত্ৰণ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

নিউজ ডেস্ক,5 নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশখনৰ মূল বাণিজ্যিক প্ৰতিদ্বন্দী চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নত কৰাত তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙক দ্বি-পাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰথমলানিৰ স্বাক্ষৰৰ বাবে আমেৰিকালৈ আমন্ত্ৰণ কৰিছে ৷ ৱাশ্বিংটনস্থিত হোৱাইট হাউচৰ এক চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

বিশ্বৰ দুই বৃহত্তম অৰ্থনীতি সমৃদ্ধ দেশ দুখনৰ মাজত যোৱা বৰ্ষৰ নৱেম্বৰ মাহতো বাণিজ্য সংক্ৰান্তীয় আলোচনা অনুষ্ঠিত হৈছিল যদিও ইয়াৰ পৰা কোনো আকাংক্ষিত প্ৰাপ্তি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল দেশ দুখন ৷ এই ক্ষেত্ৰত বেইজিং আৰু ৱাশ্বিংটন মহলৰ মাজত কেইবালানি আলোচনাও সম্পাদিত হৈছিল ৷ দুয়োখন দেশে আজি পৰ্যন্ত বাণিজ্যিক বিবাদৰ অন্ত পেলোৱাত এক পাৰস্পৰিক বুজাপৰা চুক্তিত উপনীত হোৱাত ব্যৰ্থ হৈছে ৷ এইক্ষেত্ৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পৰৱৰ্তী সময়ত দেশ দুখনৰ বাণিজ্যিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়কঃ আৰম্ভ হ'ল 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ'

বেংককত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা দক্ষিণ-পূব এছীয় দেশসমূহৰ আছিয়ান সন্মিলনত অংশগ্ৰহণ কৰা ৱাশ্বিংটন মহলৰ প্ৰতিনিধি দলৰ প্ৰৱীণ সদস্য তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৰবাৰ্ট অ' ব্ৰায়নে কৈছিল যে আমেৰিকাই সদায়েই চীনৰ সৈতে সৌহাদ্যপূৰ্ণ মিত্ৰতাৰ পোষকতা কৰি আহিছে ৷ তেওঁ লগতে কয়, "ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰ প্ৰধান ঝীক আমেৰিকালৈ বাণিজ্যিক চুক্তিৰ প্ৰথম পৰ্যায়ৰ স্বাক্ষৰৰ বাবে আমন্ত্ৰণ জনাইছে ৷ এইক্ষেত্ৰত এই চুক্তি সম্পাদিত হয় নে নহয় তাৰ প্ৰতি লক্ষ্য কৰা হব ৷ ইয়াকলৈ মই যথেষ্ট আশাবাদী ৷ মই ক'ব খুজিম যে এইক্ষেত্ৰত মই কৌতূহলীভাৱে আশাবাদী ৷" সংবাদ মাধ্যমৰ এক প্ৰশ্নোত্তৰত নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয়,"মই ভাবো আমি তুলনামূলকভাৱে চুক্তি সম্পাদিত হোৱাৰ কাষ চাপিছো ৷ এই চুক্তিয়ে দুয়ো দেশৰ মাজত সম্পাদিত বাণিজ্যক অধিক স্বচ্ছ আৰু মুক্ত কৰাৰ লগতে পাৰস্পৰিক সম্পৰ্কক অধিক গতি প্ৰদান কৰিব ৷ এই চুক্তি গৃহীত হ'ব বুলি আমি আশাবাদী ৷" আনহাতে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক জলৰ ভাগ-বটোৱাৰাৰ সংক্ৰান্তত তেওঁ কয়,"প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামুদ্ৰিক পানীৰ ক্ষেত্ৰত আমেৰিকাই কোনো দেশৰ দ্বাৰা প্ৰশান্ত মহাসাগৰৰ এক বৃহৎ অংশক আৱদ্ধ কৰি তাক হ্ৰদ বুলি উল্লেখ কৰিলে তাত কাহানিও বিশ্বাস নকৰে ৷" তেওঁ লগতে দক্ষিণ চীন সাগৰৰ প্ৰসংগ উল্লেখ কৰি মাৰ্কিন প্ৰতিনিধিগৰাকীয়ে কয় যে উক্ত অঞ্চলটো আন্তঃৰাষ্ট্ৰীয় সামূহিক জলৰ অন্তৰ্গত আৰু আমেৰিকা ইয়াৰো বাণিজ্যিক অংশীদাৰ ৷

