ETV Bharat / international

সূৰ্যপৃষ্ঠৰ একেবাৰে কাষ চপাত সহায় কৰিব চোলাৰ অৰ্বিটাৰে - মহাকাশলৈ প্ৰেৰণ চোলাৰ অৰ্বিটাৰ

কেতিয়াও সংগ্ৰহ নকৰা সূৰ্যপৃষ্ঠৰ ছবি সংগ্ৰহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হয় আমেৰিকা আৰু ইউৰোপৰ যুটীয়া সহযোগত নিৰ্মিত চোলাৰ অৰ্বিটাৰ ৷ ইউৰোপৰ কেপ কানাভেৰেলৰ পৰা দুয়োখন দেশৰ প্ৰায় 1,000 মহাকাশ বিজ্ঞানীৰ উপস্থিতিত মহাকাশলৈ প্ৰেৰণ কৰা হয় মহাকাশযানখন ৷

সূৰ্যপৃষ্ঠৰ একেবাৰে কাষ চপাত সহায় কৰিব চোলাৰ অৰ্বিটাৰে

author img

By

Published : Feb 10, 2020, 7:37 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 10 ফেব্ৰুৱাৰী : ইউৰোপ আৰু নাছাৰ যুটীয়া সহযোগিতাত সূৰ্যপৃষ্ঠৰ ফটো সংগ্ৰহৰ বাবে দেওবাৰে মহাকাশলৈ প্ৰেৰণ কৰা হয় চোলাৰ অৰ্বিটাৰ ৷ 1.5 বিলিয়ন ডলাৰ মূল্যৰ মহাকাশযানখনে নাছাৰ পাৰ্কাৰ চোলাৰ প্ৰোবৰ সৈতে সংযোজিত হ'ব যাক আজিৰ পৰা ডেৰবছৰ পূৰ্বেই মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ৷ পাৰ্কাৰৰ দৰেই চোলাৰ অৰ্বিটাৰখনেও সূৰ্যৰ বহিঃপৃষ্ঠৰ অটম'স্ফেয়াৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই যদিও, পূৰ্বে কেতিয়াও সক্ষম নোহোৱা সূৰ্যৰ দুয়োটা মেৰুৰ চাৰিওফালে এপাক ঘুৰি ফটো সংগ্ৰহৰ লগতে নিজেই বিস্ফোৰিত হৈ যাব ৷ দুয়োখন যানেই একেলগে অৰ্কেষ্ট্ৰাৰ দৰে কাম কৰিব বুলি জনাইছে, ইউৰোপিয়া মহাকাশ সংস্থাৰ বিজ্ঞানী তথা নিৰ্দেশক গান্থাৰ হাচিংগাৰে ৷

ইউৰোপত নটাকৈ বিজ্ঞান প্ৰযুক্তিৰ সংমিশ্ৰনত চোলাৰ অৰ্বিটাৰখন বনোৱা হৈছিল আৰু ইয়াৰ দহসংখ্যক প্ৰযুক্তিটো নাছাই প্ৰদান কৰাৰ লগতে দেওবাৰে নিশাৰ ভাগত কেপ কানাভেৰেলৰ পৰা ইয়াৰ মহাকাশলৈ প্ৰেৰণ কৰা হয় ৷ আমেৰিকা আৰু ইউৰোপৰ প্ৰায় 1,000 বিজ্ঞানীৰ সমাৱেশত এটলাভ ফাইভ ৰকেটৰ সহায়ত ইয়াক মহাকাশলৈ প্ৰেৰণ কৰা হয় ৷ মহাকাশলৈ প্ৰেৰণৰ এঘন্টা পিচতেই ৰকেটৰ পৰা কৃত্ৰিম উপগ্ৰহটো পৃথক হোৱাৰ লগতে মহাকাশলৈ নিজে নিজে উৰণ সম্পন্ন কৰে ৷

Solar Orbiter blasts off to capture 1st look at sun's poles
সূৰ্যপৃষ্ঠৰ এটা দৃশ্য

