ETV Bharat / international

প্ৰথমবাৰলৈ ৰ'ভাৰ চুপাৰকেমত বন্দী মঙল গ্ৰহৰ বতাহৰ শব্দ

author img

By

Published : Mar 11, 2021, 4:18 PM IST

নাছাৰ ৰ'ভাৰে চুপাৰকেমৰ সহায়ত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ বতাহৰ শব্দ ৰেকৰ্ড কৰে, যাক লেজাৰ প্ৰযুক্তিৰ ব্যৱহাৰেৰে দৃশ্য আৰু শব্দ ধৰিবলৈ ডিজাইন কৰা হৈছিল ।

প্ৰথমবাৰলৈ ৰ'ভাৰ চুপাৰকেমত বন্দী মংগল গ্ৰহৰ বতাহৰ শব্দ

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ মাৰ্চ: নাছাৰ মাৰ্চ ৰ'ভাৰে পোন প্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰিলে মঙল গ্ৰহৰ বতাহৰ শব্দ । নাছাই লাভ কৰা মঙল গ্ৰহৰ বতাহৰ (মাৰ্চীয়ান বতাহ) অডিঅ' ৰেকৰ্ডিং বন্দী হৈছে চুপাৰকেমত । চুপাৰকেমে টুলুজৰ ফৰাচী মহাকাশ সংস্থাৰ অপাৰেচন চেণ্টাৰলৈ অডিঅ' ডাটা প্ৰেৰণ কৰিছিল, যিটো আছিল আন এটা গ্ৰহত লেজাৰ জাপৰ প্ৰথম অডিঅ' । চুপাৰকেমৰ মুখ্য অনুসন্ধানকাৰী বিষয়া ৰজাৰ উইঞ্চে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে চুপাৰকেমে মঙল গ্ৰহত ইমান সুন্দৰকৈ কাম কৰা দেখিবলৈ পোৱাটো অতি আচৰিত । তেওঁলোকে আঠ বছৰ পূৰ্বে ইয়াৰ সপোন দেখিছিল । অৱতৰণৰ মাত্ৰ ১৮ ঘণ্টাৰ ভিতৰতে ৰ'ভাৰ ডেকে প্ৰথম ফাইলত মঙল গ্ৰহৰ অজ্ঞান শব্দবোৰ ধৰি লৈছিল ।

দ্বিতীয় ফাইলৰ ২০ ছেকেণ্ডৰ ৰেকৰ্ডিঙত বতাহৰ শব্দবোৰ আৰু বেছি স্পষ্ট আছিল । চুপাৰকেমৰ তৃতীয়টো ফাইলত লেজাৰে ১০ ফুট দূৰত্বৰ এটা শিলত ৩০ বাৰকৈ আঘাত কৰাৰ শব্দ ধৰা পৰিছিল । ইফালে পৃথিৱীৰ বাহিৰে আন গ্ৰহত প্ৰথমবাৰলৈ চুপাৰকেমে ৰমন স্পেকট্ৰ'স্কপি ব্যৱহাৰ কৰিছে । পেৰিছস্থিত চেন্টাৰ নেচনেল ডি'ইটিডছ স্পেচিয়েলছৰ গৱেষণা পৰিচালক অ'লিভাৰ বেইচেকে জনোৱা মতে সাম্ভাব্য জৈৱিক আৰু খনিজ পদাৰ্থ চিনাক্তকৰণত ৰমণ স্পেকট্ৰ'স্কপি প্ৰযুক্তিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব ।

চুপাৰকেম নিউ মেক্সিক'ৰ লছ এলামোছ নেচনেল লেব’ৰেটৰি আৰু চিএনইএছৰ অধীনত ফৰাচী গৱেষণা পৰীক্ষাগাৰৰ এক সংযোজকৰ দ্বাৰা যৌথভাৱে নিৰ্মাণ কৰা হৈছিল । নাছা কৰ্তৃপক্ষই জনোৱা মতে চুপাৰকেমে ৰ'ভাৰৰ চকু আৰু কাণৰ দৰে কাম কৰে । লেজাৰবোৰে কিহত আঘাত কৰিছে সেয়া চাবলৈ আৰু শব্দবোৰ শুনি সেয়া প্ৰকৃততে কি তাক বিশ্লেষণ কৰাত সহায় কৰে ।

লগতে পঢ়ক: ইণ্ডোনেছিয়াৰ বাছ দুৰ্ঘটনাঃ উদ্ধাৰ অভিযান অব্য়াহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.