আমেৰিকাক এখন সামুদ্ৰিক আৰু সমুদ্ৰকেন্দ্ৰিক দেশ বুলি অভিহিত কৰি নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয় যে দেশখনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আইনেও আন্তঃৰাষ্ট্ৰীয় জলত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে ৷ সেইবাবে দেশখনে আন্তঃৰাষ্ট্ৰীয় জলত প্ৰৱেশ কৰাটো কোনো দেশৰ প্ৰতি প্ৰৰোচনামূলক কাৰ্য বুলি গণ্য নকৰে ৷ অৱশ্যে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ বাবে ই এক পৃথক দৃষ্টিকোণ বুলি উল্লেখ কৰে নিৰাপত্তা উপদেষ্টা অ' ব্ৰায়ানে ৷ তেওঁ উল্লেখ কৰে যে কাৰণ এইসমূহ দেশ নিজৰ প্ৰাকৃতিক সম্পদ, অস্তিত্ব, ভৱিষ্যত আৰু ব্যাপক আৰ্থিক পৰিধিৰ বাবে যথেষ্ট সচেতন ৷ জানিব পৰা মতে চীনৰ মুৰব্বী ঝী জিনপিঙে চীনৰ অৰ্থনীতিৰ সন্দৰ্ভত এক বিশেষ নীতিৰ পোষকতা কৰে ৷ তেওঁ ঘোষণা কৰে যে- সমগ্ৰ বিশ্বই দেৱাল ভাঙিবৰ হ'ল ৷ ৰাষ্ট্ৰ প্ৰধান গৰাকীয়ে বৰ্তমান পৰিচালিত মাৰ্কিন শুল্ক যুদ্ধক প্ৰত্যাহ্বান জনায় উদ্বোধন কৰা বাৰ্ষিক বাণিজ্যিক মেলাত এই কথা ব্যক্ত কৰে ৷ ইয়াৰোপৰি জিনপিঙে হাংহাইত অনুষ্ঠিত এখন আমদানি প্ৰদৰ্শনীত দৰ্শকৰ লগতে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সম্বোধন কৰে ৷ উক্ত প্ৰদৰ্শনীখন প্ৰতিবছৰে দেশখনৰ ব্যাপক ঘৰুৱা বজাৰখন বিনিয়োগকাৰীৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত চীনৰ সদিচ্ছাক বহু সমালোচনাৰ পাছতো প্ৰতিনিধিত্ব কৰি আহিছে ৷ চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে মুক্ত বাণিজ্য নিশ্চিতকৰণৰ ক্ষেত্ৰত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢায় ৷ তেওঁৰ মতে, "বাণিজ্যৰ ক্ষেত্ৰত দেৱাল নিৰ্মাণৰ সলনি দেৱাল ভংগহে অধিক জৰুৰী, আমি সচেতনশীল মনোভাৱ আৰু একপক্ষীয়তাৰ বিৰোধিতা কৰো আৰু লগতে বাণিজ্যৰ ক্ষেত্ৰত বাধাসমূহ হ্ৰাস কৰাৰ পোষকতা কৰো ৷" ঝীৰ এই মন্তব্যই শেহতীয়াভাৱে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে ৷ কিয়নো যোৱা বছৰ চীন-আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক সংঘাতৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰাম্প প্ৰশাসনক কটাক্ষ কৰি "সচেতনাবাদ", "পৃথকীকতাবাদ" আৰু "জংঘলৰ নিয়ম" বুলি অভিহিত কৰে ৷ অৱশ্যে তেওঁ কৌশলীভাৱে আমেৰিকাৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে ৷

আৰু পঢ়ক আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তি সন্দৰ্ভত হঠাৎ স্থিতি সলনি ভাৰতৰ

