ETV Bharat / international

কমলা হেৰিছৰ মনোনয়নকলৈ উৎসাহী নহয় নতুন দিল্লী

author img

By

Published : Aug 15, 2020, 9:20 AM IST

বিদেশৰ যিকোনো স্থানতে হওঁক, ভাৰতীয় বা ভাৰতীয় মূলৰ কোনো লোকৰ সফলতাক গৌৰৱেৰে আঁকোৱালি লোৱাটো ভাৰত চৰকাৰৰ এক প্ৰকাৰৰ পৰম্পৰালৈ পৰিগণিত হৈছে । আমেৰিকাৰ ৰাজনৈতিক দলৰ পৰা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মনোনয়ন লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা তথা ভাৰতীয় মূলৰ প্ৰথমগৰাকী লোক হিচাপে কমলা হেৰিছকলৈ ভাৰত চৰকাৰে নীৰৱতা অৱলম্বন কৰাটো আশ্চৰ্যকৰ ।

Kamala Harris nomination does not thrill government in New Delhi
কমলা হেৰিছৰ মনোনয়নকলৈ উৎসাহী নহয় নতুন দিল্লী

-নীলভা ৰয় চৌধুৰী

বিদেশৰ যিকোনো স্থানতে হওঁক, ভাৰতীয় বা ভাৰতীয় মূলৰ কোনো লোকৰ সফলতাক গৌৰৱেৰে আঁকোৱালি লোৱাটো ভাৰত চৰকাৰৰ এক প্ৰকাৰৰ পৰম্পৰালৈ পৰিগণিত হৈছে । আমেৰিকাৰ ৰাজনৈতিক দলৰ পৰা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মনোনয়ন লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা তথা ভাৰতীয় মূলৰ প্ৰথমগৰাকী লোক হিচাপে কমলা হেৰিছকলৈ ভাৰত চৰকাৰে নীৰৱতা অৱলম্বন কৰাটো আশ্চৰ্যকৰ ।

হেৰিছে গৌৰৱেৰে তেওঁৰ বংশোদ্ভৱৰ বিষয়ে আৰু তেওঁৰ ভাৰতীয় মাতৃৰ পৰা লাভ কৰা শিক্ষাৰ কথা প্ৰকাশ কৰে । তেওঁৰ মাতৃ আছিল তামিলনাডুৰ পৰা প্ৰব্ৰজিত প্ৰথমটো প্ৰজন্মৰ সদস্য । নৱেম্বৰৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা তীব্ৰ উৎকন্ঠাই বিৰাজ কৰিছে । কিয়নো এই নিৰ্বাচনে নিৰ্ধাৰণ কৰে পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৰ দায়িত্ব পালন কৰিব লগা লোকজনক । কেৰিবিয়ান, পৰ্তুগাল, আয়াৰলেণ্ড, ছিংগাপুৰ, ফিজি, মৰিচাছ আদিত ভাৰতীয় বংশোদ্ভৱ শীৰ্ষ নেতা আছে । আমেৰিকাত ভাৰতীয় বংশোদ্ভৱ এগৰাকী উপ-ৰাষ্ট্ৰপতি লাভ কৰাৰ সম্ভাৱনা প্ৰৱল আৰু এই বিষয়টোৱে সংবাদ মাধ্যম বা ভাৰত আৰু আমেৰিকাৰ বিভিন্ন পক্ষৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ।

