ETV Bharat / international

নিজ সমৰ্থকৰ সমালোচনাক উপযুক্ত বুলি ক’লে ট্ৰাম্পে

author img

By

Published : Jan 13, 2021, 2:04 PM IST

আমেৰিকাৰ কেপিটল হিলত অৰাজক, হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্বে ট্ৰাম্পৰ সমৰ্থকসকলে কৰা সমালোচনাক উপযুক্ত বুলি মন্তব্য ট্ৰাম্পৰ । ৩ নৱেম্বৰত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেন জয়ী হোৱাটো নিশ্চিত হৈ পৰাত ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক নিৰ্বাচনৰ ফলাফলৰ বিৰুদ্ধে বিৰোধিতা কৰিবলৈ উৎসাহ যোগায় ।

ডনাল্ড ট্ৰাম্প
ডনাল্ড ট্ৰাম্প

নিউজ ডেস্ক, ১৩ জানুৱাৰী : আমেৰিকাৰ কেপিটল হিলত অৰাজক, হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে কৰা সমালোচনাক উপযুক্ত বুলি মন্তব্য কৰে ট্ৰাম্পে । ট্ৰাম্পৰ সমৰ্থকসকলে ইলেক্টৰেল কলাজৰ বিৰোধিতাৰে কেপিটল হিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ট্ৰাম্পৰ সমৰ্থকসকলৰ উগ্ৰ ৰূপ দমন কৰিবলৈ যোৱা আৰক্ষীৰ সৈতেও হতাহতি হয় । পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক বিষম হৈ পৰাত কাৰ্ফিউ জাৰি কৰিবলৈ বাধ্য হয় । ৩ নৱেম্বৰত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেন জয়ী হোৱাটো নিশ্চিত হৈ পৰাত ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক নিৰ্বাচনৰ ফলাফলৰ বিৰুদ্ধে যোৱা সপ্তাহত হোৱাইট হাউচ বিৰোধিতা কৰিবলৈ উৎসাহ যোগায় ।

হোৱাইট হাউচৰ বাহিৰত ইলিপ্সত হোৱা এক ৰেলীত কংগ্ৰেছে ভাল কাম কৰিব লাগিব বুলি দাবী জনোৱাৰ লগতে অধিক শক্তিশালী আৰু দৃঢ় হ'ব লাগিব বুলি ট্ৰাম্পে কয় । যেতিয়ালৈকে ট্ৰাম্পে তেওঁৰ আসন এৰি নিদিয়ে সেই পৰ্যন্তলৈ সকলো সামাজিক যোগাযোগ ব্যৱস্থাৰ পৰা বহিস্কাৰ কৰা হয় ট্ৰাম্পক ।

উল্লেখ্য যে, ৩ নৱেম্বৰত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেন জয়ী হোৱাৰ পাচত আমেৰিকাৰ কেপিটল হিলত ট্ৰাম্পৰ উগ্ৰ সমৰ্থকসকলে হিংসাত্মক ঘটনা সংঘটিত কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

লগতে পঢ়ক:মাৰ্কিন কেপিট’ল হিংসা : 70 গৰাকীৰ বিৰুদ্ধে অভিযোগ এফবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.