ETV Bharat / international

আমেৰিকাৰ তিনি অৰ্থনীতিবিদলৈ অৰ্থনীতি নবেল বঁটা

author img

By

Published : Oct 11, 2021, 10:32 PM IST

তিনিগৰাকী আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ অৰ্থনীতিবিদে লাভ কৰিলে 2021 বৰ্ষৰ অৰ্থনীতি নবেল বঁটা ৷ নবেল বঁটা লাভ কৰা অৰ্থনীতিবিদ কেইজন ক্ৰমে, বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডেভিদ কাৰ্ড, মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ যচোৱা এংৰিষ্ট আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গুইডো ইমবেন্স ৷

Nobel Prize in economics goes to natural experiments pioneers
আমেৰিকাৰ তিনি অৰ্থনীতিবিদলৈ অৰ্থনীতি নবেল বঁটা

নিউজ ডেস্ক, 11 অক্টোবৰ : তিনিগৰাকী আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ অৰ্থনীতিবিদে লাভ কৰিলে 2021 চনৰ অৰ্থনীতি নবেল বঁটা ৷ নূন্যতম মজুৰি, প্ৰব্ৰজন আৰু শিক্ষাৰ শ্ৰমিক বজাৰৰ প্ৰভাৱৰ ওপৰত অগ্ৰণী গৱেষণা আৰু পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰা এনে অধ্যয়নৰ পৰা সিদ্ধান্ত লোৱাৰ বাবে বৈজ্ঞানিক পৰিকাঠামো সৃষ্টি কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিবিদক দিয়া 2021 নবেল বঁটা ৷

নবেল বঁটা লাভ কৰা অৰ্থনীতিবিদ কেইজন ক্ৰমে, বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডেভিদ কাৰ্ড, মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ যচোৱা এংৰিষ্ট আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গুইডো ইমবেন্স ৷ ডেভিদ কাৰ্ড কানাডিয়ান মূলৰ ব্যক্তি হোৱাৰ লগতে গুইডো ইমবেন্স ডাচ্চ মূলৰ ব্যক্তি ৷

উল্লেখ্য যে, ১৯৬৮ চনৰ পৰাহে অৰ্থনীতিৰ নবেল বঁটা প্ৰদান কৰা হৈছে ৷ প্ৰথম অৱস্থাত অৰ্থনীতিৰ নবেল বঁটা আলফ্ৰেড নবেলৰ ইচ্ছাপত্ৰ অনুসৰি প্ৰদান কৰা হোৱা নাছিল । ১৯৬৮ চনত চুইডিছ কেন্দ্ৰীয় বেংকে আলফ্ৰেড নবেলৰ স্মৃতিত এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰে ।

লগতেল পঢ়ক: ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.