ETV Bharat / international

হেটছ্ আইন নহয়, চৰকাৰৰ প্ৰচলিত নিয়ম ভংগ কৰিছে ট্ৰাম্পেঃ অধিবক্তা

যদিও প্ৰাৰ্থিত্বৰ গ্ৰহণ ভাষণ হোৱাইট হাউছৰ পৰা প্ৰদান কৰাৰ বাবে ড'নাল্ড ট্ৰাম্পক নিয়মমতে ভুল বুলি ক’ব নোৱাৰি, তথাপি তেওঁৰ চৰকাৰী পদবীক ৰিপাব্লিকান দলৰ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা বুলি সমালোচকসকলে মত পোষণ কৰিছে । ৰিপাব্লিকান দলৰ চাৰিদিনীয়া অভিৱৰ্তনৰ দ্বিতীয় দিনটোত অৰ্থাৎ মঙলবাৰে জন পণ্ডাৰক সম্পূৰ্ণভাৱে ক্ষমাদান কৰা বুলি ট্ৰাম্পে ঘোষণা কৰে । পণ্ডাৰ হৈছে এগৰাকী এফ্ৰো-আমেৰিকান লোক । তেওঁ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত কাৰাবন্দীসকলৰ বাবে পুনৰ্সংস্থাপন কেন্দ্ৰ এটা স্থাপন কৰিছে ।

author img

By

Published : Aug 29, 2020, 12:34 PM IST

Trump
ড'নাল্ড ট্ৰাম্প

-অৰুণিম ভূঞা

এই বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈ হোৱাইট হাউছৰ পৰা ভাষণ প্ৰদান কৰাৰ বাবে ট্ৰাম্পে হেটছ্ আইন ভংগ কৰা বুলি চৰ্চা চলি থকাৰ সময়তে আমেৰিকাৰ আইন বিষয়ত জ্ঞান থকা এগৰাকী ভাৰতীয় অধিবক্তাৰ মতে ট্ৰাম্পে উক্ত আইনখন ভংগ নকৰিলেও যিবোৰ নীতি-নিয়মৰ দ্বাৰা আমেৰিকাৰ চৰকাৰ পৰিচালিত হয় সেই নিয়মবোৰ উলংঘা কৰিছে । হাৰ্ভাৰ্ডৰ শিক্ষা গ্ৰহণ কৰা তথা হাৰ্ভাৰ্ড আইন বিদ্যালয়ত প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সমসাময়িক বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ড০ সুৰত সিঙে ইটিভি ভাৰতক কয়-“যিহেতু ট্ৰাম্প বৰ্তমানেও ৰাষ্ট্ৰপতি হিচাপে কৰ্মৰত । গতিকে তেওঁ আইনখন উলংঘা কৰা নাই ।” ড০ সিঙে লগতে কয় যে বৰ্তমান কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্বৰ যি নীতি তাৰ প্ৰতিও আমি গুৰুত্ব দিব লাগিব । এনেবোৰ কাৰণতে ট্ৰাম্পে তেওঁৰ সেই বিশেষ ভাষণ হোৱাইট হাউছৰ পৰা দিবলগীয়া হ’ব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে । হোৱাইট হাউছৰ দক্ষিণ ল’নত বৃহস্পতিবাৰে নিশা ট্ৰাম্পে প্ৰদান কৰা এক ভাষণৰ সময়ছোৱাত তেওঁ প্ৰাৰ্থিত্ব গ্ৰহণ কৰে । সেইদিনা আছিল ৰিপাব্লিকান নেশ্যনেল কনভেনশ্যনৰ অন্তিমটো দিন । ১৯৩৯ চনৰ হেটছ্ আইনখন অসৎ ৰাজনৈতিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা যুক্তৰাষ্ট্ৰীয় আইন ।

ইয়াৰ মূল ব্যৱস্থা হৈছে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাহিৰে ফেডাৰেল চৰকাৰৰ কাৰ্যপালিকা শাখাৰ অসামৰিক কৰ্মচাৰীসকলক ৰাজনৈতিক কাৰ্যকলাপৰ পৰা আঁতৰত ৰখা । ১৯৩৯ চনৰ ২ আগষ্টত এয়া আইন হিচাপে গৃহীত হয় । মেক্সিকোৰ চিনেটৰ কাৰ্ল হেটছৰ নামত এই আইনখন নামাংকিত কৰা হয় । ৰাষ্ট্ৰপতি ওবামাৰ কাৰ্যকালত ২০১২ চনত এই আইনখনৰ সংশোধন কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ অফিচ অৱ্ স্পেচিয়েল কাউন্সিলে জনায়— “ৰাজ্য, কলম্বিয়া জিলা বা স্থানীয় কাৰ্যনিৰ্বাহক সংস্থাই নিযুক্ত কৰা কোনো লোক যিয়ে আংশিক বা সম্পূৰ্ণভাৱে ফেডাৰেল ঋণ বা অনুদান গ্ৰহণ কৰি কাম কৰে তেওঁ যাতে ৰাজনৈতিক কাৰ্যকলাপত জড়িত থাকিব নোৱাৰে তাক এই হেচছ্ আইনে বাধা প্ৰদান কৰে । সাধাৰণতে, ৰাজ্য, ডি চি বা আন স্থানীয় অনুষ্ঠানৰ অধীনত কাম কৰিলে তেওঁৰ মূল সংস্থাপনটোৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হয় । যদি এগৰাকী কৰ্মচাৰীয়ে দুটা বা ততোধিক চাকৰি কৰে, যিটো কামত তেওঁ অধিক সময় দিয়ে আৰু অধিক উপাৰ্জন কৰে তাকে মুখ্য সংস্থাপন হিচাপে গণ্য কৰা হয় ।”

