ETV Bharat / international

ৰাষ্ট্ৰপতি নিৰ্বাচন স্থগিতকৰণৰ বাবে ট্ৰাম্পৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা ক্ষীণ

“মেইল-ইন-ভোটিঙৰ ফলত (অনুপস্থিতিৰ ভোটিং নহয়) ২০২০ বৰ্ষৰ নিৰ্বাচন ইতিহাসৰ আটাইতকৈ ভুল আৰু ভূৱা নিৰ্বাচন হিচাপে পৰিগণিত হ’ব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এয়া ডাঙৰ লাজৰ বিষয় হৈ পৰিব ৷ মানুহে সঠিকভাৱে, নিৰাপদে ভোট প্ৰদান কৰিব নোৱৰালৈকে নিৰ্বাচন পিছুৱাই দিয়া হওক???” ট্ৰাম্পে এনেদৰে টুইট কৰে । পোষ্টেল ভোটিঙৰ ফলত ভূৱা আৰু ভুল ফলাফল ওলাব বুলি ট্ৰাম্পে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও ট্ৰাম্পৰ দলৰ নেতাসকলে তেনেধৰণৰ ধাৰণাক নাকচ কৰিছে ৷

Trump bid to defer presidential poll has little chance Etv Bharat news
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
author img

By

Published : Aug 2, 2020, 10:32 AM IST

নতুন দিল্লী,2 আগষ্ট: কোভিড ১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা তীব্ৰ সমালোচনা আৰু অ’পিনিয়ন প’লত স্থানৰ অৱনতিৰ মাজতে এই বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন স্থগিত ৰখাৰ বাবে ড’নাল্ড ট্ৰাম্পৰ চেষ্টা হয়তো সফল নহ’ব । আনকি ৰিপাব্লিকান পাৰ্টিৰ নেতাসকলে এয়া সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰি আহিছে । কৰ’ণা মহামাৰীৰ বাবে মেইল ভোটিঙৰ সম্ভাৱনা ব্যক্ত কৰি এই বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচন স্থগিত ৰাখিব লাগে বুলি কৈ ট্ৰাম্পে বৃহস্পতিবাৰে ধুমুহাৰ সৃষ্টি কৰিছিল ৷