কিন্তু, এই বিষয়টোৰ পৰা ভাৰত চৰকাৰে দূৰত্বত অৱস্থান কৰাৰ কেইবাটাও কাৰণ থাকিব পাৰে । ইয়াৰ এটা কাৰণ হ’ব পাৰে ভাৰত চৰকাৰৰ ট্ৰাম্পৰ সৈতে থকা ঘনিষ্ঠতা আৰু ট্ৰাম্প চৰকাৰক ভাৰতৰ কল্যাণকামী বুলি প্ৰতিষ্ঠা কৰাৰ অবিৰত চেষ্টা । ভাৰতৰ সৈতে বৃদ্ধি পোৱা ঘনিষ্ঠ সম্পৰ্ক মূলতঃ দুই দলীয় প্ৰচেষ্টাহে । ইয়াত ৰিপাব্লিকান আৰু ডেমক্ৰেটিক দুয়ো পক্ষৰে অৱদান আছে । তেনেস্থলত ভাৰতে ট্ৰাম্পক প্ৰায় মুকলিকৈ সমৰ্থন কৰা কাৰ্যক ডেমক্ৰেটিক দলে সহজে মানি ল’ব পৰা নাই । দলটোৰ বহু নেতাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে লোৱা কিছুমান সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । তাৰে ভিতৰত জম্মু আৰু কাশ্মীৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ আৰু নাগৰিকত্ব সংশোধনী আইন । পূৰ্বৰ ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু নৰেন্দ্ৰ মোদীৰ মাজত থকা সুসম্পৰ্কৰ সত্বেও এই তিক্ততাৰ সৃষ্টি হৈছে ।

জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতিক লৈ তীব্ৰ সমালোচনা কৰা নেতাসকলৰ ভিতৰত হেৰিছো অন্যতম । আনকি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত জম্মু-কাশ্মীৰ সন্দৰ্ভত আমেৰিকাৰ সংসদৰ বৈদেশিক সম্পৰ্ক সমিতিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এক বৈঠকত মিলিত হোৱাতো তেওঁ প্ৰতিবাদ কৰিছিল । আনকি ইয়াৰ বহু আগেয়ে যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত হিউষ্টনত অনুষ্ঠিত 'হাউডী মোদী' অনুষ্ঠানত উপস্থিত থকাৰ পৰা হেৰিছ বিৰত থাকে । ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ চিন স্বৰূপে ট্ৰাম্পে বহুসংখ্যক ভাৰতীয় মূলৰ সাংসদকলৈ নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠানটোত ভাগ লৈছিল ।

নতুন দিল্লীৰ এক সূত্ৰৰ পৰা জানিবলৈ পোৱামতে ট্ৰাম্পৰ সঘনাই পৰিৱৰ্তন হৈ থকা স্থিতিৰ বাবে ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বাইডেনৰ সহযোগী হিচাপে হেৰিছক সমৰ্থন কৰিবলৈ সংকোচ কৰিছে । তেনে ক্ষেত্ৰত মোদী চৰকাৰে ট্ৰাম্পক সহজে অসন্তুষ্ট কৰিব খোজা নাই । কিয়নো বাণিজ্যৰ জি এছ পিত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ বাবে ৱাশ্বিংটনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

ইয়াৰ লগতে সীমান্তত চলি থকা অশান্তি আৰু ভাৰতৰ ভূখণ্ডত পাকিস্তানে স্বত্ব দাবী কৰাৰ ক্ষেত্ৰত চীনে সমৰ্থন কৰি অহাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আমেৰিকাৰ চৰকাৰক মুকলিকৈ সমৰ্থন কৰাটোৱেই মংগল বুলি অনুভৱ কৰে ।

ইয়াৰোপৰি ৰিপাব্লিকানসকলতকৈ ডেম’ক্ৰেটসকলে মানৱ অধিকাৰ, ধৰ্মীয় স্বাধীনতা আদিৰ পক্ষত অধিকভাৱে মাত মাতি আহিছে । এই দুয়োটা বিষয়ে নতুন দিল্লীক কিছু পৰিমাণে বিব্ৰত কৰিব পাৰে । কিয়নো চৰকাৰখনে সমালোচনাক সহজভাৱে নলয় । যিহেতু ডেম’ক্ৰেটসকল পৰিৱেশ আৰু গোলকীয় উষ্ণতা বৃদ্ধি আদি বিষয়ত সচেতন, গতিকে শেহতীয়াকৈ খচৰা প্ৰকাশ কৰা ই আই একলৈ তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিব পাৰে ।

