ETV Bharat / international

চীন ভাৰত সীমান্ত সংঘাতক লৈ ভাল মেজাজত নাই নৰেন্দ্ৰ মোডীঃ ড'নাল্ড ট্ৰাম্প - চীন ভাৰত সীমান্ত সংঘাত বাতৰি

ভাৰত আৰু চীনৰ মাজত ডাঙৰ সংঘাতৰ সৃষ্টি হৈছে । দুয়োখন দেশৰে সামৰিক বাহিনী যথেষ্ট শক্তিশালী । ভাৰত আৰু চীন দুয়ো দেশেই এই বিষয়ক লৈ সুখী নহয় । মই এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিছো । তেখেত ভাল মেজাজত নাই- ড'নাল্ড ট্ৰাম্প ।

PM Modi not in 'good mood' over border row with China: Trump
চীন ভাৰত সীমান্ত সংঘাতক লৈ ভাল মেজাজত নাই নৰেন্দ্ৰ মোডীঃ ড'নাল্ড ট্ৰাম্প
author img

By

Published : May 29, 2020, 5:05 PM IST

ইন্টাৰনেশ্যনেল ডেক্স,29 মেঃ ভাৰত আৰু চীন সীমান্তত বিগত কিছু দিন ধৰি চলি থকা উত্তেজনা হ্ৰাস কৰাৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে, মই এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিছো যদিও এই সংঘাতক লৈ ভাল মেজাজত নাই ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী ।

হোৱাইট হাউচৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ট্ৰাম্পে কয় যে, ভাৰত আৰু চীনৰ মাজত ডাঙৰ সংঘাতৰ সৃষ্টি হৈছে । তেখতে আৰু কয় যে, "মই ভাবো যে মোৰ নিজৰ দেশৰ সংবাদ মাধ্যমতকৈ,ভাৰতৰ লোকসকলে মোক বেছি ভাল পায় । আৰু মই মোডীক ভাল পাও । মই আপোনালোকৰ প্ৰধানমন্ত্ৰীক ভাল পাও । তেখেত এগৰাকী ভদ্ৰ লোক ।"

ভাৰত আৰু চীনৰ মাজত ডাঙৰ সংঘাতৰ সৃষ্টি হৈছে । দুয়োখন দেশৰে সামৰিক বাহিনী যথেষ্ট শক্তিশালী । ভাৰত আৰু চীন দুয়ো দেশেই এই বিষয়ক লৈ সুখী নহয় । মই এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিছো । তেখেত ভাল মেজাজত নাই ।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে বুধবাৰে এক টুইটযোগে কৈছিল যে, তেখতে ভাৰত আৰু চীনৰ মাজত চলি থকা উত্তেজনপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ সাজু আছে ।

আনহাতে, সীমান্ত উত্তেজনা সন্দৰ্ভত চীনৰ সৈতে শান্তিপূৰ্ণভাৱে সকলো সমাধান কৰাৰ বাবে সাজু আছো বুলি এক অনলাইন সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ।

আনহাতে, ট্ৰাম্পৰ টুইট সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই চীনে । কিন্তু দেশ খনত প্ৰচলিত গ্ল'বেল টাইমছৰ 'Op-Ad' এ কয় যে, দুয়োখন দেশকে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ পৰা এনে ধৰণৰ সহায়ৰ প্ৰয়োজন নাই । সীমান্ত সংঘাতসমূহ দুয়োখন দেশৰে মাজত দ্বি-পাক্ষিকভাৱে সমাধান কৰা হ'ব । এই ক্ষেত্ৰত দুয়োখন দেশেই আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা সাৱধানে থকা উচিত ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ সমস্যাক লৈ মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিছিল । কিন্তু তেখেতৰ এই প্ৰস্তাৱ নতুন দিল্লীয়ে নাকচ কৰে ।

পূৱ লাডাখত পৰিস্থিতি বেয়া হৈ পৰে যেতিয়া 5 মে'ৰ সন্ধিয়া 250 গৰাকী চীন আৰু ভাৰতীয় সৈন্য মুখামুখী সমঘৰ্ষত লিপ্ত হৈছিল । ইয়াৰ পিছদিনাখন দুয়ো দেশৰে শীৰ্ষ বিষয়াসকলৰ আলোচনাৰ অন্তত সন্মতিমৰ্মে উভয় পক্ষই পিছুৱাই আহিবলৈ মান্তি হয় । এই সংঘৰ্ষত প্ৰায় 1000ত কৈও অধিক ভাৰতীয় আৰু চীনা সৈন্য আঘাতপ্ৰাপ্ত হয় ।

ইয়াৰ পিছতে 9 মে'ত পাংগঙত অনুৰূপ ঘটনা সংঘটিক হয় । 9 মে'ত ছিকিমৰ নাকু-লা-পাছত 150 গৰাকী চীন আৰু ভাৰতীয় সৈন্য মুখামুখী সংঘৰ্ষত লিপ্ত হয় । এই সংঘৰ্ষত দুয়ো দেশৰে প্ৰায় 10 গৰাকী সৈন্য গুৰুতৰভাৱে আহত হয় ।

ভাৰত আৰু চীনৰ সীমান্ত সংঘাতে প্ৰায় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ 3,488 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লয় । চীনে অৰুনাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰাৰ বিপৰীতে ভাৰতে ইয়াৰ বিৰোধীতা কৰে ।

উভয় পক্ষই সীমাৰ সমস্যাটোৰ চূড়ান্ত সমাধানৰ সমান্তৰালকৈ দুয়ো দেশৰে সীমান্ত অঞ্চসমূহত শান্তি বজাই ৰখা প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছে ।

লগতে পঢ়ক- সত্তীশগড়ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অজিত যোগীৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.