“মেইল-ইন-ভোটিঙৰ ফলত (অনুপস্থিতিৰ ভোটিং নহয়) ২০২০ বৰ্ষৰ নিৰ্বাচন ইতিহাসৰ আটাইতকৈ ভুল আৰু ভূৱা নিৰ্বাচন হিচাপে পৰিগণিত হ’ব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এয়া ডাঙৰ লাজৰ বিষয় হৈ পৰিব ৷ মানুহে সঠিকভাৱে, নিৰাপদে ভোট প্ৰদান কৰিব নোৱৰালৈকে নিৰ্বাচন পিছুৱাই দিয়া হওক???” ট্ৰাম্পে এনেদৰে টুইট কৰে । পোষ্টেল ভোটিঙৰ ফলত ভূৱা আৰু ভুল ফলাফল ওলাব বুলি ট্ৰাম্পে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও ট্ৰাম্পৰ দলৰ নেতাসকলে তেনেধৰণৰ ধাৰণাক নাকচ কৰিছে ৷ চিনেটৰ সংখ্যাগৰিষ্ঠ নেতা কেনটাকীৰ ৰিপাব্লিকান মিচ্ছ্ মেককনেলৰ মত এনেধৰণৰ— " যুদ্ধ, অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো আমাৰ দেশৰ ইতিহাসত সময়মতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ উদাহৰণ নাইনে? এইবাৰো ৩ নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমি যিকোনো প্ৰকাৰে উপায় উলিয়াম ৷ " হাউচ অৱ ৰিপ্ৰেজেণ্টিটিভৰ সংখ্যালঘু নেতা তথা কেলিফ’ৰ্ণিয়াৰ ৰিপাব্লিকান কেভিন মেককেথীয়ে অনুৰূপ মন্তব্য কৰে ৷ তেওঁৰ মতে—“যুক্তৰাষ্ট্ৰীয় ইতিহাসত কেতিয়াও আমি নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ থকা নাই ৷ আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাব লাগিব ৷ " নৱেম্বৰৰ প্ৰথমটো মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই বছৰ এই দিনটো ৩ নৱেম্বৰত পৰিছে ৷ কোভিড-১৯ ৰ ফলত আমেৰিকাত ১,৫০,০০০ লোকৰ মৃত্যু হোৱাৰ লগতে বৰ্ণবৈষম্য, অনুপ্ৰৱেশ আদি বিষয়ত ট্ৰাম্পে সন্মুখীন হোৱা তীব্ৰ সমালোচনাৰ পাছত তেওঁ এনেধৰণৰ পৰামৰ্শ দিছে ৷ অ’পিনিয়ন প’লৰ মতে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আৰু ডেমক্ৰেটৰ মনোনীত প্ৰাৰ্থী জো বিডেনতকৈ ট্ৰাম্প পিছপৰি আছে ৷ উদাহৰণস্বৰূপে ৰিয়েল ক্লিয়েৰ পলিটিকছ নামৰ অনুষ্ঠানটোৰ তথ্যৰ ভিত্তিত যুগুত কৰা ফাইনেন্সিয়েল টাইমছৰ শেহতীয়া প’ল ট্ৰেকাৰৰ মতে মুঠ ৫৩৮ নিৰ্বাচনী কলেজ ভোটৰ ভিতৰত বিডেনে ৩০৮ খনত জয়ী হোৱাৰ সম্ভাৱনা থকাৰ লগতে ট্ৰাম্পৰ সম্ভাৱনা মাত্ৰ ১২৮ খন ৷ জয়লাভ কৰিবলৈ প্ৰাৰ্থীগৰাকীয়ে ৫৩৮ টা ভোটৰ ভিতৰত ২৭০ টা লাভ কৰাটো প্ৰয়োজন ৷ কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে তেওঁৰ সৈতে থকা মৌন গৰিষ্ঠ লোকসকলৰ মতামতক এনেধৰণৰ সমীক্ষাই প্ৰতিফলিত নকৰে ৷ কিন্তু তেওঁ অধিক সমৰ্থন আদায় কৰাৰ বাবে নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ পক্ষত মাত মতা সত্বেও সেয়া হৈ নুঠিব ৷ কিয়নো তেনে সিদ্ধান্ত আমেৰিকাৰ সংবিধান বিৰোধী হ’ব ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

ইউএছ ইণ্ডিয়া পলিটিকেল এক্সন কমিটিৰ প্ৰতিষ্ঠাপক ৰবিন্দৰ সচদেৱে ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া কথা-বতৰাত কয়— “আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনা তেনেই ক্ষীণ ৷ কিয়নো আমেৰিকাৰ কংগ্ৰেছে এই দিনটো সংবিধানৰ ভিত্তিত নিৰ্ধাৰণ কৰি দিয়ে আৰু সেয়া কেৱল কংগ্ৰেছেহে সলনি কৰিব পাৰিব ৷ দেশখনত নৱেম্বৰৰ প্ৰথমটো মঙলবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয় ৷” সচদেৱে লগতে কয়—“ট্ৰাম্প বা আন যিকোনো ৰাষ্ট্ৰপতিৰে এই দিনটো সলনি কৰাৰ ক্ষমতা নাই ৷ “মাত্ৰ জৰুৰীকালীন অৱস্থাতহে ৰাষ্ট্ৰপতিয়ে জৰুৰী ক্ষমতা ব্যৱহাৰ কৰি ক্ষমতাত অধিষ্ঠিত হৈ থাকিব পাৰে ৷ ইয়াৰ ফলত তাৰিখ সলনি বা পিছুৱাই যাব পাৰে ৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত কাহানিও ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ সলনি হোৱা নাই ৷ যদি তাৰিখটো সলনি কৰা হয়, সেয়া হ’ব আমেৰিকাৰ গণতন্ত্ৰৰ প্ৰতি মোক্ষম আঘাত ।” অৰ্থনীতিৰ উত্থান হৈছে, ষ্টক বজাৰ ঊৰ্ধগামী হৈছে, নিবনুৱাৰ হাৰ হ্ৰাস পাইছে আৰু মহামাৰীও নিয়ন্ত্ৰণত আহিছে বুলি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ট্ৰাম্পে ভোটাৰসকলৰ আগত দাবী কৰি আহিছে ৷ মূলতঃ ২০১৬ চনৰ তেওঁৰ প্ৰচাৰ অভিযানত ব্যৱহৃত আমেৰিকাক পুনৰ মহান দেশ হিচাপে গঢ়ি তোলা শ্লোগানটোকে তেওঁ আওৰাই আছে ৷ বিডেনে একেইবোৰ বিষয়কে উত্থাপন কৰিছে যদিও তেওঁৰ দৰে এজন লোকেহে আমেৰিকাক সঠিক পথত আনিব পাৰিব বুলি দাবী কৰি এই বিষয়বোৰ পুনৰবাৰ উলিয়াই আনিছে ৷ সচদেৱে এইক্ষেত্ৰত মত ব্যক্ত কৰি কয়—“আমেৰিকাত দেখা পোৱা স্পষ্ট কথাটো হ’ল সকলো শ্ৰেণীৰ লোকেই-সেয়া ৰিপাব্লিকানে হওঁক বা ডেমক্ৰেটে হওঁক কোনো সুখী নহয় ৷”