যদিও প্ৰাৰ্থিত্বৰ গ্ৰহণ ভাষণ হোৱাইট হাউছৰ পৰা প্ৰদান কৰাৰ বাবে ড'নাল্ড ট্ৰাম্পক নিয়মমতে ভুল বুলি ক’ব নোৱাৰি, তথাপি তেওঁৰ চৰকাৰী পদবীক ৰিপাব্লিকান দলৰ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা বুলি সমালোচকসকলে মত পোষণ কৰিছে । ৰিপাব্লিকান দলৰ চাৰিদিনীয়া অভিৱৰ্তনৰ দ্বিতীয় দিনটোত অৰ্থাৎ মঙলবাৰে জন পণ্ডাৰক সম্পূৰ্ণভাৱে ক্ষমাদান কৰা বুলি ট্ৰাম্পে ঘোষণা কৰে । পণ্ডাৰ হৈছে এগৰাকী এফ্ৰো-আমেৰিকান লোক । তেওঁ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত কাৰাবন্দীসকলৰ বাবে পুনৰ্সংস্থাপন কেন্দ্ৰ এটা স্থাপন কৰিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে পাঁচগৰাকী নতুন নাগৰিকৰ বাবে নেচাৰেলাইজেশ্যন অনুষ্ঠানৰো আয়োজন কৰে । এই নতুন নাগৰিকসকলৰ আটাইকেইজনেই কৃষ্ণাংগ । ইয়াৰ মাজত এজনৱ ভাৰতীয় আমেৰিকানো আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ অফিচ অৱ্ এথিকচৰ প্ৰাক্তন মুৰব্বী ৱাল্টাৰ চাহুবে এটা টুইটত এনেদৰে লিখিছে—"প্ৰাৰ্থী আৰু চৰকাৰৰ শক্তিৰ মাজত প্ৰাচীৰ হিচাপে থিয় দি আছিল হেটছ্ আইন । আজি নিশা সেই প্ৰাচীৰক এজন প্ৰাৰ্থীয়ে ভাঙি চূৰমাৰ কৰিলে আৰু তেওঁৰ প্ৰচাৰ অভিযানত নিজা শক্তি ব্যৱহাৰ কৰিলে ।" ৰাষ্ট্ৰপতি ট্ৰাম্পে ব্যৱসায়ৰ পৰা আঁতৰি থকাত ব্যৰ্থ হোৱাৰ বাবে ট্ৰাম্প প্ৰশাসনৰ সৈতে হোৱা মনোমালিন্যৰ বাবে চাহুবে ২০১৭ চনত কাৰ্যালয় ত্যাগ কৰিছিল ।

আনহাতে ছেকেট্ৰাৰী অৱ্ ষ্টেট মাইক পম্পিঅ’য়ো অভিৱৰ্তনখনত জেৰুজালেমৰ পৰা ভাগ লয় । জেৰুজালেমত তেওঁ ৰাচাৰ্ড হাচ্ছৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল । হাচ্ছ হৈছে বৈদেশিক সম্পৰ্ক পৰিষদৰ দীৰ্ঘদিনীয়া সভাপতি । তেওঁ ৰিপাব্লিকান দলৰ বিভিন্ন প্ৰশাসনীয় পদত কাৰ্যনিৰ্বাহ কৰিছে । টুইটত চাহুবে প্ৰকাশ কৰে—“যদি মিত্ৰ দেশসমূহে আমাক বিশ্বাস কৰিব লাগে আৰু শত্ৰুবোৰে সন্মান কৰাটো বিচাৰোঁ, তেতিয়া আমেৰিকাৰ বৈদেশিক নীতিৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজন । বৈদেশিক নীতিৰ ৰাজনীতিকৰণৰা ফলত ওলোটা প্ৰভাৱৰ সম্ভাৱনা বৃদ্ধি পায় বা দুইপক্ষীয় সমৰ্থনে গুৰুত্ব হেৰুৱায় । আৰ এন চি ২০২০ চ পম্পিঅ’ই ভাষণ দিয়াটো অনুচিত আছিল।” ড০ সিঙৰ মতে ট্ৰাম্পে হেটছ্ আইন ভংগ কৰা নাই যদিও তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ চলোৱাৰ বাবে থকা নিয়ম উলংঘা কৰিছে । ড০ সিঙে কয়—“ট্ৰাম্পে দেশখন টুইটৰ জৰিয়তে চলাব বিচাৰে । আমৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ চলোৱাৰ বাবে থকা সকলো ঐতিহাসিক নিয়ম ইয়াৰ জৰিয়তে ভংগ কৰা হয় ।” “কৰ’ণাভাইৰাছ সম্পৰ্কত তেওঁ মুখ্য স্বাস্থ্য বিষয়াগৰাকীক অৱজ্ঞা কৰাৰ লগতে জীৱন-মৃত্যুৰ লগত জড়িত তেনে এক গুৰুত্বপূৰ্ণ বিষয়ত বৈজ্ঞানিক মতৰ সলনি ব্যক্তিগত মতামতক অগ্ৰাধিকাৰ দিয়ে ।”

ড০ সিঙে লগতে কয় যে ওবামাই আমেৰিকাত প্ৰদান কৰা নৈতিক নেতৃত্বৰ ট্ৰাম্পৰ দিনত অৱক্ষয় ঘটিছে ৷

লগতে পঢ়ক : জি এছ টি বকেয়াঃ বিহাৰে জি এছ টি পৰিষদত ৰাজ্যসমূহৰ একতাক বিভাজিত কৰিছে নে কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.