ETV Bharat / international

ক'ভিড-19 ৰিলিফ বিলত স্বাক্ষৰ কৰাৰ বাবে ট্ৰাম্পক বাইডেনৰ হেঁচা - president elect biden pushes trump to sign covid 19 relief bi

কংগ্ৰেছৰ দ্বাৰা অনুমোদিত 2.3 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক পেকেজত স্বাক্ষৰ প্ৰদানৰ বাবে অস্বীকাৰ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ ৷ তাৎক্ষণিকভাৱে ক'ভিড-19 ৰিলিফ বিলত স্বাক্ষৰ কৰাৰ বাবে ট্ৰাম্পক বাইডেনৰ হেঁচা প্ৰয়োগ ৷ ৰিলিফ বিলক লৈ সন্তুষ্ট নহয় ট্ৰাম্প ৷ বিলখনত কিছু সালসলনিৰ আহ্বান ৷

President-elect Biden pushes Trump
ক'ভিড-19 ৰিলিফ বিলত স্বাক্ষৰ কৰাৰ বাবে ট্ৰাম্পক বাইডেনৰ হেঁচা
author img

By

Published : Dec 27, 2020, 12:56 PM IST

নেচনেল ডেস্ক, 27 ডিচেম্বৰ : ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দায়িত্ব ত্যাগ কৰাৰ অভিযোগ উত্থাপন কৰি সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে বিদায়ী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ক'ভিড-19 ৰ এখন ৰিলিফ বিলত তৎকালিনভাৱে স্বাক্ষৰ প্ৰদান কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰে ৷

এক বিজ্ঞপ্তিৰ জৰিয়তে বাইডেনে অভিযোগ কৰে যে ৰাষ্ট্ৰখনৰ বিপুল সংখ্যাগৰিষ্ঠতাত কংগ্ৰেছে অনুমোদন জনোৱা এক অৰ্থনৈতিক ৰিলিফ বিলত বিদায়ী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে স্বাক্ষৰ কৰাৰ বাবে অস্বীকাৰ কৰে ৷ দুয়োটা দলৰ সদস্য সকলে ট্ৰাম্পক 2.3 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ এই আৰ্থিক পেকেজত স্বাক্ষৰ প্ৰদান কৰিবৰ বাবে ট্ৰাম্পক হেঁচা প্ৰয়োগ কৰাৰ পাছতেই এই কথা সকলোৱে জানিবলৈ সক্ষম হয় ৷ সংযুক্ত ৰাষ্ট্ৰৰ কংগ্ৰেছে বহু পূৰ্বেই সংখ্যাগৰিষ্ঠ সমৰ্থনৰ সৈতে এই বিলখনত অনুমোদন জনাইছিল যদিও বিলখনত ট্ৰাম্পে অসন্তুষ্টি প্ৰকাশ কৰি কিছু সালসলনি কৰিবৰ বাবে আহ্বান জনায় ৷

বিলখনত তাৎক্ষণিকভাৱে স্বাক্ষৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি বাইডেনে লগতে কয় যে এই বিলখনত অতি সোনকালে স্বাক্ষৰ কৰাটো অতি প্ৰয়োজন ৷ তেওঁ কয় যে এই বিলখনৰ কাম কৰাটোৱে হৈছে অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে নতুন বছৰটোত ল'ব লগীয়া প্ৰাৰম্ভিক পদক্ষেপ ৷

ট্ৰাম্পে দায়িত্বক আওকাণ কৰা এই কাৰ্যৰ ফলত যথেষ্ট বিপৰ্যয়ৰ সৃষ্টি হ'ব বুলি অভিযোগ উত্থাপন কৰি বাইডেনে কয় যে, এই কাৰ্যৰ ফলতে এতিয়া প্ৰায় 10 মিলিয়ন আমেৰিকানে নিবনুৱা বীমাৰ লাভালাভৰ পৰা বঞ্চিত হ'ব ৷ মাত্ৰ কেইদিনমানৰ ভিতৰতে চৰকাৰী পুঁজিৰ ম্যাদ শেষ হ'ব যাৰ পৰিণতিত সামৰিক কৰ্মী সকলক বেতন আৰু গুৰুত্বপূৰ্ণ সেৱা প্ৰদান কৰাতো সমস্যাৰ সৃষ্টি হ'ব ৷

ট্ৰাম্পে তেওঁৰ দলীয় সতীৰ্থৰ সৈতে সহযোগ কৰা উচিত বুলি মন্তব্য কৰি বাইডেনে কয় যে নৱেম্বৰ মাহতেই আমেৰিকান লোকসকলে স্পষ্টৰূপে কৈছিল যে এতিয়া সকলোৱে দলীয় মতভেদ পাহৰি আপোচবিহীন ভাৱে পাৰস্পৰিক বুজাপৰাৰে এক দ্বিপাক্ষিক সিদ্ধান্ত লোৱা উচিত ৷ কংগ্ৰেছৰ সদস্য সকলে ৰাইজৰ এই আহ্বানৰ প্ৰতি দিয়া সহাৰি দেখি অভিভূত হৈ পৰা মন্তব্য কৰি বাইডেনে লগতে কয় যে ট্ৰাম্পেও সতীৰ্থ সকলৰ সৈতে সহযোগ কৰা উচিত ৷

লগতে পঢ়ক:বৰদিনৰ পুৱা আমেৰিকাৰ নাছভিলে চহৰত বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.