ট্ৰাম্পৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা ক্ষীণ

“এতিয়া ট্ৰাম্পে এই সুখহীনতাৰ বিষয়টোৰ লগতে খেলি আছে ৷ আমেৰিকাৰ বিশাল জনগণৰ তেওঁৰ সমৰ্থনকাৰীসকলক ট্ৰাম্পে কৈছে—চাওক আমাৰ দেশখনে পুনৰ যুঁজিব আৰু মোৰ সামৰ্থ অনুসৰি যিমান সম্ভৱ মোৰ কাম কৰি আহিছো ৷ তাৰ প্ৰমাণ হিচাপে অৰ্থনীতি ভালদৰে আগবাঢ়িছে, নিবনুৱা সমস্যাৰ হাৰ হ্ৰাস পাইছে ৷ আগতীয়া সমীক্ষাৰ ফলাফলৰ কোনো মূল্য নাই ৷ কিয়নো আমেৰিকাক পুনৰ মহান দেশ হিচাপে গঢ়াৰ বাবে মোৰ সৈতে থকা নীৰৱ সংখ্যাগুৰুসকলক সেইবোৰে হিচাপত নধৰে ৷” সচদেৱৰ মতে বিডেনে আনহাতে ট্ৰাম্পক বেছি কথা ক’বলৈ সুবিধা দিছে ৷ কিয়নো ট্ৰাম্পৰ মন্তব্যবোৰে অধিক বিতৰ্ক আৰু বিৰোধৰহে সৃষ্টি কৰিছে ৷ তেওঁ কয়—“বিডেনে যিবোৰ বিষয়ত গুৰুত্ব দিছে সেইবোৰ কেৱল আমেৰিকাৰ ঘৰুৱা নীতিয়েই নহয় ৷ তেওঁ আমেৰিকাক সঠিক অৱস্থালৈ ওভোটাই আনিব বুলি কোৱা কথাষাৰৰ জৰিয়তে তেওঁ ৰাইজক বুজাব বিচাৰিছে যে ট্ৰাম্পে সঠিক পথেৰে আগুৱাব পৰা নাই ৷ ট্ৰাম্পে যিবোৰ ক্ষতি কৰিছে সেইবোৰ ঠিক কৰিবলৈ আৰু আমেৰিকাক পুনৰবাৰ সঠিক পথত আনিবলৈ মোৰ দৰে সংবেদনশীল নেতাৰহে প্ৰয়োজন আছে বুলি বিডেনে পতিয়ন নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ৷

অৰুণিম ভূঞা

লগতে চাওকঃ কলিকতাত জব্দ বৃহৎ পৰিমাণৰ চেনিটাইজাৰ: ধৃত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.