ইন্টাৰনেশ্যনেল ডেস্ক, 30 মাৰ্চ : সমগ্ৰ বিশ্বই কোভিড-19 ৰ আতংকত জৰ্জৰিত হোৱাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাক বিশ্বৰ বিভিন্ন সমাজকৰ্মী আৰু বিশেষজ্ঞসকলে প্ৰশংসা আগবঢ়াইছে ৷
সংবাদ মাধ্যম সম্বোধন কৰি পাকিস্তান অধ্যোষিত কাশ্মীৰ(PoK)ৰ সমাজকৰ্মী আমজাদ আয়ুব মিৰ্জাই মোডীৰ 21 দিনীয়া লকডাউনক প্ৰশংসা কৰি কয় যে, পাকিস্তান, পাকিস্তান অধ্যোষিত কাশ্মীৰ আৰু গিলগিট বালতিস্তানৰ পৰিস্থিতি গুৰুতৰ হোৱাৰ কাৰণ হৈছে ইয়াৰ বাসিন্দাসকলে সামাজিক দূৰত্ব আৰু লকডাউন মানি চলা নাই ৷
তেওঁ কয়, পাকিস্তানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হোৱাৰ কাৰণ হৈছে সু-নেতৃত্ব আৰু সু-পৰিকল্পনাৰ অভাৱ ৷ ইয়াৰোপৰি, কৰ'ণা ভাইৰাছৰ ৰোগীসকলক আইছ'লেচনৰ বাবে পাকিস্তানৰ লৈ পঠিওৱাৰ বাবে এই অঞ্চলটোত ইয়াৰ সংক্ৰমণ বহু পৰিমাণে হোৱাৰ সম্ভাৱনা আছে ৷
ৱাশ্বিংটনস্থিত গিলগিট বালতিস্তানৰ এগৰাকী ৰাজনীতিবিদ ছেংগে ছেৰিঙে কয়, "বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ ভাৰতৰ নেতা নৰেন্দ্ৰ মোডীয়ে আশা কৰাৰ দৰেই গঠনমূলক আৰু সমৰ্থনমূলক ভূমিকা পালন কৰিছে ৷ মোডীৰ 'কোনো নাগৰিকে দূৰ্ভোগ ভূগিব নালাগে' নীতিৰ বাবেই তেওঁ বিৰোধী দলৰো প্ৰশংসা বুটলাৰ লগতে লকডাউনকো সকলোৱে সমৰ্থন কৰিছে ৷"
দেওবাৰ পৰ্যন্ত পাকিস্তানত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 15,000 লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে পঞ্জাৱত 570 জন, সিন্ধত 469 জন, খাইবাৰত 188 জন, বালোচিস্তানত 138 জন পাকিস্তান অধ্য়োষিত কাশ্মীৰ/গিলগিট বালতিস্তানত 118 জন আৰু ইছলামাবাদত 43 জন আক্ৰান্ত হোৱাৰ লগতে 11 জনৰ মৃত্যু হৈছে ৷
আমেৰিকান ইন্টাৰনেট উদ্যোগপতি মাৰ্ক বেনিউফে টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীৰ ভূয়সী প্ৰশংসা আগবঢ়াই কয়, "কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰতৰ দৰে 1.3 বিলিয়ন জনসংখ্যাৰ দেশ এখনত 3 সপ্তাহৰ বাবে বন্ধ ঘোষণা কৰাটো এক বৃহৎ পদক্ষেপ ৷ আমেৰিকাতো আমি এনে নীতি অৱলম্বন কৰাটো বিচাৰো ৷"
ব্ৰিটেইনস্থিত যোগগুৰু এজনে কয়, "ভাৰতে 21 দিনৰ লকডাউন ঘোষণা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও উৰ্ধত অৱস্থান কৰিছে ৷ ভাৰততকৈও কম জনসংখ্যাৰ দেশ হৈও আমেৰিকাত আক্ৰান্তৰ সংখ্যা অধিক ৷ নৰেন্দ্ৰ মোডীৰ পথ প্ৰদৰ্শন আৰু সহানুভূতিক বিশ্বই সন্মান জনোৱা উচিত ৷"
আৰু পঢ়ক :