আমেৰিকা-চীনৰ বাণিজ্যিক যুদ্ধৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৷ নেতাগৰাকীয়ে এই সংঘাতৰ পৰা কাৰো একো লাভ নহয় বুলি উল্লেখ কৰে আৰু এই সংঘাত গোলকীয় বৃদ্ধিৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰে ৷ তেওঁ বিশ্বৰ দুই অৰ্থনৈতিক শক্তিয়ে অতি শীঘ্ৰেই এক সহমতত উপনীত হব বুলি আশা ব্যক্ত কৰাৰ লগতে এই বুজাপৰাই অন্যান্য বাণিজ্যিক সহযোগী যেনে -ইউৰোপীয় সংঘৰ স্বাৰ্থ সুৰক্ষিত কৰিব বুলি মত ব্যক্ত কৰে ৷ নেতাগৰাকীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ নাম উল্লেখ নকৰাকৈ একপক্ষীয় কাৰ্যৰ নিন্দা কৰে আৰু কয়, "শুল্ক প্ৰয়োগ এক অস্ত্ৰ, যেনে যোগ্য ভোগ্য বসুন্ধৰা ৷" আনহাতেদি আৰ চি ই পিৰ পৰা ভাৰতে নাম প্ৰত্যাহাৰ কৰাৰ পাছত চীনৰ ৰাষ্ট্ৰপ্ৰধান জিনপিঙে উক্ত বাণিজ্যিক সহযোগিতা চুক্তিখন অতি শীঘ্ৰেই সম্পাদিত হ'ব বুলি আশা ব্যক্ত কৰিছে ৷ চুক্তিখনৰ সন্দৰ্ভত জিনপিঙে কৈছে, "মই ভাবো এই বুজাপৰা স্বাক্ষৰিত হ'ব আৰু অতি কম দিনৰ ভিতৰত প্ৰযোজ্য হ'ব ৷" তেওঁ চুক্তিখনৰ মাধ্যমেৰে অন্যান্য দেশসমূহৰ সৈতে মুক্ত বাণিজ্যিক বুজাপৰাত উপনীত হ'ব পৰাটো চীনৰ বাবে এক সুখজনক কথা বুলি অভিহিত কৰে ৷ আনহাতে তেওঁ লগতে ইউৰোপীয়ান সংঘৰ সৈতে থকা বিনিয়োগ চুক্তি আৰু জাপান-দক্ষিণ কোৰিয়াৰ সৈতে থকা যুটীয়া চুক্তিৰ ক্ষেত্ৰত চীনৰ বাণিজ্যিক বিষয়ববীয়াসকলক শীঘ্ৰেই সহমতত উপনীত হ'বৰ বাবে আলোচনাত মিলিত হ'বলৈ আহ্বান কৰিছে ৷

Intro:Body:

ZCZC

PRI ECO GEN INT

.WASHINGTON FGN5

US-TRUMP-XI

       Washington, Nov 5 (PTI) US President Donald Trump has invited his Chinese counterpart Xi Jinping to sign the phase one of a bilateral trade deal when it is agreed upon, according to a top White House official.

    Trade talks between the world's two largest economies began in November last year but have not yielded desired results even after more than a dozen rounds of negotiations in both Beijing and Washington.

    The two countries have failed to reach any agreement to resolve the trade dispute that escalated after Trump slapped huge tariffs on Chinese goods, prompting tit-for-tat responses from China.

    US National Security Advisor Robert O'Brien, who is one of the most senior members of the Washington delegation in Bangkok for the Association of Southeast Asian Nations (ASEAN) meeting, said that the US wants "great relations" with China.

    "President Trump has invited President Xi to the United States if we are able to get that deal to sign phase one trade agreement, we'll have to see if that comes to pass or not. I am optimistic about it, I may actually say I'm cautiously optimistic about it.

    "We think good relations between the United States and China is good for both of our countries, but it's also good for the world, it's good for the region here. So we seek good relations with China, but if we see conduct that's not fair, especially if it is conduct that is not fair to our friends and partners and allies in the region, we're not going to be shy about pointing it out," O'Brien said.

    "I think we're relatively close to an agreement, a phase one agreement on trade that would make trade fairer and freer and more reciprocal between the US and China. We hope that comes to pass," he said in response to a question.

    When it comes to the international waters of the Pacific, the US does not believe that any country should just seal off massive portions of the Pacific Ocean and claim that they are territorial waters like it's a lake, O'Brien said.

    "Like it's a lake up in Lake Tahoe in the middle of the US. If we are talking about the South China Sea, for example, or the East China Sea, those are international waters and the United States from its foundation has always been a trading country," he said.

    "The US has always been a maritime, a seafaring country, and international law allows us to go in international waters when we choose and for the reasons that we choose, and so we don't think that sailing the high seas is any way... infringes on any other country, but I think that there is a concern when countries, I talked about this, there are countries in Southeast Asia that their natural resource patrimony, their inheritance, their future, is in their exclusive economic zones," he said.

    "Their future is in being able to have commerce across international waters. And when those things are impinged by any power, that's a problem for the region, for the world. It's against the rules and not fair, not right and so the US has never been shy about calling that out," O'Brien added. PTI LKJ

 CPS

11051004

NNNN

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.