ইন্টাৰনেশ্যনেল ডেস্ক. 13 এপ্ৰিলঃ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থকা নাছাৰ তিনি গৰাকী মহাকাশচাৰীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত, বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰকোপ আৰু এপ'ল'-13ৰ 50 তম বাৰ্ষিকীৰ সন্দৰ্ভত প্ৰতিফলিত কৰে ।
নাছাৰ ক্ৰিছ কেছিডি, ৰাছিয়াৰ এনাটলী ইভানিশ্বিন আৰু ইভান ভাগনেৰে কাজাখাস্তানৰ পৰা উৎক্ষেপন কৰা 6 ঘন্টাৰ পিচত অ'ৰবিটত সোমায় ।
তেওঁলোকে কয়, "9 মাহ আগতে যেতিয়া আমি মহাকাশলৈ গৈছিলো তেতিয়া আমি ভাবিছিলো যে আমি কোৱাৰেণ্টাইনত থাকিম । কিন্তু আমি ভৱা নাছিলো যে 9 মাহ পিচত সমগ্ৰ পৃথিৱীয়েই কোৱাৰেণ্টাইনত থাকিব ।"
তেওঁলোকে দুগৰাকী আমেৰিকান মহাকাশচাৰী জেচিকা মেইৰ আৰু এন্ড্ৰিউ ম'ৰগানৰ লগতে এগৰাকী ৰাছিয়ান মহাকাশচাৰীৰ সৈতে যোগ দিয়ে । যিসকল প্ৰায় এসপ্তাহৰ পিচতে পৃথিৱীলৈ ঘূৰি আহে । তাৰ পৰা ঘূৰি আহিয়েই মেইৰে উল্লেখ কৰে যে, পৰিয়ালৰ পৰা দূৰত থকাটো তেওঁলোকৰ বাবে বাৰুকৈয়ে কঠিন ।
কৰ'ণা ভাইৰাছে সমগ্ৰ মিছন কন্ট্ৰল অপাৰেশ্যনত এক পৰিৱৰ্তন অনা সত্বেও তেওঁ কয় যে, তেওঁ দলৰ সদস্যসকলৰ সৰলতা আৰু পেছাগত আচৰণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে । তেওঁলোক সুৰক্ষিতভাৱেই পৃথিৱীলৈ উভতি যাবলৈ লৈছে, যেনেদৰে তেওঁলোকৰ পূৰ্বজ সকলে 50 বছৰ আগতে গৈছিল ।
যেতিয়াই কেছিডি, ইভানিশ্বিন আৰু ভাগনেৰে একাদিক্ৰনে মহাকাশ কেন্দ্ৰত সোমাই, তেতিয়া নতুন মহাকাশচাৰী সকলে তেওঁলোকক সম্ভাষণ লয় ।
লগতে পঢ়কঃ COVID 19: জাতীয় দায়িত্ব পালন কৰিলে হায়দৰাবাদ বিমান বন্দৰে