ETV Bharat / international

চালৰ বিভিন্ন ৰোগো COVID-19 ৰ লক্ষণ হ'ব পাৰে : গৱেষণা

অধ্যয়নৰ মতে, ক'ভিড-19 ৰ চালৰ লক্ষণ হ'ব পাৰে আঙুলিত বেঙুনীয়া,ৰঙা দাগ আদি ৷ ইয়াক 'COVID toes' বুলি জনা যায় ৷ সাধাৰণ সংক্ৰমণ যেনে ৰঙা দাগ আদিৰ পৰা প্ৰাণনাশক ভয়ংকৰ ৰোগলৈ পৰিৱৰ্তন হোৱাৰো আশংকা কৰা হৈছে ৷

আঙুলিত বেঙুনীয়া, ৰঙা দাগ আদিও ক'ভিডৰ লক্ষণ
চালৰ বিভিন্ন ৰোগো COVID-19 ৰ লক্ষণ হ'ব পাৰে : গৱেষণা
author img

By

Published : Jul 28, 2020, 3:41 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই : এক নতুন অধ্যয়নৰ মতে,COVID-19 সংক্ৰমণৰ অন্য লক্ষণ হ'ব পাৰে চালৰ ৰোগ ৷ আমেৰিকান একাডেমী অৱ ডাৰ্মেট'লজী আৰু ইন্টাৰনেশ্যনেল লীগ অৱ ডাৰ্মেট'লজীক চ'ছাইটিৰ সৈতে মাছাচুচেটছ জেনেৰেল হাস্পতাল (MGH) আৰু হাৰ্ভাড মেডিকেল স্কুলৰ (HMS) যুটীয়া গৱেষণাত প্ৰকাশ পাইছে এই তথ্য ৷ মুখ্য গৱেষক ইষ্ঠাৰ ই. ফ্ৰিমেনে এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰে যে,এই নিবন্ধনে COVID-19ৰ চৰ্মবিজ্ঞানৰ বিভিন্ন বহিঃপ্ৰকাশক প্ৰতিনিধিত্ব কৰে ৷ COVID-19 ৰ ফলত শৰীৰত বহুকেইটা বিভিন্ন ধৰণৰ চালৰ ৰোগ হ'ব পাৰে৷

সন্দেহযুক্ত COVID-19 আক্ৰান্ত 716 জন চৰ্মৰোগীৰ তথ্য সংগ্ৰহ কৰিছে গৱেষকসকলে ৷ গৱেষণাগাৰত পৰীক্ষা কৰাত ইয়াৰে 171 গৰাকীৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে ৷ গৱেষণাগাৰত নিশ্চিত হোৱা এই ৰোগীসকলৰ অধিকাংশৰে চালত দেখা পোৱা গৈছে বসন্তসদৃশ ৰোগ৷ 22 শতাংশ ৰোগীৰ দেহত এই লক্ষণ দেখা পোৱা গ'ল ৷ কৰ'ণা ভাইৰাছৰ সাধাৰণ লক্ষণ প্ৰত্যক্ষ কৰাসকলৰ দেহতে চালৰ এই ৰোগ প্ৰত্যক্ষ কৰা হয় ৷

ইয়াৰ পাচতে সাধাৰণতে প্ৰত্যক্ষ কৰা এন্য এক লক্ষণ হৈছে আঙুলিৰ মূৰত প্ৰত্যক্ষ কৰা ৰঙা অথবা বেঙুনীয়া খজুৱতি ৷ পঞ্জীয়নকৃত ৰোগীৰ 18 শতাংশৰে এই ৰোগ প্ৰত্যক্ষ কৰা হৈছে ৷ ফ্ৰিমেনে কয়, "COVID লক্ষণ দেখা পোৱাৰ সময়তে অথবা ইয়াৰ পাচতে এই চালৰ ৰোগ দেখা পোৱা গৈছে যদিও 12 শতাংশৰে COVID-19 ৰ প্ৰথমটো লক্ষণ হৈছে চালৰ এই ৰোগ ৷ সেয়েহে সাৱধান হৈ থকা অতি জৰুৰী ৷ এনে ধৰণৰ লক্ষণে দেখা দিলে অতি সোনকালে চিকিৎসকৰ ওচৰ চপা ভাল ৷"

লগতে পঢ়ক : ধীৰুভাই আম্বানীৰ জ্যেষ্ঠ ভাতৃ ৰামনিকভাইৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.