ETV Bharat / international

ভাৰতৰ ভয়াৱহ ক’ভিড পৰিস্থিতিয়ে দিছে বিপদৰ আগজাননী: ইউনিচেফ

author img

By

Published : May 6, 2021, 5:58 PM IST

ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে (ইউনিচেফ) ভাৰতলৈ অতিৰিক্ত গুৰুত্বপূৰ্ণ জীৱন ৰক্ষাকাৰী সামগ্ৰী প্ৰেৰণ কৰিছে ৷ যাৰ ভিতৰত আছে 2 নিযুত ফেচশ্বিল্ড আৰু 2 লাখ চাৰ্জিকেল মাস্ক । ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফ'ৰে মঙলবাৰে কয় যে, ভাৰতত কৰ’ণা ভাইৰাছে সৃষ্টি কৰা কৰুণ পৰিস্থিতিয়ে আমাৰ সকলোৰে বাবে বিপদৰ আগজাননী প্ৰদান কৰিছে ।

tragic-covid-19-situation-in-india-should-raise-alarm-bells-for-all-of-us-unicef
ভাৰতৰ ভয়াৱহ ক’ভিড পৰিস্থিতিয়ে দিছে বিপদৰ আগজাননী: ইউনিচেফ

নেশ্যনেল ডেস্ক,6 মে’: ভাৰতত কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিয়ে আমাৰ সকলোৰে বাবে বিপদৰ আগজাননী দিছে ৷ ৰাষ্ট্ৰসংঘৰ শিশু সংস্থাৰ মুৰব্বীয়ে কয় যে, যেতিয়ালৈকে কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰা দেশসমূহৰ সহায়ৰ বাবে বিশ্বৰ অন্যান্য দেশসমূহ আগবাঢ়ি নাহিব, তেতিয়ালৈকে কৰ’ণা ভাইৰাছ সম্পৰ্কীয় মৃত্যু, ভাইৰাছৰ ৰূপ পৰিৱৰ্তন আৰু যোগান বিলম্বৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈয়ে থাকিব ৷

ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে (ইউনিচেফ) ভাৰতলৈ অতিৰিক্ত গুৰুত্বপূৰ্ণ জীৱন ৰক্ষাকাৰী সামগ্ৰী প্ৰেৰণ কৰিছে ৷ যাৰ ভিতৰত আছে 2 নিযুত ফেচশ্বিল্ড আৰু 2 লাখ চাৰ্জিকেল মাস্ক । ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফ'ৰে মঙলবাৰে কয় যে, ভাৰতত কৰ’ণা ভাইৰাছে সৃষ্টি কৰা কৰুণ পৰিস্থিতিয়ে আমাৰ সকলোৰে বাবে বিপদৰ আগজাননী প্ৰদান কৰিছে ।

উল্লেখ্য যে, ভাৰতত ক’ভিড-19 ৰ দ্বিতীয় ঢৌ অব্যাহত আছে আৰু দৈনিক 3 লাখৰো অধিক লোক কৰ’ণাত সংক্ৰমিত হৈছে ৷ প্ৰায় 3 হাজাৰ লোকে দৈনিক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷ ভাৰতত মুঠ 20.6 মিলিয়ন নিশ্চিত ক’ভিডত আক্ৰান্ত ৰোগী আছে আৰু এইপৰ্যন্ত ক’ৰণাত আক্ৰান্ত হৈ 2 লাখ 26 হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে । দক্ষিণ এছিয়া অঞ্চলৰ দেশবোৰত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ ইয়াৰে 90 শতাংশ আক্ৰান্তৰ মৃত্যু ভাৰততে হৈছে । বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই তথ্য ৷

বিশ্ব স্বাস্থ্য সংস্থাই লগতে কয় যে, যোৱা সপ্তাহত বিশ্বব্যাপী কৰ’ণাত আক্ৰান্ত হোৱাৰ ঘটনাৰ ৪৬ শতাংশ আৰু বিশ্বব্যাপী মৃত্যুৰ ২৫ শতাংশ ঘটনা ভাৰতত আছিল ।

দক্ষিণ এছিয়াৰ ইউনিচেফৰ আঞ্চলিক সঞ্চালক জৰ্জ লাৰিয়া-আদজেই এক বিবৃতিত কয় যে, এই মহামাৰীক ৰোধ কৰিবলৈ জৰুৰী পদক্ষেপ আৰু দৃঢ় নেতৃত্ব অপৰিহাৰ্য । চৰকাৰে এই মহামাৰী ৰোধ কৰিবলৈ তেওঁলোকৰ ক্ষমতাৰ ভিতৰত সকলো কৰিব লাগিব ৷ তদুপৰি আন্তৰ্জাতিক সম্প্ৰদায়ে পলম নকৰাকৈ সহায়ৰ বাবে আগবাঢ়ি আহিব লাগিব ৷

লগতে পঢ়ক: আমেৰিকাৰ শীৰ্ষ জনস্বাস্থ্য বিশেষজ্ঞৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰদূতৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.