গতিকে কমলা হেৰিছৰ মনোনয়ন ভাৰতৰ বাবে বেছি সুবিধাজনক হ’ব বুলি বিশেষ কোনো আশা নাই । আনকি যদিও কিছু সমস্যাৰ সৃষ্টি হৈছিল তাক চৰকাৰে সঠিকভাৱে নিয়ন্ত্ৰণ কৰিছে । 'হাউডী মোদী' অনুষ্ঠানটোৰ জৰিয়তে মূলতঃ আমেৰিকাত থকা ভোটাৰসকলক ট্ৰাম্পৰ বাবে ভোটদান কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে । ইয়াৰ লগতে আহমেদাবাত অনুষ্ঠিত 'নমস্তে ট্ৰাম্প' অনুষ্ঠানত ট্ৰাম্পক ভাৰতৰ প্ৰকৃতাৰ্থত এগৰাকী মিত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হৈছিল । আনহাতে, বাইডেনৰ উপ-ৰাষ্ট্ৰপতি হিচাপে হেৰিছক প্ৰক্ষেপ কৰাত আমেৰিকাত বাস কৰা ভাৰতীয়সকল আনন্দিত হৈ পৰিছে । ইয়াৰে বহুতে কেলিফৰ্নিয়াৰ ছিনেটৰগৰাকীক আদৰি লৈছে ।

ভাৰত চৰকাৰে সাধাৰণতে ইয়াৰ প্ৰবাসী সমাজখনকলৈ গৌৰৱ প্ৰদৰ্শন কৰে । ৩০ মিলিয়ন প্ৰবাসী ভাৰতীয়ৰ এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক । তদুপৰি বিশ্বৰ চুকে-কোণে ভাৰতীয় বা ভাৰতীয় মূলৰ লোক সিঁচৰিত হৈ আছে । তেওঁলোকে ভাৰতৰ অৰ্থনীতিলৈ প্ৰায় ৮০ বিলিয়ন ডলাৰৰ অৱদান আগবঢ়ায় । ৰাষ্ট্ৰ গঠনত এইসকল ভাৰতীয়ৰ অৱদান অনবদ্য । তেওঁলোকৰ এই অৱদানক বাৰ্ষিক প্ৰবাসী ভাৰতীয় দিৱস আৰু পুৰস্কাৰেৰে সন্মান জনোৱা হয় ।

প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ ভাৰতীয়সকলে বৃত্তি, বিদ্যায়তনিক ক্ষেত্ৰ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যমিতা বিকাশ আদিত আমেৰিকাত সফলতাৰে আগবাঢ়ি গৈছে । আন প্ৰব্ৰজনকাৰী সমাজৰ তুলনাত অধিক শিক্ষা আৰু সম্পদ থকা ভাৰতীয় বংশোদ্ভৱ লোকৰ সংখ্যা প্ৰায় ৪ মিলিয়ন । তেওঁলোকে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্কই নহয়, সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাতো আগভাগ লৈছে ।

সুন্দৰ পিছাই, সত্য নাদেলা বা কেলিফৰ্নিয়াৰ ছিলিকন ভেলীত গুগল, মাইক্ৰছফট, এডোবি, আই বি এম আদিত কৰ্মৰত লোকসকলক তেও এওঁলোকৰ কৃতিত্ব আৰু ভাৰতৰ সৈতে থকা সুযোগৰ বাবে প্ৰশংসা কৰা হয় । তাত এটা কথা স্পষ্ট যে, উদ্যমিতাই ভাৰত আৰু আমেৰিকাৰ অৰ্থনৈতিক প্ৰগতিক ত্বৰান্বিত কৰিব পাৰে । শেহতীয়াকৈ অভিজিত বেনাৰ্জীক নবেল বঁটাৰে সন্মান প্ৰদান কৰা হৈছে ।

কিন্তু কমলা হেৰিছৰ মনোনয়নৰ ক্ষেত্ৰত ভাৰতৰ পৰা এটাও অভিনন্দনসূচক শব্দ কোৱা নাই ।

লগতে পঢ়ক : অৰুণাচলৰ গৰিচেন পিকত ভাৰতীয় সেনাই উত্তোলন কৰিলে জাতীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.