ETV Bharat / international

হৃদৰোগে আনিব পাৰে কোভিড-19 ৰোগীলৈ সংকট : জন হপকিনছ প্ৰতিষ্ঠানৰ গৱেষণা - হৃদৰোগে আনিব পাৰে কোভিড-19 ৰোগীলৈ সংকট

হৃদৰোগে আনিব পাৰে কোভিড-19 ৰোগীলৈ সংকট ৷ জন হপকিনছ প্ৰতিষ্ঠানৰ গৱেষণাত উল্লেখ ৷

হৃদৰোগে আনিব পাৰে কোভিড-19 ৰোগীলৈ সংকট
জন হপকিনছ প্ৰতিষ্ঠানৰ গৱেষণা
author img

By

Published : May 21, 2020, 7:22 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 21 মে': কোভিড-19 ৰোগীৰ হৃদৰোগ সম্ভাৱনীয়তাৰ ওপৰত সম্পূৰ্ণ গৱেষণা চলাব মেৰিলেণ্ডত অৱস্থিত জন হপকিনছ ইউনিভাৰ্ছিটী স্কুলছ অৱ ইঞ্জিনিয়াৰিং এণ্ড মেডিচিন শীৰ্ষক প্ৰতিষ্ঠানে ৷ মেছিন লাৰ্নিং পদ্ধতিৰ জন হপকিনছৰ গৱেষকসকলে চলোৱা এই গৱেষণাত কোভিড-19 আক্ৰান্ত ৰোগীৰ হৃদৰোগ, অস্বাভাৱিক হৃদযন্ত্ৰৰ ক্ৰিয়া আৰু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বিষয়ৰ ওপৰত বিশেষকৈ পৰ্যালোচনা চলাব ৷

জন হপকিনছৰ এই গৱেষণাৰ বাবে নেশ্যনেল ছায়েন্স ফাউণ্ডেছনে 1,95,000 ডলাৰ ক্ষীপ্ৰ সঁহাৰি গৱেষণা অনুদান শিতানত ধাৰ্য কৰিছে ৷ গৱেষকসকলে জনাইছে যে, কোভিড-19 আক্ৰান্ত ৰোগীৰ শৰীৰত হৃদৰোগৰ সম্ভাৱনীয়তা সৰ্বাধিক হোৱা হেতুকে এই সম্পৰ্কত তেনে ৰোগীক চিনাক্ত কৰাটো নিতান্তই আৱশ্যক ৷ শেহতীয়া কোভিড আক্ৰান্ত ৰোগীৰল বিশ্লেষণত এই তথ্য পোহৰলৈ আহিছে ৷

জন হপকিনছ বিশ্ববিদ্যালয়ৰ জৈৱ স্বাস্থ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক মুৰে. বি. চাচ্ছ আৰু এই বিশেষ প্ৰকল্পৰ মুখ্য গৱেষক নাটালিয়া তাৰায়ানোভাই উল্লেখ কৰে যে, এই প্ৰকল্পই চিকিৎসক সকলক আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত লাভ কৰিবলগীয়া আপাতকালীন আৰু প্ৰাথমিক সংকেত প্ৰদান কৰিব আৰু ই আৱশ্যকীয় ব্যৱস্থাপনাৰ বাবে সজাগ কৰিব ৷

জন হপকিনছ হেল্থ চিষ্টেমে প্ৰায় 300 ৰো অধিক কোভিড-19 ৰোগীৰ পৰা তথ্য সংগ্ৰহ কৰিব ৷ এই তথ্যসমূহৰ ভিতৰত ECG কে ধৰি হৃদৰোগ সম্পৰ্কীয় পৰীক্ষণ তথা হৃদযন্ত্ৰ সঞ্চালন, অক্সিজেনৰ সৰবৰাহৰ লগতে চিটিস্কেনৰ তথ্য আদি সন্নিবিষ্ট হ'ব ৷ এই তথ্যসমূহৰ ভিত্তিত চিকিৎসাৰ পদ্ধতি বিশ্লেষণ কৰা হ'ব ৷

জন হপকিনছ হেল্থ চিষ্টেমে স্বকীয় চিকিৎসালয়ত হৃদৰোগত আক্ৰান্তক কোভিড-19 ৰোগী তথা নিকটৱৰ্তী চিকিৎসালয় সমূহৰ ৰোগীক লৈ এই গৱেষণা তথ্য প্ৰস্তুত কৰিব ৷ গৱেষকসকলে জনোৱা মতে, সংকটপূৰ্ণ স্থিতিলৈ যাবলগীয়া বা তেনে স্থিতিত উপনীত হ'ব পৰা কোভিড-19 ৰোগীৰ ক্ষেত্ৰত 24 ঘন্টা পূৰ্বেই সকলো সম্ভাৱনীয়তাৰ সংকেত লাভ কৰিব ৷

গৱেষক, সহযোগী চিকিৎসক এলিচন জি. হেইয়ে একমত প্ৰকাশ কৰি কয় যে, কোভিড-19 ৰোগীৰ ক্ষেত্ৰত হৃদৰোগৰ নতুন সমস্যাটো আহৰণ কৰাৰ বাবে যি ব্যৱধান সম্প্ৰতি বিদ্যমান হৈ আছে সিয়ে জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷

এই গৱেষণাই কোভিড-19 ৰোগীৰ ক্ষেত্ৰত সম্ভাব্য হৃদৰোগ সম্পৰ্কে দিশ নিৰ্দেশনা প্ৰদান কৰিব ৷ গৱেষকসকলে এই ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱাৰ পাচতেই চিকিৎসা প্ৰতিষ্ঠানসমূহে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.