পকাই পকাই লগোৱা বুম আৰু এন্টেনাৰে সজ্জিত চোলাৰ অৰ্বিটাৰ হৈছে এখন মহাকাশযান যাৰ ওজন প্ৰায় 1,800 কিলোগ্ৰাম ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ই শুক্ৰগ্ৰহ অতিক্ৰম কৰাৰ লগতে পৰৱৰ্তী বৰ্ষত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিক ব্যৱহাৰ কৰি ইয়াক অতিক্ৰম কৰিব ৷ যানখনৰ সম্পূৰ্ণ অভিযান 2021 চনত আৰম্ভ হৈ 2022 চনত প্ৰথমবাৰৰ বাবে সূৰ্যপৃষ্ঠৰ কাষ চাপিব আৰু ইয়াৰ পৰৱৰ্তী ছমাহকৈ সময়ত সূৰ্যপৃষ্ঠৰ অধিক কাষ চাপি যাব ৷ বুধগ্ৰহৰ কক্ষপথৰ সমান্তৰালকৈ যানখনে সূৰ্যপৃষ্ঠৰ প্ৰায় 42 মিলিয়ন কিলোমিটাৰ কাষ চাপি যাব ৷ উল্লেখ্য যে, পাৰ্কাৰ চোলাৰ প্ৰোবে ইতিমধ্যেই সূৰ্যৰ 11.6 মিলিয়ন কিলোমিটাৰ কাষ চাপিবলৈ সক্ষম হৈছে যিটো একপ্ৰকাৰৰ অভিলেখ, আৰু 2025 চনৰ ভিতৰত 6 মিলিয়ন কিলোমিটাৰৰ দুৰত্ব পৰিভ্ৰমণ কৰি দৃশ্যাংশ সংগ্ৰহ কৰিব ৷ কিন্তু ই সূৰ্যপৃষ্ঠৰ একেবাৰে কাষলৈ যাবলৈ সক্ষম হোৱা নাই, সেয়ে তাত চোলাৰ অৰ্বিটাৰে উজ্বলি উঠিবলৈ সক্ষম হ'ব ৷ সূৰ্যৰ ধ্ৰুৱপৃষ্ঠসমূহ ক'লা খণ্ডৰে আবৃত আৰু শীঘ্ৰেই কোৰোনেল পৃষ্ঠ সলনি কৰি থাকে ৷ এইসমূহ হৈছে সূৰ্যৰ চুম্বকীয় পৃষ্ঠৰ মুল, যিয়ে 11 বছৰত পোলাৰিটি সলনি কৰি থাকে ৷ চোলাৰ অৰ্বিটাৰ যানখনে, আমাৰ পৃথিৱীৰ পৰা 150 মিলিয়ন কিলোমিটাৰ দুৰত্বত অৱস্থান কৰি সূৰ্যৰ সঠিক 3D দৃশ্য সংগ্ৰহ কৰিব ৷

