নিউজ ডেক্স, 4 আগষ্ট : শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ আল পাছ'অ চহৰৰ ৱালমাৰ্ট মলত সংঘটিত হয় এক ভয়াবহ গুলিচালনা কাণ্ড ৷ 3 আগষ্টৰ পুৱা আমেৰিকা-মেস্কিকো সীমাৰ পৰা কেৱল মাত্ৰ তিনি কিলোমিটাৰ নিলগত সংঘটিত হল এই ঘটনা ৷ মাৰ্কিন সূত্ৰই প্ৰকাশ কৰা মতে আৰক্ষীয়ে পেট্ৰিক ক্ৰুচিয়াছ নামৰ 21 বছৰীয়া এজন সন্দেহজনক বন্ধুকধাৰীক ইতিমধ্যে নিজৰ জিম্মাত লৈছে ৷ চিচিটিভি কেমেৰাৰ ফুটেজত ক'লা ৰঙৰ টি-চাৰ্ট পৰিহিত বন্ধুকধাৰী জনক কাণত শব্দ প্ৰতিৰোধী পিন্ধি অত্যাধুনিক অস্ত্ৰৰে সু-সজ্জিত অৱস্থাত দেখা গৈছে ৷ আৰক্ষীৰ মুখপাত্ৰ ছাৰ্জেন্ট ৰৰ্বাট গমেজৰ ভাষ্য অনুসৰি গুলিচালনাৰ সময়ত ৱালমাৰ্টত স্কুল সামগ্ৰীৰ চাপ্লাই চলি থকা হেতুকে যথেষ্ট শিশুসহ ক্ৰেতাৰ যথেষ্ট ভিৰ আছিল ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে পুৱা 1৹ বজাত খবৰ পাই ৱালমাৰ্টত উপস্থিত হৈ সন্দেহজনক বন্ধুকধাৰীজনক আটক কৰে ৷ ঘটনাৰ এজন প্ৰত্যক্ষদর্শী গ্লেনডন অকালিয়ে গুলিচালনাৰ বিৱৰণ দি কয় "মই সেই সময়ত খেলৰ সামগ্ৰী কিনা শাখাত আছিলো তেনেতে এজন সৰু ল'ৰা দৌৰি আহি তলত গুলিচালনা হোৱা বুলি জনাই ৷ প্ৰথম অৱস্থাত ল'ৰা জনৰ কথা কোনোও গুৰুত্ব দিয়া নাছিল পাছত গুলিৰ শব্দ শুনাত সকলো পলাবলৈ আৰম্ভ কৰে "৷ ইফালে ঘটনাৰ পাছত আল পাছ'অ পুলিছ বিভাগে ৰক্তদাতা বিচাৰি ছচিয়েল মেডিয়াত এটা টুইত কৰে ৷ শনিবাৰৰ এই গুলিচালনাৰ ঘটনাক টেক্সাছ প্ৰদেশৰ ইতিহাসৰ এটা অন্যতম ক'লা দিন হিচাপে আখ্যা দিয়া হৈছে ৷
টেক্সাছৰ ৱাল মাৰ্টত দুৰ্বিত্তৰ গুলি চালনা : নিহত 20 - unknown shooter killed 20 people
অচিনাক্ত বন্ধুকধাৰীৰ নেৰানেপেৰা গুলিবৰ্ষনত থিতাতে মৃত্যুক সাবটিলে 20 জনকৈ নিৰিহ লোকে ৷

নিউজ ডেক্স, 4 আগষ্ট : শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ আল পাছ'অ চহৰৰ ৱালমাৰ্ট মলত সংঘটিত হয় এক ভয়াবহ গুলিচালনা কাণ্ড ৷ 3 আগষ্টৰ পুৱা আমেৰিকা-মেস্কিকো সীমাৰ পৰা কেৱল মাত্ৰ তিনি কিলোমিটাৰ নিলগত সংঘটিত হল এই ঘটনা ৷ মাৰ্কিন সূত্ৰই প্ৰকাশ কৰা মতে আৰক্ষীয়ে পেট্ৰিক ক্ৰুচিয়াছ নামৰ 21 বছৰীয়া এজন সন্দেহজনক বন্ধুকধাৰীক ইতিমধ্যে নিজৰ জিম্মাত লৈছে ৷ চিচিটিভি কেমেৰাৰ ফুটেজত ক'লা ৰঙৰ টি-চাৰ্ট পৰিহিত বন্ধুকধাৰী জনক কাণত শব্দ প্ৰতিৰোধী পিন্ধি অত্যাধুনিক অস্ত্ৰৰে সু-সজ্জিত অৱস্থাত দেখা গৈছে ৷ আৰক্ষীৰ মুখপাত্ৰ ছাৰ্জেন্ট ৰৰ্বাট গমেজৰ ভাষ্য অনুসৰি গুলিচালনাৰ সময়ত ৱালমাৰ্টত স্কুল সামগ্ৰীৰ চাপ্লাই চলি থকা হেতুকে যথেষ্ট শিশুসহ ক্ৰেতাৰ যথেষ্ট ভিৰ আছিল ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে পুৱা 1৹ বজাত খবৰ পাই ৱালমাৰ্টত উপস্থিত হৈ সন্দেহজনক বন্ধুকধাৰীজনক আটক কৰে ৷ ঘটনাৰ এজন প্ৰত্যক্ষদর্শী গ্লেনডন অকালিয়ে গুলিচালনাৰ বিৱৰণ দি কয় "মই সেই সময়ত খেলৰ সামগ্ৰী কিনা শাখাত আছিলো তেনেতে এজন সৰু ল'ৰা দৌৰি আহি তলত গুলিচালনা হোৱা বুলি জনাই ৷ প্ৰথম অৱস্থাত ল'ৰা জনৰ কথা কোনোও গুৰুত্ব দিয়া নাছিল পাছত গুলিৰ শব্দ শুনাত সকলো পলাবলৈ আৰম্ভ কৰে "৷ ইফালে ঘটনাৰ পাছত আল পাছ'অ পুলিছ বিভাগে ৰক্তদাতা বিচাৰি ছচিয়েল মেডিয়াত এটা টুইত কৰে ৷ শনিবাৰৰ এই গুলিচালনাৰ ঘটনাক টেক্সাছ প্ৰদেশৰ ইতিহাসৰ এটা অন্যতম ক'লা দিন হিচাপে আখ্যা দিয়া হৈছে ৷
TEXUS ENCOUNTER
Conclusion: