ETV Bharat / international

নাছাৰ মাৰ্চ ৰোভাৰ পেৰাছুটত গোপন বাৰ্তা

author img

By

Published : Feb 24, 2021, 9:56 PM IST

চিষ্টেম অভিযন্তা ইয়ান ক্লাৰ্কে ৭০ ফুট পেৰাছুটৰ কমলা আৰু বগা পটিবোৰত "ডেৰ মেটি থিয়ংছ" শব্দৰে এটা বাইনেৰী কোড ব্যৱহাৰ কৰিছিল । তেওঁ কেলিফৰ্ণিয়াৰ পাচাদেনাৰ জেট প্ৰপালচন লেবৰেটৰীত অভিযানৰ মুখ্য কাৰ্যালয়ৰ বাবে জিপিএছ স্থানাঙ্কও অন্তৰ্ভুক্ত কৰিছিল ।

নাছাৰ মাৰ্চ ৰোভাৰ পেৰাছুটত গোপন বাৰ্তা
নাছাৰ মাৰ্চ ৰোভাৰ পেৰাছুটত গোপন বাৰ্তা

নিউজ ডেস্ক,২৪ ফেব্ৰুৱাৰী: মঙল গ্ৰহত অৱতৰণ কৰা বিশাল পেৰাছুটত নাছাই ব্যৱহাৰ কৰা এটা গোপন বাৰ্তাই এতিয়া আকৰ্ষণ কৰিছে একাংশ মহাকাশ অনুৰাগীক । চিষ্টেমৰ অভিযন্তা ইয়ান ক্লাৰ্কে দুবছৰ আগতে ধাৰণাটো লৈ আহিছিল । এই গোপন বাৰ্তাৰ ধাৰণাতো তেওঁ অতি আনন্দৰ বস্তু বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত । ক্লাৰ্কৰ মতে, বৃহস্পতিবাৰৰ অৱতৰণৰ আগতে এনকোড কৰা বাৰ্তাৰ বিষয়ে কেৱল ছয়জন লোকেই জানিছিল ।

সোমবাৰে এক সংবাদমেলৰ সময়ত টিজাৰ উলিয়াই দিয়াৰ আগতে তেওঁলোকে পেৰাছুটৰ ছবিবোৰ অহালৈকে অপেক্ষা কৰিছিল । ক্লাৰ্কে জনোৱা মতে গোপন বাৰ্তাৰ ৰহস্য উলিয়াবলৈ মহাকাশ অনুৰাগীসকলে মাত্ৰ কেইঘণ্টামান সময় লৈছিল । সেয়ে পৰৱৰ্তী সময়ত তেওঁ আৰু বেছি সৃষ্টিশীল হ'ব লাগিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:নিমিষতে ধ্বংসস্তূপত পৰিণত ডনাল্ড ট্ৰাম্পৰ কেচিন'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.