চোলাৰ অৰ্বিটাৰৰ সবিশেষ

নাছাৰ হেলিঅফিজিক্স বিভাগৰ নিৰ্দেশক নিকোলা ফক্সে এই সম্পৰ্কে কয় যে, "চোলাৰ অৰ্বিটাৰে এইসমূহ খণ্ডত পোনপটীয়াকৈ লক্ষ্য নিৰ্ধাৰণ কৰিব তাৰ বাবে আমি এইসমূহ বৃহৎ কোৰোনেল হোলসমূহৰ গঠন নিৰীক্ষণ কৰিবলৈ সক্ষম হ'ম ৷ ইয়াৰ পৰাই সূৰ্যপৃষ্ঠৰ চোলাৰ বতাহ আহে, সঁচাকৈ ইয়াক দেখিবলৈ পৃথক লাগিব ৷" সূৰ্যপৃষ্ঠৰ প্ৰচণ্ড গৰম সহ্য কৰিবৰ বাবে চোলাৰ অৰ্বিটাৰৰ বহিঃপৃষ্ঠত জ্বলিত বোন চাৰ্কলৰ দ্বাৰা গঠিত গাঢ় ক'লা ৰঙৰ এটা তৰপ আৰি দিয়া হৈছে ৷ তৰপটোত 10 ফুট আৰু 8 ফুটৰ প্ৰায় 15 ইঞ্চিৰ টাইটানাম ফইলৰ এখন হিট শ্বীল্ড থাকিব, যিয়ে, 1000 ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ 530 ডিগ্ৰী চেলচিয়াছ সহিব পাৰিব ৷ এই হিট শ্বীল্ডত পাঁচটা ফুটা থাকিব যিয়ে, এক্স-ৰে, অতি বেঙুনীয়া ৰশ্মিকে ধৰি অন্যান্য ৱেভ কম্পনাংকৰ জোখ মাখ সংগ্ৰহ কৰিব ৷ সৌৰজগতত জীৱৰ বসতি সংস্থাপনৰ বাবে এই নিৰীক্ষণ অন্যান্য নক্ষত্ৰৰ ওপৰতো একেদৰেই কৰা হ'ব ৷ ইয়াৰ উপৰিও এই অধ্যয়নত যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মোৱা অন্যান্য দিশসমূহ লক্ষ্য কৰা হ'ব যাতে মহাকাশৰ বতৰবিজ্ঞানৰ ওপৰত অধিক নিশ্চিতি প্ৰদান কৰিব পৰা যায় ৷ ইয়াৰ উপৰিও ফক্সে কয় যে, "এয়া আমাৰ বাবে এক সোনালী যুগ, কিন্তু এতিয়াও বহুটো বিজ্ঞান বাকী আছে ৷ এগৰাকী হেলিঅ'ফিজিষ্ট হিচাপে এয়া আমাৰ বাবে গৌৰৱৰ বিষয় ৷" "আমাৰ বাবে সূৰ্যই কিদৰে পৃথিৱী আৰু বুধ তথা চন্দ্ৰৰ পৰিৱেশত কাম কৰে তাক জনাটো খুবেই প্ৰয়োজনীয় ৷ আমি ইয়াক লৈ ভৱিষ্যবানী কৰিব পাৰিব লাগিব ৷ ইয়াৰ বাবে এতিয়াৰে পৰা অপেক্ষাৰ অন্ত পৰিব ৷" এইদৰে কয় চোলাৰ অৰ্বিটাৰ নিৰ্মাণৰ সৈতে জড়িত এয়াৰবাছ ডিফেন্স আৰু স্পেছৰ প্ৰকল্প সঞ্চালক ইয়ান ৱাল্টাৰে ৷

মহাকাশলৈ প্ৰেৰণ চোলাৰ অৰ্বিটাৰ

আমেৰিকান ইউৰোপিয়ান ইউলিছিচ মহাকাশযান যাক, 1990 চনত প্ৰক্ষেপন কৰা হৈছিল, ইতিমধ্যে সূৰ্যপৃষ্ঠৰ কাষত উৰি আছে, কিন্তু প্ৰায় দশকধৰি নিশ্চুপ হৈ আছে আৰু ইয়াত কোনোধৰণৰ কেমেৰা সংযোজিত হৈ নাছিল ৷ ইউৰোপ আৰু নাছাৰ চোহো মহাকাশযান যাক, 1995 চনত প্ৰক্ষেপন কৰা হৈছিল, এতিয়াও বহুটো গুৰুত্বপূৰ্ণ সৌৰ তথ্য প্ৰদান কৰি আছে ৷ ইয়াৰ উপৰিও প্ৰায় ডজনসংখ্যক মহাকাশযানে বিগত 30 বছৰ ধৰি সূৰ্যক কেন্দ্ৰ কৰি মহাকাশত ঘুৰি আছে ৷ পাৰ্কাৰ আৰু চোলাৰ অৰ্বিটাৰৰ দৰে প্ৰযুক্তিৰ উন্নয়ন হোৱাত নজ্বলাকৈ সূৰ্যৰ কাষ চপাত অধিক সক্ষম হ'ব পৰা যাব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.