নিউজ ডেস্ক, 25 মে': আমেৰিকাত COVID-19 ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা 1 লাখৰ কাষ চাপিছে । সেয়ে 1000 লোকৰ নাম প্ৰকাশ কৰি COVID-19 নিহতসকলৰ নাম নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাটো সমৰ্পন কৰিছে কাকতখনে । দেওবাৰৰ সংস্কৰণটো তেওঁলোকে এইদৰে প্ৰকাশ কৰে ।
তেওঁলোকে শিৰোনাম ৰাখিছিল "US ত মৃত্যুৰ সংখ্যা 100000 ওচৰ, এক অপূৰণীয় ক্ষতি" । তাৰ লগতে উপ শিৰোনামত লিখিছিল "তেওঁলোক কেৱল এই তালিকাতেই নাছিল, আমাৰ লগতো আছিল" ।
আমেৰিকাৰ উৎসস্থল নিউয়ৰ্কত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা আছিল 3,85,000 আৰু মৃত্যু হৈছিল 23,195 গৰাকীৰ । আনহাতে নিউয়ৰ্ক চহৰত আক্ৰান্তৰ সংখ্যা আছিল 1,97,000 আৰু মৃতকৰ সংখ্যা আছিল 16,149 । দেওবাৰলৈ আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা 16,22,670 আৰু মৃত্যুৰ সংখ্যা 97,087 গৰাকী ।